গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত আয়োজিত “চাইবাৰ-চালিত প্ৰৱঞ্চনা আৰু বাতাবৰণ বিঘ্নিতকৰণেৰে মোকাবিলা” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনত মূল ভাষণ প্ৰদান কৰে
গৃহমন্ত্ৰীয়ে চিবিআই-ৰ নতুন চাইবাৰ অপৰাধ শাখা উদ্বোধন কৰাৰ লগতে আই৪চি-ৰ ৰাজ্যিক চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (S4C) ডেচব’ৰ্ড মুকলি কৰে
চাইবাৰ অপৰাধ প্ৰতিৰোধ আৰু হ্ৰাসৰ বাবে মোদী চৰকাৰৰ সকলো সংস্থাই সমন্বয়ৰে কাম কৰি আছে
ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি আৰু ভাৰতনেটৰ জৰিয়তে পঞ্চায়তৰ সৈতে সংসদক সংযোগ ডিজিটেল ইণ্ডিয়াৰ এক উল্লেখযোগ্য কৃতিত্ব
ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰতে নতুন অভিলেখ গঢ়িছে আৰু বিশ্বৰ প্ৰতিটো দ্বিতীয় ডিজিটেল লেনদেন ভাৰতত সম্পন্ন হৈছে
মই সমগ্ৰ দেশৰ আৰক্ষীক ১৯৩০ কল চেন্টাৰত পৰ্য্যাপ্ত কল হেণ্ডলাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালো
চাইবাৰ প্ৰৱঞ্চনাৰ ২০,০০০ কোটি টকাৰ ভিতৰত ৮,১৮৯ কোটি ফ্ৰীজ কৰি ভুক্তভোগীক ঘূৰাই দিয়াটো এটি অতিশয় গুৰুত্বপূৰ্ণ সফলতা, ইয়াৰ বাবে আই৪চি, চিবিআই আৰু সংশ্লিষ্ট সকলো সংস্থাকে অভিনন্দন জনালো
ভাৰত চৰকাৰ আৰু আৰু আৰবিআই-এ যৌথভাৱে প্ৰস্তুত কৰা মিউল একাউন্ট হান্টাৰ চফ্টৱেৰক সমগ্ৰ বেংকিং খণ্ডই অভিযোজনা কৰিব লাগে
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫-ৰ ডিচেম্বৰলৈকে চাইবাৰ নিৰাপত্তাৰ বাবে ১২ লাখ চিম কাৰ্ড বাতিল কৰি ৩ লাখ ম’বাইলৰ আইএমইআই ব্লকৰে ২০,৮৫৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে
আই৪চি-এ বেংক, ফিনটেক, এনবিএফচি আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ সৈতে সংযুক্ত ৭৯৫-ৰো অধিক প্ৰতিষ্ঠানৰ সৈতে সমন্বয় বৃদ্ধি কৰিছে
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে দেশৰ ৬২ টা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানক আই৪চি-ত অনব’ৰ্ড কৰিছে তথা ২০২৬-ৰ ডিচেম্বৰৰ ভিতৰত সমবায় বেংককে প্ৰমুখ্য কৰি সমূহকে অনব’ৰ্ড কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
চৰকাৰে চাইবাৰ অপৰাধৰ বাস্তৱ-সময়ৰ ৰিপ’ৰ্টিং, এফএছএল নেটৱৰ্ক, সামৰ্থ্য বিকাশ, গৱেষণা আৰু উন্নয়ন (R&D), সজাগতা তথা চাইবাৰ স্পেচত চাইবাৰ সুস্থতা নিশ্চিতকৰণৰ কৌশল সন্দৰ্ভত কাম কৰি আছে
আই৪চি-এ সংস্থাসমূহৰ মাজত সমন্বয়, চাইবাৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লৈছে
১০০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰী, ১৮১ বিলিয়নৰো অধিক ইউপিআই লেনদেন আৰু ৫৭ কোটি জন ধন একাউন্টেৰে ভাৰত চাইবাৰ সফল সমাজ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে
পোষ্ট কৰা হৈছে:
10 FEB 2026 8:32PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত আয়োজিত “চাইবাৰ-চালিত প্ৰৱঞ্চনা আৰু বাতাবৰণ বিঘ্নিতকৰণেৰে মোকাবিলা” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনত মূল ভাষণ প্ৰদান কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে চিবিআই-ৰ বিষয়াসকলৰ অভিষেক অনুষ্ঠানত অধ্যক্ষতা কৰি কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (CBI) নতুন চাইবাৰ অপৰাধ শাখা উদ্বোধন কৰে। শ্ৰী অমিত শ্বাহে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C) ৰাজ্যিক চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (S4C) ডেচব'ৰ্ডো মুকলি কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ সচিব, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ (DOPT) সচিব, ইন্টেলিজেন্স ব্যুৰ’ৰ (IB) সঞ্চালক, চিবিআই-ৰ সঞ্চালক আৰু আন-আন জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

ইয়াত মূল ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এই গুৰুত্বপূৰ্ণ সন্মিলন আয়োজন কৰাৰ বাবে চিবিআই আৰু আই৪চি-ক অভিনন্দন জনায়। তেওঁ কয় যে চাইবাৰ অপৰাধ ৰোধৰ বাবে একাধিক চৰকাৰী সংস্থাই সমন্বিতভাৱে একেলগে কাম কৰি আছে। শ্ৰী শ্বাহে কয় যে আই৪চি, ৰাজ্যিক আৰক্ষী বাহিনী, চিবিআই, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA), বলবৎকাৰী সঞ্চালকালয় (ED), টেলিকমিউনিকেচন বিভাগ, বেংকিং খণ্ড, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI), ন্যায়পালিকাই সামূহিকভাৱে চাইবাৰ অপৰাধ ৰোধৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই ক্ষেত্ৰত প্ৰতিটো প্ৰতিষ্ঠানে এটি গুৰুত্বপূৰ্ণ ভূমিকা আৰু দায়িত্ব পালন কৰিছে। ঈপ্সিত ফলাফল লাভ কৰিবলৈ সকলো অংশীদাৰৰ মাজত ঘনিষ্ঠ সমন্বয় অতিশয় প্ৰয়োজনীয়। শ্ৰী শ্বাহে চিবিআই আৰু আই৪চি-ৰ এই পদক্ষেপক অত্যন্ত তাৎপৰ্য্যপূৰ্ণ্য বুলি উল্লেখ কৰি লগতে কয় যে এই পদক্ষেপে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাসমূহক পাৰস্পৰিকভাৱে সংযোগ কৰাত সহায় কৰিব তথা গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিব। শেষত আশা কৰা ধৰণেৰে সফলতা লাভ সম্ভৱ হৈ উঠিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ‘ডিজিটেল ইণ্ডিয়া’ৰ যাত্ৰা উল্লেখযোগ্য। তেওঁ উল্লেখ কৰে যে ১১ বছৰ পূৰ্বে দেশত মাত্ৰ ২৫০ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰী আছিল, আনহাতে আজি ভাৰত ১ বিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সীমা অতিক্ৰম কৰি ডিজিটেল ডমেইনৰ নতুন শিখৰত উপনীত হৈছে। ব্ৰডবেণ্ড সংযোগ প্ৰায় ১৬ গুণ বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও ১-বিলিয়নৰ সীমা অতিক্ৰম কৰিছে। শ্ৰী শ্বাহে কয় যে এক গিগাবাইট ডাটাৰ ব্যয় ৯৭ শতাংশ হ্ৰাস পাইছে, ইয়াৰ ফলশ্ৰুতিত ইন্টাৰনেটৰ উপলব্ধতা আৰু ব্যৱহাৰ উভয়ৰে যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। তেওঁ কয় যে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি আৰু ভাৰতনেটৰ জৰিয়তে পঞ্চায়তৰ সৈতে সংসদক সংযোগ ডিজিটেল ইণ্ডিয়াৰ এক উল্লেখযোগ্য কৃতিত্ব। ভাৰতনেট প্ৰকল্পৰ অধীনত ১১ বছৰ পূৰ্বে মাত্ৰ ৫৪৬ খন গাঁও পঞ্চায়তক সংযোগ কৰা হৈছিল, আনহাতে আজি ২ লাখৰো অধিক গাঁও পঞ্চায়তক এই প্ৰকল্পৰ অধীনলৈ অনা হৈছে। তেওঁ ইউপিআই লেনদেনৰ অভূতপূৰ্ব বৃদ্ধিৰ বিষয়েও অৱগত কৰি কয় যে কেৱল ২০২৪-ত ভাৰতে ১৮১ বিলিয়নৰো অধিক ডিজিটেল লেনদেনৰ অভিলেখ গঢ়িছিল, ইয়াৰ মুঠ মূল্য ২৩৩ ট্ৰিলিয়ন টকাৰো অধিক।

