পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১ এপ্ৰিল, ২০২৬ৰ পৰা ফাষ্টটেগৰ বাৰ্ষিক পাছৰ মাচুল সংশোধন কৰিব এনএইচএআইয়ে
পোষ্ট কৰা হৈছে:
15 MAR 2026 12:20PM by PIB Guwahati
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ফাষ্টটেগ বাৰ্ষিক পাছৰ প্ৰযোজ্য মাচুল বৰ্তমানৰ ৩,০০০ টকাৰ পৰা ৩,০৭৫ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ১ এপ্ৰিল, ২০২৬ৰ পৰা এই বৰ্ধিত মাচুল প্ৰযোজ্য হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ মাচুল (দৰ নিৰ্ধাৰণ আৰু সংগ্ৰহ) অধিনিয়ম, ২০০৮ৰ অধীনত এই সংশোধন কৰা হৈছে। ৫৬ লাখতকৈ অধিক ব্যৱহাৰকাৰীৰ লগতে ব্যক্তিগত বাহনৰ গৰাকীসকলৰ মাজত বাৰ্ষিক ফাষ্টটেগৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে।
ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছৱেত প্ৰায় ১১৫০ টা টোল প্লাজাত বাৰ্ষিক পাছৰ সুবিধা লাভ কৰিব বিচৰা বৈধ ফাষ্টেগযুক্ত যোগ্যতাসম্পন্ন অ-বাণিজ্যিক বাহনসমূহত সংশোধিত হাৰ প্ৰযোজ্য হ'ব। ফাষ্টটেগ বাৰ্ষিক পাছৰ জৰিয়তে ফাষ্টটেগ বাৰে বাৰে ৰিচাৰ্জ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। এবাৰ মাচুল পৰিশোধ কৰিলে সেই মাছুল এটা বছৰৰ বাবে বা ২০০টা টোল প্লাজা অতিক্ৰম কৰাৰ বাবে বৈধ হ'ব। বৈধ ফাষ্টেগ থকা সকলো অ-বাণিজ্যিক বাহনৰ বাবে এই ব্যৱস্থা প্ৰযোজ্য হ'ব।
ৰাজমাৰ্গ যাত্ৰা এপ বা ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৱেবছাইটৰ জৰিয়তে এবাৰতে মাচুল পৰিশোধ কৰাৰ পিছত বাহনখনৰ সৈতে জড়িত থকা ফাষ্টেগত বাৰ্ষিক পাছ দুঘণ্টাৰ ভিতৰত সক্ৰিয় হৈ পৰে।
১৫ আগষ্ট, ২০২৫ তাৰিখে মুকলি কৰা ফাষ্টটেগ বাৰ্ষিক পাছৰ বিপুল সঁহাৰিয়ে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক অধিক সুবিধাজনক আৰু ব্যয়সাধ্য ভ্ৰমণৰস সূযোগ প্ৰদান কৰিছে।
*****
GDH/HJ/DB
(ৰিলিজ আই ডি : 2240466)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
Marathi
,
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Malayalam