ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

সংযোগ, দক্ষতা আৰু যাত্ৰী সেৱাৰ অগ্ৰগতি সাধনৰ অৰ্থে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থা আৰু বিকাশৰ নতুন যুগক আগুৱাই নিছে ভাৰতীয় ৰেলৱেয়ে

প্ৰধানমন্ত্ৰীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ১,৪০০ কিমিৰো অধিক দৈৰ্ঘ্যৰ বৃহৎ ৰেলৱে বৈদ্যুতীকৰণ প্ৰকল্প উৎসৰ্গা কৰিব

সামৰ্থ্য বৃদ্ধি আৰু ভিৰ হ্ৰাস কৰিবলৈ ১৯৪ কিমি দৈৰ্ঘ্যৰ ফৰকাটিং–তিনিচুকীয়া ৰেল লাইন দ্বৈতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ-পূব আৰু দক্ষিণ ভাৰত, পশ্চিম বংগ তথা ত্ৰিপুৰাৰ মাজত সংযোগ বৃদ্ধিৰ বাবে তিনি নতুন ৰেল সেৱা

কোকৰাঝাৰৰ বাশবাৰীত পিৰিঅ’ডিক অভাৰহ’লিং ৱৰ্কশ্বপে অঞ্চলটোৰ ৰেলৱে ৰক্ষণাবেক্ষণৰ আন্তঃগাঁথনিক সুদৃঢ় কৰিব

২০১৪-ৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত ১,৯০০ কিমিৰো অধিক নতুন ৰেলপথ নিৰ্মাণ; ৭২,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প অব্যাহত

পোষ্ট কৰা হৈছে: 12 MAR 2026 6:54PM by PIB Guwahati

১৩–১৪ মাৰ্চত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত একাধিক ৰেলৱে প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু শুভাৰম্ভৰে ভাৰতীয় ৰেলৱে অসম তথা বিস্তৃত উত্তৰ-পূৰ্বাঞ্চলত সংযোগ, দক্ষতা আৰু অৰ্থনৈতিক বিকাশক শক্তিশালী কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে।

এই পদক্ষেপসমূহ হৈছে অঞ্চলটোৰ ৰেলৱে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, যাত্ৰীসকলৰ ম’বিলিটিৰ অগ্ৰগতি সাধন, বাণিজ্যক সমৰ্থন আৰু উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে অধিক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰাটো নিশ্চিত কৰাৰ অৰ্থে বৃহত্তৰ উদ্দীপনাৰ অংশ।

এটি গুৰুত্বপূৰ্ণ পদক্ষেপ স্বৰূপে ১৯৪ কিমি দৈৰ্ঘ্যৰ ফৰকাটিং–তিনিচুকীয়া ৰেল লাইন দ্বৈতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই কৰিডৰটো উজনি অসমৰ এক গুৰুত্বপূৰ্ণ ৰেল পথ আৰু বৰ্তমান একক লাইন হিচাপে ৰেলৰ চলাচল সীমিত কৰি প্ৰায়ে ভিৰৰ সৃষ্টি কৰে। লাইনটোৰ দ্বৈতকৰণে ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, ইয়াৰ ফলশ্ৰুতিত একেলগে অধিক যাত্ৰীবাহী আৰু মালবাহী ৰেলে চলাচল কৰিব পাৰিব। এই উন্নীতকৰণৰ ফলশ্ৰুতিত চাহ, কাঠ, পেট্ৰলিয়াম সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীৰ সৰবৰাহ সুশৃংখলিত হোৱাৰ লগতে যাতায়াতৰ নিৰ্ভৰযোগ্যতাও বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

কোকৰাঝাৰৰ বাশবাৰীত পিৰিঅডিক অভাৰহ’লিং (POH) ৱৰ্কশ্বপৰ আধাৰশিলা স্থাপন কৰা হ’ব। এই সুবিধাই অঞ্চলটোত ডবা আৰু ৱেগনৰ মেৰামতি আৰু চাৰ্ভিচিং প্ৰশস্ত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰেলৱে ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ বৰ্ধন ঘটাব। বৰ্তমান ইয়াৰ অৰ্থে বহু দূৰৈৰ ৱৰ্কশ্বপলৈ ৰেলসমূহ পঠিয়াবলগীয়া হয়, যাৰ বাবে ডাউনটাইম বৃদ্ধি পায়। নতুন ৱৰ্কশ্বপটোৱে ৰুলিং ষ্টকৰ বাবে টাৰ্ণআউট সময় হ্ৰাস কৰিব, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰিব আৰু স্থানীয় নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

অঞ্চলটোত বহনক্ষম ৰেলৱে অপাৰেচন শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বৃহৎ ৰেল বৈদ্যুতীকৰণ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত ৰঙিয়া–মুৰ্কংচেলেক লাইন (৫৫৮ কিমি), চাপৰমুখ–ডিব্ৰুগড় লাইন (৫৭১ কিমি) আৰু বদৰপুৰ–শিলচৰ তথা বদৰপুৰ–চুৰাইবাৰী লাইনৰ (৩১৫ কিমি) বৈদ্যুতীকৰণ। এই প্ৰকল্পসমূহে একেলগে ১,৪০০ কিমিৰো অধিক নতুন বৈদ্যুতিক ৰেলপথক সূচিত কৰিছে।

এনে বৈদ্যুতীকৰণে ডিজেল ট্ৰেকচনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে দ্ৰুত আৰু অধিক শক্তি-দক্ষ ৰেল চলাচল প্ৰশস্ত কৰিব। ইয়াৰ উপৰিও পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম ৰেলপথ পৰিচালনাত সহায় কৰিব আৰু উত্তৰ-পূবৰ ৰেল নেটৱৰ্কক ভাৰতৰ বৈদ্যুতিক ৰেল ব্যৱস্থাৰ সৈতে সম্পূৰ্ণ একত্ৰীকৰণৰ কাষ চপাই নিব।

যোগাযোগ ব্যৱস্থাৰ অধিক বৰ্ধনেৰে উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন-আন প্ৰান্তৰ মাজত ভ্ৰমণৰ বিকল্প বৃদ্ধিৰ বাবে তিনি নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰা হ’ব।

কামাখ্যা–চৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছৰ জৰিয়তে উত্তৰ-পূব আৰু দক্ষিণ ভাৰতৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগ স্থাপন হ’ব। ইয়াৰ ফলত ব্যৱসায়, পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ বাবে যাতায়াতৰ সুবিধা হ’ব। গুৱাহাটী–নিউ জলপাইগুৰি এক্সপ্ৰেছে পূব ভাৰতৰ অন্যতম ব্যস্ত আন্তঃনগৰীয়া পথক শক্তিশালী কৰিব। ইয়াৰ ফলত অসম আৰু পশ্চিম বংগৰ ছাত্ৰ-ছাত্ৰী, পেছাদাৰী আৰু পৰিয়ালসমূহ উপকৃত হ’ব। নাৰেংগী–আগৰতলা এক্সপ্ৰেছে অসম আৰু ত্ৰিপুৰাৰ মাজত ৰেল সংযোগৰ অগ্ৰগতি সাধনেৰে উত্তৰ-পূর্বাঞ্চলৰ পৰিবহণ উপায়ক শক্তিশালী কৰাৰ লগতে অধিক আঞ্চলিক অর্থনৈতিক সংহতিৰ বাবে উৎসাহ যোগাব।

এই নতুন পদক্ষেপসমূহে বিগত দশকত সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰেলপথ উন্নয়নত হোৱা যথেষ্ট অগ্ৰগতিকে প্ৰতিফলিত কৰিছে। ২০১৪-ৰ পৰা এই অঞ্চলত প্ৰায় ১,৯০০ কিমি নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। বাৰ্ষিক ৰেল বাজেট আবন্টন যথেষ্ট বৃদ্ধি পাইছে। ২০০৯–১৪ ৰ ভিতৰত ২,১২২ কোটি টকাৰ পৰা ২০২৬–২৭ ত ১১,৪৮৬ কোটি টকালৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰেল আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ অৰ্থে চৰকাৰৰ অবিৰত মনোযোগ প্ৰদান কাৰ্য্যকে প্ৰতিফলিত কৰিছে।

বৰ্তমান নতুন ৰেলপথ নিৰ্মাণ, ষ্টেচনৰ আধুনিকীকৰণ আৰু সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামকে প্ৰমুখ্য কৰি অঞ্চলটোত ভিন্ন পৰ্য্যায়ত ৭২,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰেলৱে প্ৰকল্প ৰূপায়ণ কাৰ্য্য অব্যাহত আছে।

ৰেলৱে বৈদ্যুতীকৰণৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰামকে প্ৰমুখ্য কৰি ৰাজ্যসমূহত ১০০ শতাংশ বৈদ্যুতীকৰণৰ লক্ষ্যত উপনীত হোৱা গৈছে। অসমতো এই মাইলৰ খুঁটি সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।

সুৰক্ষা বৃদ্ধিৰ বাবে সমগ্ৰ অঞ্চলটোত ৫০০ ৰো অধিক ৰেল ফ্লাইঅভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে লেভেল ক্ৰছিং নোহোৱা হৈছে আৰু দুৰ্ঘটনাৰ আশংকা হ্ৰাস পাইছে। ইয়াৰ উপৰিও মূল পথসমূহত কৱচ স্বয়ংক্ৰিয় ৰেল সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ অৰ্থে ২৩৫ পথ কিমিৰ কাম আৰু নিবিদা অব্যাহত আছে তথা ১,১৯৭ পথ কিমিৰ বাবে অনুমোদন জনোৱা হৈছে।

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত যাত্ৰীসকলৰ সা-সুবিধাসমূহো বৃদ্ধি কৰা হৈছে। ইয়াৰ অধীনত সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৬০ টা ৰেল ষ্টেচনক আনুমানিক ২,১০১ কোটি টকা ব্যয় সাপেক্ষে পুনৰ উন্নীত কৰা হৈছে। ইয়াৰ ভিতৰত হয়বৰগাঁও ষ্টেচন ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াতো যাত্ৰীসকলৰ বাবে আধুনিক সা-সুবিধা আৰু উন্নত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হৈছে।

এই প্ৰকল্পসমূহে একেলগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল সংযোগৰ ৰূপান্তৰ সাধনৰ প্ৰতি ভাৰতীয় ৰেলৱেৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। সামৰ্থ্যৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু স্বচ্ছ প্ৰযুক্তিৰ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতীয় ৰেলৱেয়ে অৰ্থনৈতিক বিকাশ সাধন, ম’বিলিটিৰ অগ্ৰগতি সাধন আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাকী অংশৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

*****

Dharmendra Tewari/ Ritu Raj/ Manik Sharma/SB


(ৰিলিজ আই ডি : 2239363) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Kannada