নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

নৱীকৰণযোগ্য শক্তিৰ বিষয়ে দেশজুৰি সজাগতা বৃদ্ধি চৰকাৰৰ

পোষ্ট কৰা হৈছে: 17 MAR 2026 3:29PM by PIB Guwahati

চৰকাৰে ইয়াৰ নিজস্ব ৱেবছাইট, চিয়েল মিডিয়া, বাইল এপ্লিকেচন, চি বি চি তথা ইয়াৰ তালিকাভুক্ত সংস্থাৰ জৰিয়তে ছপা, আউটড, টেলিভিছন, ৰেডিঅ আদি মাধ্যম ব্যৱহাৰ কৰি বিজ্ঞাপনৰ দ্বাৰা, ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ(এ আই আৰ), ৰাজ্যিক নডল সংস্থা (এছ এন এ), শৈক্ষিক প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ জৰিয়তে নৱীকৰণযোগ্য শক্তি (আৰ ই)ৰ ওপৰত দেশজুৰি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিছে

গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলকে ধৰি নিজ নিজ ৰাজ্যসমূহত আই ই চি কাম-কাজ চলাই নিবলৈ ৰাজ্যিক নডেল এজেন্সি/ডিস্কমক পুঁজি আগবঢ়োৱা হয়। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ২৭ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চললৈ পুঁজি আগবঢ়োৱা হৈছে। হৰ্ডিং/বেনাৰ, প্ৰিণ্ট বিজ্ঞাপন, ৰেডিঅ সুৰীয়া গীত, মেলা, সূৰ্য ৰথ আদিৰ দৰে প্ৰচাৰমূলক কাম-কাজসমূহ বিভিন্ন ৰাজ্যিক নডেল সংস্থা/ডিস্কমসমূহে এম এন আৰ ইৰ সকলো আঁচনিৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰি মন্ত্ৰালয়ে সময়ে সময়ে সমগ্ৰ দেশতে কেইবাখনো পৰ্যালোচনা বৈঠক, সামৰ্থ্য নিৰ্মাণ কৰ্মশালা আৰু জনসজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে।

আই আই টি বোম্বে, দিল্লী আৰু ৰুৰকী, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ প্ৰতিষ্ঠান (এন এছ টি আই), ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই), ৰাষ্ট্ৰীয় উদ্যমিতা আৰু ক্ষুদ্ৰ ব্যৱসায় বিকাশ প্ৰতিষ্ঠান (এন আই ই এছ বি ইউ ডি), ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (এন আই এছ ই), স্কিল কাউন্সিল অব গ্ৰীন জবছ (এছ চি জি জে) আৰু অন্যান্য খণ্ড দক্ষতা পৰিষদ (এছ এছ চি) আদিৰ দৰে প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠানসমূহক পাঠ্যক্ৰম সমৰ্থন বা বিশেষ কাৰ্যসূচীৰ জৰিয়তে নৱীকৰণযোগ্য শক্তি সজাগতাৰ সৈতে জড়িত কৰোৱা হৈছে। তাৰে কিছুমান তলত উল্লেখ কৰা হলঃ-

. আই আই টি ৰুৰকীৰ দ্বাৰা জল উৰ্জামিত্ৰ কাৰ্যসূচী

 

. এন এছ টি আই আৰু আই টি আইসমূহ, এন আই ই এছ ই, এছ চি জি জে আৰু অন্যান্য এছ চিৰ জৰিয়তে ডি জি টিৰ দ্বাৰা গ্ৰীণ হাইড্ৰজেন খণ্ডৰ কাৰ্যসূচীৰ বাবে দক্ষ মানৱ শক্তি।

 

. জলন্ধৰৰ ড বি. আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত নৱীকৰণযোগ্য শক্তিৰ এম টেক পাঠ্যক্ৰম।

. সেউজ শক্তি আৰু বহনক্ষম উন্নয়নৰ ওপৰত যুটীয়া এম টেক পাঠ্যক্ৰমৰ বাবে আলীগড় মুছলিম বিশ্ববিদ্যালয় (এ এম ইউ)ৰ সৈতে সহযোগিতা

ৰাজ্যসভাত আজি এক লিখিত উত্তৰত নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছো নাইকে এই তথ্য দাখিল কৰে।

***

Navin Sreejith/HS


(ৰিলিজ আই ডি : 2241290) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada