নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতীয় এলপিজি কেৰিয়াৰ জাহাজ শিৱালিক আৰু নন্দা দেৱীৰ সাহসী কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
অতিশয় বিপদজনক সাগৰীয় অঞ্চলত প্ৰায় দুসপ্তাহ ধৰি আৱদ্ধ হৈ থকা সময়ত কৰ্মচাৰীসকলে অসাধাৰণ সাহস প্ৰদৰ্শন কৰেঃ সৰ্বানন্দ সোণোৱাল
কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি সৰ্বানন্দ সোণোৱালে নাৱিকসকলক 'বিশ্ব বাণিজ্যৰ অখ্যাত নায়ক' বুলি অভিহিত কৰে
মুন্দ্ৰা আৰু কন্দলা বন্দৰত উপস্থিত হৈ এলপিজি যোগান ধৰিছে ভাৰতীয় জাহাজে
ভাৰতৰ এলপিজি কেৰিয়াৰ জাহাজে মুন্দ্ৰা আৰু কন্দলাত উপস্থিত হৈ অবিৰত ইন্ধন যোগান সুনিশ্চিত কৰিছে
পোষ্ট কৰা হৈছে:
17 MAR 2026 6:37PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ভাৰতীয় এলপিজি কেৰিয়াৰ শিৱালিক আৰু নন্দা দেৱীৰ সাহসী নাৱিকসকলৰ সৈতে বাৰ্তালাপ কৰি আজি গুৰুত্বপূৰ্ণ এলপিজি কাৰ্গো সুৰক্ষিতভাৱে পৰিবহণৰ ক্ষেত্ৰত তেওঁলোকৰ সাহস আৰু দায়িত্ববোধৰ বাবে ৰাষ্ট্ৰৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰে।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱা এই বাৰ্তালাপত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ; জাহাজ পৰিবহণৰ সঞ্চালকপ্ৰধান শ্যাম জগন্নাথন; ভাৰতীয় জাহাজ নিগম অধ্যক্ষ তথা পৰিচালন সঞ্চালক কেপ্টেইন বি.কে. ত্যাগী; শিৱালিকৰ নাৱিক কেপ্তেইন সুখমীট সিং আৰু কেপ্টেইন ধীৰাজ কুমাৰ আগৰৱালৰ লগতে নন্দা দেৱীৰ নাৱিকসকল উপস্থিত থাকে।
নাৱিকসকলক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয় যে এই মত-বিনিময়ৰ জৰিয়তে অতি বিপদজনক সামুদ্ৰিক পৰিৱেশত কাম কৰিও গুৰুত্বপূৰ্ণ এলপিজি যোগানৰ সুৰক্ষিত বিতৰণ সুনিশ্চিত কৰা কৰ্মীসকলৰ প্ৰতি ৰাষ্ট্ৰৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰা হৈছে।
শিৱালিক আৰু নন্দা দেৱীৰ নাৱিকসকলৰ সাহস, নিষ্ঠা আৰু পেছাদাৰী মনোভাৱক স্বীকৃতি দিয়াটো অতিশয় গৌৰৱৰ কথা। আপোনালোকৰ প্ৰচেষ্টাৰ ফলত এলপিজিৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ সুৰক্ষিতভাৱে পাৰ হৈ ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী হৈছে", এইদৰে কয় সৰ্বানন্দ সোণোৱালে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতলৈ যাত্ৰা অব্যাহত ৰখাৰ পূৰ্বে নিৰাপত্তাৰ দিশৰ পৰা উদ্বেগজনক পৰিস্থিতিৰ মাজত দুয়োখন জাহাজে প্ৰায় দুসপ্তাহ ধৰি অতি বিপদজনক অঞ্চলত অৱস্থান কৰি আছিল। সোণোৱালে কয় যে এই প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো কৰ্মীসকলে অসাধাৰণ ধৈৰ্য, সতৰ্কতা আৰু পেছাদাৰী দক্ষতাৰ পৰিচয় দিছে।
ইয়াৰ পূৰ্বে এই দুখন ভাৰতীয় জাহাজে ১৬ আৰু ১৭ মাৰ্চত ভাৰতলৈ অহাৰ পূৰ্বে সুৰক্ষিতভাৱে হৰমুজ প্ৰণালী পাৰ হৈ গৈছিল। পশ্চিম এছিয়াৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতে চৰকাৰে পাৰস্য উপসাগৰীয় অঞ্চলত সামুদ্ৰিক গতিবিধিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। প্ৰায় ৯২,৭১২ মেট্ৰিক টন এলপিজি কঢ়িওৱা শিৱালিক আৰু নন্দা দেৱীয়ে শুকুৰবাৰে অৰ্থাৎ ১৩ মাৰ্চ, ২০২৬ তাৰিখে হৰমুজ প্ৰণালী অতিক্ৰম কৰে।
'নাৱিকসকল বিশ্ব বাণিজ্যৰ অখ্যাত নায়ক। নিজৰ ঘৰ আৰু পৰিয়ালৰ পৰা আঁতৰত থাকি আপোনালোকে অত্যাৱশ্যকীয় সামগ্ৰীবোৰ সুৰক্ষিতভাৱে ইয়াৰ গন্তব্য স্থানত উপনীত হোৱাটো নিশ্চিত কৰে। তেওঁ বিশ্ব যোগান শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত নাৱিকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সম্পূৰ্ণ ভাৰতীয় নাৱিকৰ দ্বাৰা পৰিচালিত ভাৰতীয় জাহাজ দুখনৰ সফল যাত্ৰাই ভাৰতৰ সামুদ্ৰিক কৰ্মশক্তিৰ শক্তি আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি সামুদ্ৰিক ক্ষেত্ৰখনক শক্তিশালী কৰিবলৈ আৰু আমাৰ নাৱিকসকলৰ সুৰক্ষা, মৰ্যাদা আৰু বিশ্বজনীন পৰিচয় সুনিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
মন্ত্ৰী সোণোৱালে নাৱিকসকলৰ পৰিয়ালৰ সহযোগিতাৰো প্ৰশংসা কৰে। প্ৰতিগৰাকী কৰ্মচাৰীৰ নিষ্ঠা আৰু সেৱাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈছে পৰিয়াল। দুয়োখন জাহাজৰ মাষ্টাৰ, বিষয়া আৰু কৰ্মচাৰীসকলক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ এই সাফল্য তেওঁলোকৰ বৃত্তিগত দক্ষতা আৰু প্ৰতিশ্ৰুতিৰ এক উৎকৃষ্ট উদাহৰণ। শ্ৰী সোণোৱালে তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষিত যাত্ৰাৰ কামনা কৰে।
জাহাজৰ মালিক, নিয়োগ আৰু প্লেচমেন্ট সেৱা অনুজ্ঞাপত্ৰ (আৰপিএছএল) এজেন্সী আৰু এই অঞ্চলত থকা ভাৰতীয় কূটনৈতিক মিচনৰ সৈতে সমন্বয় সাধন কৰি জাহাজ পৰিবহণ সঞ্চালকালয়ে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে এই পৰিস্থিতিৰ সক্ৰিয় আৰু প্ৰত্যক্ষ নিৰীক্ষণ কৰি আছে।
সামুদ্ৰিক কাৰ্যকলাপ সুচল কৰি ৰাখিবলৈ চৰকাৰে বন্দৰ, জাহাজ পৰিবহণ আৰু লজিষ্টিকৰ সৈতে জড়িত সকলো পক্ষৰ সৈতে মিলি কাম কৰি আছে, যাতে সামুদ্ৰিক ব্যৱসায়ত যিকোনো ধৰণৰ কাৰ্যকলাপৰ বাধা হ্ৰাস কৰিব পৰা যায়। বন্দৰসমূহক প্ৰয়োজন সাপেক্ষে ৰেহাইমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, য'ত এংকৰিং, বাৰ্থ ভাড়া আৰু ষ্ট'ৰেজ মাচুলত ৰেহাই দিয়া হৈছে।
প্ৰধান বন্দৰসমূহে এলপিজি জাহাজসমূহক অগ্ৰাধিকাৰৰ ভিত্তিত কাম কৰি আছে, যাতে কাৰ্গোসমূহৰ সময়মতে আনলোডিং সুনিশ্চিত হয় আৰু শক্তিৰ যোগানৰ ধাৰাবাহিকতা ৰক্ষা হয়। বিগত কেইটামান দিনত ছখনকৈ এলপিজি জাহাজ ভাৰতৰ প্ৰধান বন্দৰসমূহত প্ৰৱেশ কৰিছে। তদুপৰি, বন্দৰসমূহে সেই জাহাজসমূহৰ বাবেও সুৰক্ষিত এংকৰিং এলেকা প্ৰদান কৰিছে। যিসমূহ জাহাজে উপসাগৰীয় অঞ্চললৈ কাৰ্গো পৰিবহনৰ কথা আছিল, সেইবোৰেও বৰ্তমানৰ পৰিস্থিতিৰ বাবে যাত্ৰা আৰম্ভ কৰিব পৰা নাই।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বিদেশস্থিত ভাৰতীয় মিছন, জাহাজ পৰিবহণ কোম্পানী আৰু আন সামুদ্ৰিক সম্পৰ্কীয় পক্ষসমূহৰ সৈতে সমন্বয় সাধন কৰি সামুদ্ৰিক পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতীয় সামুদ্ৰিক কৰ্মীসকলৰ কল্যাণ নিশ্চিত কৰা আৰু ভাৰতৰ সামুদ্ৰিক মালবাহী নেটৱৰ্ক শক্তিশালী কৰি ৰখা।






***
MI/PN/IY/DB
(ৰিলিজ আই ডি : 2241578)
অতিথি কক্ষ : 6