ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬: ৫০০ অধিৱেশনত জড়িত হ'বলৈ এই পৰ্যন্ত ১০০+ দেশ, ৫০০+ ষ্টাৰ্টআপ-ৰ ৩৫,০০০+ পঞ্জীয়ন
শীৰ্ষ সন্মিলনৰ বাবে মুকলি কৰা হৈছে সংবাদ মাধ্যমৰ পঞ্জীয়ন; আবেদনৰ অন্তিম তাৰিখ: ৮ ফেব্ৰুৱাৰী ২০২৬
পোষ্ট কৰা হৈছে:
02 FEB 2026 3:03PM by PIB Guwahati
২০২৬ চনৰ ১৬ৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া এ আই ইমপেক্ট ছামিট-খন এই পৰ্যন্ত আয়োজন কৰা চাৰিটা গোলকীয় এ আই সন্মিলনৰ ভিতৰতে সৰ্ববৃহৎ হ’ব বুলি আশা কৰা হৈছে, যিয়ে দায়িত্বশীল, সমাৱেশী আৰু প্ৰভাৱ-সঞ্চালিত কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় তত্পৰতাক প্ৰতিফলিত কৰে।
অনুষ্ঠানৰ পূৰ্বে লাভ কৰা ৩৫ হাজাৰৰো অধিক পঞ্জীয়নৰ জৰিয়তে বিশ্ব সমাজৰ অভূতপূৰ্ব আগ্ৰহ আকৰ্ষণ কৰা এই সন্মিলনে দৃষ্টিভংগীক কাৰ্যকৰীকৰণলৈ অনুবাদক প্ৰাথমিকতা প্ৰদান কৰিব, য’ত বাস্তৱক্ষেত্ৰত গুৰুত্বপূৰ্ণ ফলাফলত স্পষ্টভাৱে মনোনিৱেশ কৰা হ’ব।
চৰকাৰ, উদ্যোগৰ নেতৃবৃন্দ, গৱেষক, নাগৰিক সমাজৰ সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে শীৰ্ষ সন্মিলনৰ কাৰ্যসূচী গঢ় দিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। ইয়াত বিভিন্ন দেশৰ ১৫ৰ পৰা ২০ গৰাকী চৰকাৰৰ মুৰব্বী, ৫০+ মন্ত্ৰী, আৰু বিশ্ব আৰু ভাৰতৰ অগ্ৰণী কোম্পানীসমূহৰ ৪০+ চিইঅ’কে ধৰি ১০০খনতকৈয়ো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণৰ কৰিব বুলি আশা কৰা হৈছে। উদ্ভাৱক, গৱেষক আৰু মুখ্য প্ৰযুক্তি বিষয়াকে ধৰি বিশ্বৰ এআই পৰিতন্ত্ৰৰ প্ৰায় ৫০০ বিশিষ্ট ব্যক্তিয়েও সন্মিলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
এআই-কেন্দ্ৰিক বিশ্বব্যাপী সন্মিলনৰ অন্যতম হিচাপে পৰিগণিত হ’বলগা এই সন্মিলনত নিয়োজিততাৰ গভীৰতা আৰু বৈচিত্ৰ্যক উজলাই তুলি, ৫০০+ এআই ষ্টাৰ্টআপৰ প্ৰদৰ্শনী থকাৰ লগতে মূল কাৰ্যসূচীৰ সমান্তৰালভাৱে প্ৰায় ৫০০টা অধিৱেশন আনুষ্ঠিত হ’ব।
শীৰ্ষ সন্মিলনৰ আগলৈকে নিয়োজিত হোৱাৰ পৰিসৰো সমানেই উল্লেখযোগ্য। শীৰ্ষ সন্মিলনৰ পূৰ্বৰ অনুষ্ঠানসমূহৰ বাবে ১৩০০ৰো অধিক প্ৰস্তাৱ লাভ কৰা হৈছে, শীৰ্ষ সন্মিলনৰ পূৰ্বে ভাৰতৰ লগতে বিশ্বজুৰি এই পৰ্যন্ত ৫০০ৰো অধিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। শীৰ্ষ সন্মিলনৰ কাঠামোত সাতটা ফ্লেগশ্বিপ ইভেণ্টো অন্তৰ্ভুক্ত কৰা হৈছে, য’ত সামূহিকভাৱে ৩,০০,০০০+ অংশগ্ৰহণকাৰীক জড়িত কৰা হৈছে, যিয়ে এআই ইমপেক্ট ছামিট প্ৰক্ৰিয়াৰ প্ৰতি ব্যাপক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আগ্ৰহক প্ৰতিফলিত কৰিছে।
বিশ্বজোৰা এআই শীৰ্ষ সন্মিলন প্ৰক্ৰিয়াটো সময়ৰ লগে লগে বিকশিত হৈছে, ব্লেচলি পাৰ্কত এআই-ৰ বিপদাশংকা সন্দৰ্ভত প্ৰাৰম্ভিক মনোনিৱেশৰ পৰা আৰম্ভ কৰি চিউলত নৈতিকতা আৰু সমাৱেশন সন্দৰ্ভত কৰা আলোচনালৈ আগবাঢ়িছে, আৰু পৰৱৰ্তী সময়ত পেৰিছত সহভাগ কৰা নীতিসমূহ কাৰ্যকৰী কৰাৰ দিশত আগবাঢ়িছে। এই সন্মিলনে বিশ্বব্যাপ্ত এআই আলোচনাত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰিছে।
কাৰ্যসূচী, বিষয়ভিত্তিক কেন্দ্ৰীভূত ক্ষেত্ৰ আৰু অংশগ্ৰহণৰ পদ্ধতিকে ধৰি এআই প্ৰভাৱ সন্দৰ্ভত শীৰ্ষ সন্মিলন ২০২৬ সম্পৰ্কে অধিক বিৱৰণ শীৰ্ষ সন্মিলনৰ অফিচিয়েল ৱেবছাইট - https://impact.indiaai.gov.in/ ত উপলব্ধ কৰা হৈছে। আগ্ৰহী অংশীদাৰসকলক ৱেবছাইটটো চাবলৈ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল আৰু প্ৰভাৱশালী ব্যৱহাৰক আগুৱাই নিয়াৰ লক্ষ্যৰে এই গোলকীয় আলোচনাৰ অংশীদাৰ হোৱাৰ বাবে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হৈছে।
শীৰ্ষ সন্মিলনখনৰ বাবে মিডিয়া এক্ৰিডিটেশ্যন LIVE কৰা হৈছে। কেৱল স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ প্ৰতিনিধিয়েহে শীৰ্ষ সন্মিলনৰ কাৰ্যসূচী সামৰিব পাৰিব। অফিচিয়েল পৰ্টেল https://impact.indiaai.gov.in/media-accreditation ৰ জৰিয়তে অনলাইনযোগে আবেদন দাখিল কৰিব লাগিব। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ স্বীকৃতিৰ উইণ্ড’ বন্ধ হ’ব।
***
MSZ/KB
(ৰিলিজ আই ডি : 2233310)
অতিথি কক্ষ : 22