গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ‘সেৱা তীৰ্থ’ উদ্বোধন কৰাটো ঐতিহাসিক বুলি অভিহিত কৰে

ভাৰতীয় গণতন্ত্ৰৰ হৃদয়ত জনসেৱাক সৰ্বোচ্চ স্থান দিয়াৰ ক্ষেত্ৰত আজিৰ দিনটো ঐতিহাসিক

‘সেৱা তীৰ্থ’ মোদীজীৰ নেতৃত্বত বিগত ১১ বছৰে চৰকাৰে নিস্বাৰ্থভাৱে সেৱাৰ মনোভাবেৰে আগবঢ়োৱা দায়বদ্ধতাৰ প্ৰতীক

এখন উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত ‘সেৱা তীৰ্থ’ মাইলৰ খুঁটিৰূপে প্ৰমাণিত হ’ব

পোষ্ট কৰা হৈছে: 13 FEB 2026 6:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ‘সেৱা তীৰ্থ’ উদ্বোধন কৰাটো ভাৰতীয় গণতন্ত্ৰৰ হৃদয়ত জনসেৱাক সৰ্বোচ্চ স্থান দিয়াৰ ক্ষেত্ৰত এয়া এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্সৰ এটা পোষ্টত কয়, "ভাৰতীয় গণতন্ত্ৰৰ বুকুত জনসেৱাক স্থান দিয়াৰ ক্ষেত্ৰত আজি এটা ঐতিহাসিক দিন, কিয়নো মোদীজীয়ে নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় 'সেৱা তীৰ্থ' উদ্বোধন কৰিছে। এই 'সেৱা তীৰ্থ' বিগত ১১ বছৰে মোদীজীৰ নেতৃত্বাধীন চৰকাৰৰ সংকল্পৰ প্ৰতীক, যিখন চৰকাৰে উন্নয়ন আৰু সেৱাৰ মনোভাবেৰে পৰিচালিত হৈ প্ৰতিজন নাগৰিকৰ বাবে জনহিতকৰ কাম কৰিছে, ই এখন উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ'ব।"

***

 

RK/PR/PS/KD


(ৰিলিজ আই ডি : 2227859) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam