প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰত্যাহ্বান অতিক্ৰম কৰাত সাহস আৰু ইচ্ছাশক্তিৰ গুৰুত্বত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 17 MAR 2026 8:41AM by PIB Guwahati

জীৱনৰ আটাইতকৈ কঠিন বাধাবোৰ অতিক্ৰম কৰাত আত্মবিশ্বাস আৰু আভ্যন্তৰীণ শক্তিৰ গুৰুত্বত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সাহস আৰু সংকল্প থকা এজন ব্যক্তিৰ বাবে জীৱনত একোৱেই অসম্ভৱ নহয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আমি ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ শক্তিৰে আটাইতকৈ কঠিন প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিব পাৰো।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘সাহস আৰু সংকল্প থকা এজন ব্যক্তিৰ বাবে জীৱনত একো অসম্ভৱ নহয়। আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰে আমি আটাইতকৈ কঠিন প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰো।

एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम् ।
तस्मात् सिंहमिवोदारमात्मानं वीक्ष्य सम्पतेत्॥

যেনেকৈ এটা সিংহৰ হাজাৰটা হাতীক পৰাস্ত কৰাৰ ক্ষমতা আছে, একেদৰে এজন ব্যক্তিয়ে সিংহৰ দৰে নির্ভীকভাৱে, সাহস, আত্মবিশ্বাস আৰু আভ্যন্তৰীণ শক্তিৰে মহৎ কাৰ্যত জড়িত হ’ব লাগে।

***

MJPS/PRK/HS


(ৰিলিজ আই ডি : 2241046) অতিথি কক্ষ : 19