গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে বিশেষ অভিযান

পোষ্ট কৰা হৈছে: 10 MAR 2026 3:31PM by PIB Guwahati

ৰাষ্ট্ৰীয় ৰাজধানীক ড্ৰাগছ-মুক্ত কৰাৰ বাবে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কেন্দ্ৰীভূত বলবৎকাৰী অভিযান হিচাপে দিল্লী আৰক্ষীয়ে “অপাৰেচন কৱচ”-ৰ শুভাৰম্ভ কৰিছে। ১৩-০৫-২০২৩ ৰ পৰা ২৩-০১-২০২৬ লৈ দিল্লীৰ ভিন্ন প্ৰান্তত মুঠ ১২ টা এনে বিশেষ অভিযান হাতত লোৱা হৈছে। ইয়াৰ অধীনত ৯,৬৯৪ টা স্থানত অভিযান চলোৱা হৈছে। একেদৰে নাৰ্ক’টিক্স ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেনচ আইন, ১৯৮৫-ৰ অধীনত ৮৫১ টা আৰু দিল্লী আবকাৰী আইন, ২০০৯-ৰ অধীনত ১,৬৯০ টা গোচৰ ৰুজু কৰা হৈছে। ঠিক সেইদৰে মুঠ ২,৬৪০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২০২৩-ৰ পৰা ২০২৬-লৈ (১৫-০২-২০২৬ লৈ) মুঠ ৫,৪৬৭ ড্ৰাগছ সম্পৰ্কীয় এফআইআৰ পঞ্জীয়ন হৈছে; ৭,১৩৪ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৭,৪৩৫ কিগ্ৰা (প্ৰায়) ড্ৰাগছ অৰ্থাৎঃ চাৰা, অপিয়াম, গাঞ্জা, স্মেক, হিৰ’ইন, পপী ছিড, কোকেইন আদি দিল্লী আৰক্ষীয়ে জব্দ কৰিছে।

দিল্লী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ কোনো সম্পত্তি জব্দ কৰা নাই। কিন্তু ২০২৩-ৰ পৰা ২০২৬-লৈ (১৫-০২-২০২৬ লৈ) সময়ছোৱাত দিল্লী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে নাগৰিক সংস্থাৰ সৈতে মুঠ ২৯ টা যৌথ বিনষ্ট অভিযান হাতত লয়।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

***

RK/RR/PR/PS/SK/SB
 


(ৰিলিজ আই ডি : 2238305) অতিথি কক্ষ : 49
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil