গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সেউজ শক্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ

পোষ্ট কৰা হৈছে: 18 MAR 2026 2:56PM by PIB Guwahati

গ্ৰীড সংযুক্ত ছাদৰ সৌৰ শক্তি প্ৰকল্প, অফ গ্ৰীড ছাদৰ সৌৰ শক্তি প্ৰকল্প, ইন্ধন কোষ, বায়’গেছ প্লাণ্ট, সৌৰ শক্তিৰে পানী গৰম কৰা আৰু সৌৰ ষ্ট্ৰীট লাইটৰ দৰে সেউজ শক্তিৰ বাবে গৃহ মন্ত্ৰালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) বিভিন্ন চৌহদত গ্ৰীড সংযুক্ত ছাদৰ ওপৰৰ সৌৰশক্তি পেনেল স্থাপন কৰা হৈছে, ইয়াৰ বিৱৰণ তসত দিয়া ধৰণৰ :

১) অসম ৰাইফলছ (AR): ৪৪টা স্থানত ক্ষমতা ২,১৮০ কিলোৱাট।

২) সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ): ০৮টা স্থানত ২,৮৯৫ কিলোৱাট ক্ষমতা।

৩) কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ): ০৪টা স্থানত ১,৯৯০ কিলোৱাট ক্ষমতা।

৪) কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ): ৪২টা স্থানত ১৬,৩৪৮ কিলোৱাট ক্ষমতা।

৫)ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি): ১৩টা স্থানত ৪,০৯২ কিলোৱাট ক্ষমতা।

৬)ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এন এছ জি): ০৫টা স্থানত ১,৫৬৫ কিলোৱাট ক্ষমতা।

৭) সশস্ত্ৰ সীমা বল (SSB): ০৩টা স্থানত ৭৭৮ কিলোৱাট ক্ষমতা।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে  গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।

 

*****

RK/RR/PR/PS/SC/DM


(ৰিলিজ আই ডি : 2241911) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi