প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে
পোষ্ট কৰা হৈছে:
20 FEB 2026 9:37PM by PIB Guwahati
শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি ডাঙৰীয়াই নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত বৈঠকত মিলিত হয় ।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ ভাৰত–ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য তথা বিনিয়োগ বৃদ্ধিৰ বাবে বহু সুযোগ সৃষ্টি কৰিব।
আলোচনাকালত ডিজিটেল প্ৰযুক্তি, ষ্টাৰ্টআপ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, প্ৰতিৰক্ষা, মহাকাশ আৰু পাৰস্পৰিক আগ্ৰহৰ সৈতে জড়িত অন্যান্য ক্ষেত্ৰত সহযোগিতা বজাই ৰখাৰ বিষয়তো আলোচনা কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এই সন্দৰ্ভত লিখিছে;
'শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনি ডাঙৰীয়াৰ সৈতে মোৰ বৈঠক অতি ফলপ্ৰসূ আছিল।শেহতীয়া ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এয়ে আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে বহু সুযোগ সৃষ্টি কৰিব।আমি আলোচনা কৰা আন আন বিষয়সমূহৰ ভিতৰত আছিল ডিজিটেল প্ৰযুক্তি, ষ্টাৰ্টআপ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, প্ৰতিৰক্ষা, মহাকাশ আৰু আন বহু বিষয়ত সহযোগিতা বজাই ৰখা।
@PellegriniP_”
****
MJPS/ST/DM
(ৰিলিজ আই ডি : 2231044)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada