প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুণ্য তিথিত বীৰ ছাভাৰকাৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 26 FEB 2026 11:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী বীৰ ছাভাৰকাৰলৈ তেওঁৰ পুণ্য তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

স্বাধীনতা সংগ্ৰামীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ লগতে মন্তব্য কৰে যে বীৰ ছাভাৰকাৰৰ ব্যক্তিত্ব আৰু কৰ্মই প্ৰতিটো প্ৰজন্মক ৰাষ্ট্ৰৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

মহান বিপ্লৱী বীৰ ছাভাৰকাৰজীলৈ তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দেশখনক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ব্যক্তিত্ব আৰু সাফল্যই প্ৰতিটো প্ৰজন্মক ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

***

MJPS/PKK/HS


(ৰিলিজ আই ডি : 2233009) অতিথি কক্ষ : 9