প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়তে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

পোষ্ট কৰা হৈছে: 20 FEB 2026 10:13PM by PIB Guwahati

নতুন দিল্লীত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট সন্মিলনৰ সময়তে আজি  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কৰা  ভ্ৰমণৰ পিছত বৰ্তমানৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী ৰামগুলামৰ এয়া হৈছে  দ্বিতীয়বাৰৰ বাবে কৰা ভাৰত ভ্ৰমণ।এই বৈঠক ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাৰ  শেহতীয়া টেলিফোনিক বাৰ্তালাপৰ পিছতো অনুষ্ঠিত হয়।

দুয়োগৰাকী নেতাই বৰ্ধিত কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি আৰু বাণিজ্য তথা নিয়োগ, সামুদ্ৰিক সুৰক্ষা, স্বাস্থ্য, শিক্ষা , ডিজিটেল সহযোগিতাৰ বিষয়ত পৰ্যালোচনা কৰে। তেওঁলোকে  উদীয়মান প্ৰযুক্তিসমূহৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতাক স্বীকাৰ কৰি অন্তৰ্ভুক্ত তথা বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱন-নেতৃত্বাধীন খণ্ডসমূহত সহযোগিতাৰ বিষয়ত সহমত ব্যক্ত কৰে।

নেতাদ্বয়ে  মৰিচাছৰ উন্নয়নৰ বাবে ভাৰতে সম্প্ৰসাৰিত কৰা বিশেষ অৰ্থনৈতিক পেকেজৰ ৰূপায়ণৰ বিষয়েও পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে মৰিচাছ ভাৰতৰ উন্নয়নৰ অন্যতম  অংশীদাৰ হিচাবে পৰিগণিত হৈছে।  যিয়ে পাৰস্পৰিক বিশ্বাস আৰু প্ৰগতিৰ প্ৰতি ভাগ-বতৰা কৰা  দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভিজন মহাসাগৰ আৰু নেইবাৰহুড ফাৰ্ষ্ট নীতিৰ অধীনত ভাৰত–মৰিচাছ অংশীদাৰিত্বৰ চিৰস্থায়ী গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে  পাৰস্পৰিক সমৃদ্ধিৰ ক্ষেত্ৰত গ্ল’বেল চাউথৰ ভাগ-বতৰা কৰা অগ্ৰাধিকাৰসমূহ আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ সন্মত হয়।

 

 

***

MJPS/ST/DM


(ৰিলিজ আই ডি : 2231050) অতিথি কক্ষ : 5