প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতৰ প্ৰধান মুফতি শ্বেখ আবুবকৰ আহমেদৰ
পোষ্ট কৰা হৈছে:
16 FEB 2026 8:16PM by PIB Guwahati
ভাৰতৰ প্ৰধান মুফতি শ্বেখ আবুবকৰ আহমেদে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ইয়াত তেওঁলোকে বহুকেইটা বিষয়ত মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে সামাজিক সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে প্ৰধান মুফতিজনে গ্ৰহণ কৰা প্ৰশংসনীয় প্ৰচেষ্টাৰ শলাগ লয়।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ
“ভাৰতৰ প্ৰধান মুফতি শ্বেখ আবুবকৰ আহমেদ চাহাবৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ মত-বিনিময় কৰো। ইয়াত আমি একাধিক বিষয়ত মত-বিনিময় কৰো। তেওঁ সামাজিক সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰিছে।
@shkaboobacker”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2228931)
অতিথি কক্ষ : 5