প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ ফেব্ৰুৱাৰীত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
সন্মিলনৰ বিষয়বস্তুঃ ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ অৰ্থাৎ সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ
সন্মিলনৰ তিনিটা মূল স্তম্ভঃ জনসাধাৰণ, পৃথিৱী আৰু প্ৰগতি
অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে ৫০০ৰো অধিক বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ নেতা, ২০ৰো অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী তথা প্ৰায় ৬০ গৰাকী মন্ত্ৰী আৰু উপ-মন্ত্ৰী
নেতাৰ পূৰ্ণাংগ অধিবেশনৰ লগতে চি ই অ’ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ প্ৰদৰ্শনী ২০২৬ত বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতে দেশৰ বীথিকাসমূহৰ অভিজ্ঞতা লাভ কৰিব প্ৰধানমন্ত্ৰীয়ে
১৮ ফেব্ৰুৱাৰীত সন্মিলনত অংশগ্ৰহণ কৰা নেতাসকলক আদৰণি জনাব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
18 FEB 2026 3:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ ভ্ৰমণ আৰু উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে ১৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ নেতাসকলক ভাৰত মণ্ডপমত আদৰণি জনাব। ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰা কেইবাজনো আন্তৰ্জাতিক নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
১৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ৯.৪০ বজাত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ লগতে সমগ্ৰ বিশ্বৰ উদ্যোগ খণ্ডৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ভাষণ দিব।
ইয়াৰ পাছত পুৱা প্ৰায় ১১ বজাত অন্যান্য নেতাসকলৰ সৈতে ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ প্ৰদৰ্শনী ২০২৬ৰ অভিজ্ঞতা লাভ কৰি তেওঁলোকে দেশৰ বিভিন্ন বীথিকা প্ৰত্যক্ষ কৰিব।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নেতাসকলৰ পূৰ্ণাংগ সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰপ্ৰধান, মন্ত্ৰী আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ প্ৰতিনিধিসকলে প্ৰশাসন, আন্তঃগাঁথনি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকে ধৰি কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত ৰাষ্ট্ৰীয় আৰু গোলকীয় অগ্ৰাধিকাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ পাব।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া ৫.৩০ বজাৰ পৰা চি ই অ’ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। এই বৈঠকত বিনিয়োগ, গৱেষণা সহযোগিতা, যোগান শৃংখলা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালীৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰী নেতৃত্বৰ সৈতে আন্তৰ্জাতিক প্ৰযুক্তি আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ কাৰ্যবাহীসকলক আহ্বান জনোৱা হ’ব।
ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ৰ বিষয়বস্তু হৈছে 'সৰ্বজন হিতায়, সৰ্বজন সুখায়' অৰ্থাৎ সকলোৰে বাবে কল্যাণ, সকলোৰে বাবে সুখ। ইয়াৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতক কৰ্ণধাৰ হিচাপে স্থান দিয়া আৰু এনে এক ভৱিষ্যতৰ কল্পনা কৰা, য’ত কৃত্ৰিম বুদ্ধিমত্তাই মানৱতাক আগুৱাই লৈ যোৱাৰ লগতে সৰ্বাত্মক বিকাশক উৎসাহিত কৰি আমাৰ পৃথিৱীক সুৰক্ষিত কৰে।
তিনিটা স্তম্ভঃ জনসাধাৰণ, পৃথিৱী আৰু প্ৰগতিৰ সৈতে সংলগ্ন হৈ সাতটা কাৰ্যকৰী দলে সন্মিলনখন পৰিচালনা কৰে। এই গোটসমূহে বিভিন্ন খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ প্ৰদৰ্শন কৰি দৃঢ় ফলাফল প্ৰদান কৰাৰ হকে কাম কৰিব। সাতটা বিষয়বস্তু হ’লঃ অৰ্থনৈতিক বিকাশ আৰু সামাজিক কল্যাণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, কৃত্ৰিম বুদ্ধিমত্তা সম্পদসমূহৰ গণতান্ত্ৰিকীকৰণ, সামাজিক সবলীকৰণৰ বাবে অন্তৰ্ভুক্তি, নিৰাপদ আৰু বিশ্বাসযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, মানৱ মূলধন, বিজ্ঞান, স্থিতিস্থাপকতা, উদ্ভাৱন আৰু দক্ষতা।
সন্মিলনখনে চি ই অ’/চি এক্স অ’, প্ৰায় ১০০ গৰাকী চি ই অ’ আৰু প্ৰতিষ্ঠাপক, ১৫০ গৰাকী শিক্ষাবিদ তথ গৱেষক আৰু ৪০০ গৰাকী চি টি অ’, ভি পি আৰু জনহিতৈষীকে ধৰি ৫০০ৰো অধিক আন্তৰ্জাতিক কৃত্ৰিম বুদ্ধিমত্তাৰ কৰ্ণধাৰক একত্ৰিত কৰিব। ইয়াৰ উপৰি ২০ গৰাকীৰো অধিক ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী আৰু প্ৰায় ৬০ গৰাকী মন্ত্ৰী তথা উপ-মন্ত্ৰীকে ধৰি ১০০ গৰাকীৰো অধিক চৰকাৰী প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ কৰিব।
****
MJPS/SR/DD
(ৰিলিজ আই ডি : 2229937)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam