প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা প্ৰধানমন্ত্ৰীৰ আৰু আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন
পোষ্ট কৰা হৈছে:
01 MAR 2026 11:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু এই আক্ৰমণত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই কঠিন সময়ত ভাৰত ইউ এ ই-ৰ সৈতে সহমৰ্মিতাৰে থিয় দিছে।
প্ৰধানমন্ত্ৰীয়ে ইউ এ ই-ত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে ইউ এ ই-ৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে অঞ্চলটোত উত্তেজনা হ্ৰাস, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাক সমৰ্থন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰিছেঃ
"ইউ এ ইৰ ৰাষ্ট্ৰপতি ভাতৃ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বাৰ্তালাপ কৰিছো। ইউ এ ই-ৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই আক্ৰমণত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছো। এই কঠিন সময়ত ভাৰত ইউ এ ই-ৰ সৈতে সহমৰ্মিতাৰে থিয় দিছে।
ইউ এ ই-ত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। আমি উত্তেজনা হ্ৰাস, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিৰতাক সমৰ্থন কৰো।"
***
MJPS/Dr. Pavan Khedkar/HS
(ৰিলিজ আই ডি : 2234443)
অতিথি কক্ষ : 5