প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’, ২০২৬ উদ্বোধন কৰে
পোষ্ট কৰা হৈছে:
16 FEB 2026 8:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’, ২০২৬ উদ্বোধন কৰে।
শ্ৰী মোদীয়ে কয় যে ইয়াত উদ্ভাৱক, গৱেষক আৰু প্ৰযুক্তি অনুৰাগীসকলৰ অংশগ্ৰহণে কৃত্ৰিম বুদ্ধিমত্তা, ভাৰতীয় প্ৰতিভা আৰু উদ্ভাৱনৰ অসাধাৰণ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে। তেওঁ কয় যে এআই-ৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে কেৱল ৰাষ্ট্ৰখনৰ বাবে ৰূপান্তৰশীল সমাধান নিৰ্ণয়েই নহয়, বৰঞ্চ বিশ্বৰ উন্নতিতো অৰিহণা যোগাব।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
“ভাৰত মণ্ডপমত ইণ্ডিয়া এআই ইম্পেক্ট এক্সপ’, ২০২৬ উদ্বোধন কৰো।
ইয়াত উদ্ভাৱক, গৱেষক আৰু প্ৰযুক্তি অনুৰাগীসকলৰ অংশগ্ৰহণে কৃত্ৰিম বুদ্ধিমত্তা (AI), ভাৰতীয় প্ৰতিভা আৰু উদ্ভাৱনৰ অসাধাৰণ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে। আমি একেলগে কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ বিশ্বখনৰ বাবেও সমাধান সূত্ৰ নিৰ্ণয় কৰিম!”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2229029)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada