প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা দোহাৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 03 MAR 2026 8:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে আমাৰ গ্ৰহটোক সমৃদ্ধ কৰা আৰু আমাৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যৰ উদযাপন। তেওঁ কয় যে এয়া বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা সকলোকে স্বীকৃতি দিয়াৰ লগতে সংৰক্ষণ, বহনক্ষম পদ্ধতি আৰু বাসস্থান সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ দিন, যাতে বন্যপ্ৰাণীসমূহ সুকলমে থাকে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ একাংশ অসাধাৰণ বন্যপ্ৰাণীৰ বাসস্থান হিচাপে গৌৰৱান্বিত। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত বিশ্বৰ ৭০%তকৈ অধিক বাঘৰ সংখ্যা, এটা খড়্গ থকা গঁড়ৰ সৰ্বাধিক সংখ্যা, এছিয়াৰ হাতীৰ সৰ্বাধিকসংখ্যকৰ আৱাস। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ একমাত্ৰ স্থান, য’ত তেজস্বী এছিয়াৰ সিংহই বাস কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অলেখ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ ভিতৰত সহযোগী দেশসমূহৰ সৈতে ইয়াৰ উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাৰ বাবে এখন বিশেষ মঞ্চ আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স স্থাপন কৰা হৈছে। তদুপৰি আন আন প্ৰচেষ্টাসমূহৰ ভিতৰত আছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, ঘঁৰিয়াল, আৰু স্লথ বিয়াৰ সংৰক্ষণৰ প্ৰয়াসৰ লগতে নাহৰফুটুকী বাঘৰ স্থানান্তৰকৰণ।

 

ভাৰতৰ সাংস্কৃতিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ শাস্ত্ৰই সকলো জীৱৰ মংগল কামনা কৰে আৰু বন্যপ্ৰাণী সংৰক্ষণ তথা সংবেদনশীলতাক প্ৰসাৰিত কৰে। তদুপলক্ষে তেওঁ সংস্কৃত প্ৰবাদ এটা শ্বেয়াৰ কৰিছিল, য’ত লিখা আছে-

“নিৰ্বনো বধ্যতে ব্যাঘ্ৰো নিৰ্ব্য়াঘ্ৰম ছিদ্যতে বনম। তস্মাদ ব্যাঘ্ৰো বনং ৰক্ষেদ বনং ব্যাঘ্ৰং চ পলায়েত্”

 

এই হিতোপদেশটোত কোৱা হৈছে যে অৰণ্য অবিহনে বাঘ বিনষ্ট হয়; আৰু বাঘ অবিহনে অৰণ্য বিনষ্ট হয়। সেয়েহে বাঘে অৰণ্যক সুৰক্ষিত কৰে আৰু অৰণ্যই বাঘক ৰক্ষা কৰে, ই প্ৰকৃতিৰ গভীৰ আন্তঃনিৰ্ভৰশীলতাকে প্ৰদৰ্শন কৰে।

 

এলানি ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;

"বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে আমাৰ গ্ৰহটোক সমৃদ্ধ কৰা আৰু আমাৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যক উদযাপন কৰাৰ দিন। বন্যপ্ৰাণী সুৰক্ষাৰ দিশত কাম কৰা সকলোকে স্বীকৃতি দিয়াৰ দিন এয়া। আমি সংৰক্ষণ, বহনক্ষম পদ্ধতি আৰু বাসস্থান সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰোঁ যাতে আমাৰ বন্যপ্ৰাণীসমূহে অবিৰতভাৱে উন্নতি সাধন কৰে।"

 

"আমি ভাৰতত এই কথাটোক গভীৰভাৱে মূল্য দিওঁ যে আমি বিশ্বৰ কিছুমান অনন্য বন্যপ্ৰাণীৰ বাসস্থান। আমাৰ ইয়াত বিশ্বৰ ৭০%তকৈ অধিক বাঘৰ বাসস্থান। আমাৰ লগত এটা খড়্গ থকা গঁড়ৰ সংখ্যা সৰ্বাধিক আৰু এছিয়াৰ হাতীও সৰ্বাধিকসংখ্যক। বিশ্বৰ ভিতৰতে ভাৰতেই একমাত্ৰ ঠাই য'ত তেজস্বী এছিয়াৰ সিংহই বাস কৰে।"

 

"এন ডি এ চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কেইবাটাও প্ৰচেষ্টা চলাইছে। ইয়াৰ ভিতৰত সহযোগী দেশসমূহৰ সৈতে উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাৰ বাবে এখন বিশেষ মঞ্চ আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স গঠন কৰাটোও অন্তৰ্ভুক্ত। তদুপৰি আন প্ৰচেষ্টাসমূহৰ ভিতৰত আছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, ঘঁৰিয়াল আৰু স্লথ বিয়াৰক সুৰক্ষা দিয়া, লগতে নাহৰফুটুকী বাঘ স্থানান্তৰ কৰা।"

 

"আজি বিশ্ব বন্যপ্ৰাণী দিৱস। আমাৰ শাস্ত্ৰত সকলো জীৱৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰা হয়। ই আমাক বন্যপ্ৰাণী সংৰক্ষণৰ লগতে তেওঁলোকৰ প্ৰতি সংবেদনশীল হ'বলৈও অনুপ্ৰাণিত কৰে। ইয়াৰ এটা উদাহৰণ হ'ল...

নিৰ্বনো বধ্যতে ব্যাঘ্ৰো নিৰ্ব্য়াঘ্ৰম ছিদ্যতে বনম।

তস্মাদ ব্যাঘ্ৰো বনং ৰক্ষেদ বনং ব্যাঘ্ৰং চ পলায়েত্।”

****

 

MJPS/ST/KD


(ৰিলিজ আই ডি : 2234885) অতিথি কক্ষ : 76