ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

এআইৰ সৈতে ভাৰতৰ ভৱিষ্যত অসাধাৰণ হ’বলৈ গৈ আছেঃ সুন্দৰ পিচাই

আমি প্ৰচণ্ড অগ্ৰগতি আৰু নতুন আৱিষ্কাৰৰ পথত: সুন্দৰ পিচাই

ভাৰত-মাৰ্কিন সংযোগৰ পদক্ষেপে দুয়োখন দেশৰ মাজত ছাবমেৰিন কেবলৰ জৰিয়তে বিশ্ব সংযোগ সম্প্ৰসাৰণৰ বাবে প্ৰকৃত সেতু হিচাপে কাম কৰিব

পোষ্ট কৰা হৈছে: 20 FEB 2026 8:35PM by PIB Guwahati

ইণ্ডিয়া এআই ইম্পেক্ট ছামিট ২০২৬ত ভাষণ দি গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে কৃত্ৰিম বুদ্ধিমত্তাক এই দশকৰ সংজ্ঞায়িত শক্তি হিচাপে অভিহিত কৰি ইয়াৰ সুবিধাসমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰাটো নিশ্চিত কৰিবলৈ বিশ্ব সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

দ্ৰুত উদ্ভাৱনৰ সৈতে দায়িত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, ‘আমি প্ৰচণ্ড অগ্ৰগতি আৰু নতুন আৱিষ্কাৰৰ যুগৰ পথত আছো, কিন্তু উত্তম ফলাফলৰ নিশ্চয়তা নাই।আমি একেলগে কাম কৰিব লাগিব যাতে এআইৰ সুবিধা সকলোৰে বাবে আৰু সকলোতে উপলব্ধ হোৱাটো নিশ্চিত কৰিব লাগিব।

দ্বিপাক্ষিক সহযোগিতাৰ কৌশলগত গুৰুত্বৰ ওপৰত জোৰ দি পিচাইয়ে উল্লেখ কৰে, “আমেৰিকা ভাৰতৰ অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।” ভাৰতৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ লগতে কয়, “মই বিশ্বাস কৰোঁ যে ভাৰতে এআইৰ সৈতে এক অসাধাৰণ যাত্ৰা লাভ কৰিবলৈ গৈ আছে আৰু আমি ইয়াক প্ৰডাক্ট, স্কেলিং আৰু আন্তঃগাঁথনিকে ধৰি সম্পূৰ্ণ ষ্টেক প্ৰতিশ্ৰুতিৰে সমৰ্থন কৰিছো।”

তেওঁ তিনিটা মূল স্তম্ভ, প্ৰডাক্ট, দক্ষতা আৰু আন্তঃগাঁথনিৰ মাজেৰে গুগলৰ প্ৰচেষ্টাৰ ৰূপৰেখা দাঙি ধৰে। বাস্তৱ জগতৰ প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ “কৃষকসকলক সময়মতে বৰষুণৰ আগজাননী প্ৰদান কৰা”ৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা কৰ্মীসকলক “ডায়েবেটিক ৰেটিনোপেথীৰ দৰে ৰোগৰ পৰীক্ষা” কৰাত সহায় কৰালৈকে ভাৰতীয় ভাষাত এআই সঁজুলিৰ প্ৰৱেশ সম্প্ৰসাৰণৰ দিশটো আঙুলিয়াই দিয়ে।

কৰ্মশক্তিৰ বিকাশৰ সন্দৰ্ভত তেওঁ কয় “এআই স্কিল হাউছৰ জৰিয়তে আমি এক কোটি ভৱিষ্যত ভাৰতীয় নেতাক বিশ্বৰ অগ্ৰগতি দিশত আগুৱাই নিব পৰা সঁজুলিৰে সজ্জিত কৰাৰ কাম কৰি আছো।” আন্তঃগাঁথনিৰ ক্ষেত্ৰত তেওঁ ভাৰতত গুগলৰ ১৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ কথা উল্লেখ কৰে।

পিচাইয়ে ভাৰত-মাৰ্কিন সংযোগ পদক্ষেপৰ ওপৰতো আলোকপাত কৰে, যিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত সাগৰৰ তলৰ কেবল পথ সম্প্ৰসাৰণ কৰিব। ই “আমাৰ দুয়োখন দেশৰ মাজত আক্ষৰিক সেতু” হিচাপে কাম কৰিব। সুস্থিৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে কয়, “উমৈহতীয়া বিশ্বাসৰ ভেটিত নিৰ্মিত সুস্থিৰ যোগান শৃংখলৰ অবিহনে এইবোৰৰ কোনোটোৱেই সম্ভৱ নহ’ব।”

তেওঁ ভাষণত এটা স্পষ্ট বাৰ্তাক শক্তিশালী কৰি তুলিলে, সেইটো হৈছে ভাৰতৰ এআই ভৱিষ্যত কেৱল প্ৰযুক্তিগত অগ্ৰগতিৰ দ্বাৰাই নহয়, বিশ্বাসযোগ্য অংশীদাৰিত্ব, বৃহৎ পৰিসৰৰ দক্ষতা আৰু আমেৰিকা-ভাৰতৰ শক্তিশালী সহযোগিতাৰ আঁত ধৰি স্থায়ী আন্তঃগাঁথনি বিনিয়োগৰ দ্বাৰা গঢ় দিয়া হ’ব।

 

 

*****

Mahesh Kumar/ Pawan Faujdar/ Allen Roy Joseph/ Ritu Raj/DB


(ৰিলিজ আই ডি : 2236475) অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Telugu , Kannada