উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ ১১ নং বেচৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
এই কাৰ্যসূচীৰ অধীনত তামিলনাডু আৰু চণ্ডীগড়ৰ ছাত্ৰ-ছাত্ৰীয়ে ছিকিম অন্বেষণ কৰে, এতিয়ালৈকে সমগ্ৰ দেশৰ পৰা ৪৭১ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে
অষ্টলক্ষ্মী দৰ্শন হৈছে দেশৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰীয় সংহতি গভীৰ আৰু বন্ধন শক্তিশালী কৰাৰ বাবে ৰচনা কৰা যুৱ বিনিময় কাৰ্যসূচী
মন্ত্ৰী সিন্ধিয়াই অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ বজাই ৰাখিবলৈ আৰু আগুৱাই নিবলৈ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
20 FEB 2026 6:45PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰ্চুৱেল মাধ্যমযোগে অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাদশ গোটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ছিকিম বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই বেটচত চণ্ডীগড়ৰ ২২ গৰাকী আৰু তামিলনাডুৰ ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উক্ত অধিবেশনত সচিব, এমড’নাৰ; যুটীয়া সচিব, এমড’নাৰ; পঞ্জীয়ক (ভা/প্ৰা), ছিকিম বিশ্ববিদ্যালয়, গেংটক, লগতে উত্তৰ-পূব পৰিষদৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে এনইচিৰ জৰিয়তে সম্পূৰ্ণ পুঁজিৰে আয়োজন কৰা অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ মুখ্য লক্ষ্য হৈছে ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলৰ মাজত পাৰস্পৰিক বন্ধন অধিক দৃঢ় কৰা। এই কাৰ্যসূচীয়ে পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতামূলক মনোভাৱ সুসংগঠিতভাৱে গঢ়ি তোলাৰ উদ্দেশ্যে ৰচনা কৰা হৈছে। ১৪ দিনীয়া নিমজ্জিত এক্সপ’জাৰ ভ্ৰমণ, শৈক্ষিক অধিবেশন, ঐতিহ্য ভ্ৰমণ আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে এই কাৰ্যসূচীয়ে যুৱ-যুৱতীসকলৰ মাজত অৰ্থপূৰ্ণ সংযোগ, সাংস্কৃতিক প্ৰশংসা আৰু পাৰস্পৰিক বুজাবুজি প্ৰসাৰিত কৰে। এতিয়ালৈকে পূৰ্বৰ দহটা বেটচত দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৩৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, আৰু বৰ্তমান চলি থকা দুটা বেটচত ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰি আছে। (পৰিশিষ্ট চাওক।)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই কাৰ্যসূচী ল’ৰা আৰু ছোৱালীৰ সম অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰচনা কৰা হৈছিল, যাৰ জৰিয়তে অন্তৰ্ভুক্তি আৰু সৱলীকৰণৰ প্ৰতি চৰকাৰৰ সুস্পষ্ট দায়বদ্ধতা প্ৰতিফলিত হৈছে। তেওঁ অষ্টলক্ষ্মী দৰ্শন কাৰ্যসূচীক ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ পদক্ষেপৰ অধীনত এক অনন্য সাংস্কৃতিক আৰু শৈক্ষিক বিনিময় হিচাপে অভিহিত কৰে, যিয়ে ভাৰতৰ অন্যান্য অঞ্চলৰ যুৱক-যুৱতীসকলক উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ সৈতে সংযোগ স্থাপনত সহায় কৰে। এই প্ৰক্ৰিয়াত তেওঁলোকে অঞ্চলটোৰ ভাষা, পৰম্পৰা আৰু জীৱনশৈলীৰ প্ৰামাণিক অভিজ্ঞতা লাভ কৰাৰ লগতে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ অনুভূতি অধিক গভীৰ কৰে। উত্তৰ-পূব ভাৰতৰ পৰ্যটন সম্ভাৱনাৰ সন্দৰ্ভত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই খণ্ডত অপৰিসীম সম্ভাৱনা নিহিত আছে, যিয়ে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ বাবে ব্যাপক সুযোগ সৃষ্টি কৰিব পাৰে। তেওঁ বিশেষকৈ ছিকিমৰ পৰ্যটনৰ বিশাল সম্ভাৱনাৰ কথাও উল্লেখ কৰে।

মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ অভিজ্ঞতা আৰু শিক্ষণৰ বিষয়ে মত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। তামিলনাডুৰ শ্ৰীমতী কীৰ্থানা পিয়ে এই কাৰ্যসূচীক এক উৎকৃষ্ট সুযোগ বুলি আখ্যা দি কয় যে ই বাস্তৱ জীৱনৰ অৰ্থপূৰ্ণ শিক্ষণৰ বাবে বিশেষ সুবিধা প্ৰদান কৰে। তামিলনাডুৰ ভিন্নভাবে সক্ষম ছাত্ৰ আনছাৰী এ ডাঙৰীয়াই এই সুযোগ প্ৰদান কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে, চণ্ডীগড়ৰ পৰা শ্ৰীমতী ৰাজনপ্ৰীত কৌৰে সামগ্ৰিক অভিজ্ঞতাৰ বিষয়ে কয় যে এই কাৰ্যসূচীৰ অংশ হ’বলৈ পাই তেওঁ গভীৰভাৱে সন্মানিত অনুভৱ কৰিছে আৰু ছিকিমত পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন একেলগে অগ্ৰসৰ হোৱাৰ বিষয়টো সুস্পষ্টভাৱে লক্ষ্য কৰিছে।
সামৰণি ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ আৰু সক্ৰিয় অংশগ্ৰহণক প্ৰশংসা কৰি তেওঁলোকক ছিকিমৰ জনসাধাৰণ, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিষয়ে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অভিজ্ঞতা ব্যাপকভাৱে ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়, লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱ আগুৱাই নিবলৈ অনুৰোধ জনায়। তেওঁ আশা ব্যক্ত কৰে যে ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ বহু স্মৰণীয় কাহিনী লগত লৈ ঘৰলৈ উভতি যাব। অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীৰ জৰিয়তে নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে ছাত্ৰ-ছাত্ৰীসকলক উত্তৰ-পূব ভাৰতৰ প্ৰামাণিক সংস্কৃতি, মানুহ আৰু পৰম্পৰাৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাত সহায় কৰা।

অষ্টলক্ষ্মী দৰ্শন যুৱ বিনিময় কাৰ্যসূচীয়ে সাংস্কৃতিক সংহতি, যুৱক-যুৱতীৰ মাজত সংযোগ আৰু জাতীয় ঐক্য প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সাৰমৰ্মৰ লগতে সহ-সমৃদ্ধিশালী আৰু বিকশিত ভাৰত ২০৪৭ৰ সামূহিক দৃষ্টিভংগী সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে।
পৰিশিষ্ট
|
Ashtalakshmi Darshan Youth Exchange Program at a Glance
|
|
Batches Completed-(total participants:390)
|
|
Batch
|
From
|
To
|
Host Institute
|
Host State
|
Visiting State(s)
|
Students
|
Guides
|
Total
|
|
|
1
|
1-Nov-25
|
14-Nov-25
|
Rajiv Gandhi University
|
Arunachal Pradesh
|
Goa(19), Uttarakhand(20)
|
39
|
4
|
43
|
|
|
2
|
15-Dec-25
|
28-Dec-25
|
IIT Guwahati
|
Assam
|
Andhra Pradesh(20), Himachal
Pradesh(20)
|
40
|
4
|
44
|
|
|
3
|
17-Dec-25
|
30-Dec-25
|
NIT Nagaland
|
Nagaland
|
Jammu&Kashmir(21)
|
21
|
2
|
23
|
|
|
4
|
03-Jan-26
|
16-Jan-26
|
NIT Nagaland
|
Nagaland
|
Punjab(19), Daman&Diu&
Dadra Haveli(20)
|
39
|
4
|
43
|
|
|
5
|
04-Jan-26
|
17-Jan-26
|
TripuraUniversity
|
Tripura
|
Andhra Pradesh(20), Karnataka
(20)
|
40
|
4
|
44
|
|
|
6
|
05-Jan-26
|
18-Jan-26
|
NIT Manipur
|
Manipur
|
Uttar Pradesh(19)
|
19
|
2
|
21
|
|
|
7
|
15-Jan-26
|
29-Jan-26
|
Mizoram University
|
Mizoram
|
Andaman& Nicobar Island(20),
Lakshadweep(20)
|
40
|
4
|
44
|
|
|
8
|
20-Jan-26
|
03-Feb-26
|
NIT Agartala
|
Tripura
|
Bihar(17),Gujarat(20)
|
37
|
3
|
40
|
|
|
9
|
01-Feb-26
|
14-Feb-26
|
IIM Shillong
|
Meghalaya
|
Odisha(20),Delhi(20)
|
40
|
4
|
44
|
|
|
10
|
01-Feb-26
|
14-Feb-26
|
Nagaland University
|
Nagaland
|
Kerala(20),Ladakh (20)
|
40
|
4
|
44
|
|
|
Ongoing Batches(totalparticipants:81)
|
|
11
|
09-Feb-26
|
22-Feb-26
|
Sikkim University
|
Sikkim
|
Chandigarh(20), Tamil Nadu(15)
|
35
|
2
|
37
|
|
|
12
|
15-Feb-26
|
28-Feb-26
|
Rajiv Gandhi University
|
Arunachal Pradesh
|
Pondicherry(20), Jharkhand(20)
|
40
|
4
|
44
|
|
*****
PS/AA
(ৰিলিজ আই ডি : 2231066)
অতিথি কক্ষ : 5