প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উৰিষ্যাৰ কটকৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পি এম এন আৰ এফ-ৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 16 MAR 2026 12:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ কটকৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী নিহত লোকৰ নিকট আত্মীয়সকলক পিএমএনআৰএফৰ পৰা ২লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

"উৰিষ্যাৰ কটকৰ এখন চিকিৎসালয়ত হোৱা দুৰ্ঘটনা গভীৰভাৱে বেদনাদায়ক। এই ঘটনাক প্ৰিয়জনক হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী

"ଓଡ଼ିଶାର କଟକରେ ଏକ ହସ୍ପିଟାଲରେ ଘଟିଥିବା ଦୁର୍ଘଟଣା ଗଭୀର ଯନ୍ତ୍ରଣାଦାୟକ। ଯେଉଁମାନେ ନିଜ ପ୍ରିୟଜନଙ୍କୁ ହରାଇଛନ୍ତି ସେମାନଙ୍କ ପ୍ରତି ସମବେଦନା। ଆହତମାନଙ୍କ ଆଶୁ ଆରୋଗ୍ୟ ପାଇଁ ମୁଁ ପ୍ରାର୍ଥନା କରୁଛି।

ପ୍ରତ୍ୟେକ ମୃତକଙ୍କ ନିକଟ ସମ୍ପର୍କୀୟଙ୍କୁ ପିଏମଏନଆରଏଫରୁ ୨ ଲକ୍ଷ ଟଙ୍କାର ଅନୁକମ୍ପାମୂଳକ ସହାୟତା ପ୍ରଦାନ କରାଯିବ । ଆହତମାନଙ୍କୁ ୫୦,୦୦୦ ଟଙ୍କା ଦିଆଯିବ: ପ୍ରଧାନମନ୍ତ୍ରୀ @narendramodi"

 

****

MJPS/VJ/DD


(ৰিলিজ আই ডি : 2240561) অতিথি কক্ষ : 10