শ্ৰী অমিত শ্বাহে কয় যে ইউপিআই আৰম্ভ হোৱাৰ পূৰ্বে ডিজিটেল লেনদেনৰ বিষয়ে তুলনা কৰাটো সম্ভৱ নহয় যদিও ২০২৪-ত ১৮১ বিলিয়নৰো অধিক ডিজিটেল লেনদেন কৰা হৈছিল। এই লেনদেনৰ সুৰক্ষা নিশ্চিত কৰাটো এটা শক্তিশালী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল যাক ক্ৰমাগতভাৱে শক্তিশালী কৰা হৈছে। তেওঁ কয় যে যদি আমি বিশ্বৰ দৃষ্টিকোণৰ পৰা চাওঁ তেন্তে ভাৰতে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে আৰু বিশ্বৰ প্ৰতিটো দ্বিতীয় ডিজিটেল লেনদেন ভাৰতত সম্পন্ন হৈছে। তেওঁ বিশ্ব পৰ্য্যায়ত দেশৰ ডিজিটেল পেমেন্ট ব্যৱস্থাক অধিক শক্তিশালী আৰু সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মাত্ৰ ২০২৪-তে সকলো পেমেন্ট চিষ্টেমৰ লেনদেনৰ ৯৭ শতাংশ ডিজিটেল ম’ডৰ জৰিয়তে কৰা হৈছিল আৰু ভলিউমৰ ক্ষেত্ৰত এই হাৰ ৯৯ শতাংশত উপনীত হৈছে। এই লেনদেনসমূহক সুৰক্ষিত কৰাটো আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ পূৰ্বে দেশৰ প্ৰায় ৬০০ নিযুত লোকৰ এটাও বেংক একাউন্ট নাছিল। কিন্তু ২০২৬-ৰ ফেব্ৰুৱাৰীলৈকে ৫৭০ নিযুতৰো অধিক জন ধন একাউন্ট খোলা হৈছে। একেদৰে ৰুপে ডেবিট কাৰ্ডৰ সংখ্যা ৩৯ কোটি ৮১ লাখ হৈছেহি আৰু ২০২৬-ৰ ডিচেম্বৰলৈকে এই পৰিসংখ্যাই প্ৰায় ৫০ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। শ্ৰী শ্বাহে কয় যে এই বৃহৎ ডিজিটেল লেনদেনৰ লগতে চৰকাৰে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ (DBT) জৰিয়তে প্ৰায় ১৭৬ কোটি হিতাধিকাৰীৰ একাউন্টলৈ ৪৮ লাখ কোটি টকাৰো অধিক ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰিছে। তেওঁ কয় যে জিইএম পৰ্টেল, মুক্ত বজাৰ আৰু আন-আন চৰকাৰী প্লেটফৰ্মসমূহো এই একেটা ডিজিটেল ব্যৱস্থাৰ অংশ। ১০০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰী, ১৮১ বিলিয়নৰো অধিক ইউপিআই লেনদেন আৰু ৫৭ কোটি জন ধন একাউন্টেৰে ভাৰত চাইবাৰ সফল সমাজ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

শ্ৰী অমিত শ্বাহে কয় যে চাইবাৰ সুৰক্ষা এতিয়া কেৱল অৰ্থনৈতিক সুৰক্ষাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ এতিয়া ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সেয়েহে ডিজিটেল বিপ্লৱক আগুৱাই নিয়াৰ লগতে অৰ্থনৈতিক, সামাজিক, প্ৰশাসনিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মাত্ৰাসমূহক সুৰক্ষিত কৰাটো সকলো অংশীদাৰৰে এক সামূহিক দায়িত্ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ২০১৯-ৰ জানুৱাৰীত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আই৪চি-এ সমগ্ৰ দেশতে এক শক্তিশালী আৰু ব্যাপক চাইবাৰ আন্তঃগাঁথনি সফলতাৰে গঢ়ি তুলিছে। তেওঁ উল্লেখ কৰে যে আই৪চি-এ ভিন্ন চৰকাৰী সংস্থাসমূহৰ মাজতো ফলপ্ৰসূ আৰু নিৰৱচ্ছিন্ন সমন্বয় স্থাপন কৰিছে। তেওঁ কয় যে দেশৰ ভিন্ন প্ৰান্তত অত্যাৱশ্যকীয় চাইবাৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, ইয়াৰ ফলশ্ৰুতিত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সময়োপযোগী, ফলপ্ৰসূ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কৃতিত্বসমূহৰ ওপৰত ভিত্তি কৰি ঈপ্সিত সফলতা লাভ কৰাৰ সময় এতিয়া আহি পৰিছে। তেওঁ লগতে কয় যে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, ফৌজদাৰী ন্যায় প্ৰক্ৰিয়া আৰু ধন আদায়ৰ গোচৰৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে অগ্ৰগতি লাভ কৰিছো, কিন্তু এতিয়াও বহু মাত্ৰাক অধিক ফলপ্ৰসূভাৱে শক্তিশালী কৰাৰ প্ৰয়োজন আছে।
শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বে ব্যক্তিগত পৰ্য্যায়ত সংঘটিত চাইবাৰ অপৰাধক এতিয়া প্ৰতিষ্ঠানিক পদ্ধতিৰে কাৰ্য্যকৰী কৰা হৈছে। চাইবাৰ অপৰাধীয়ে ভিন্ন ধৰণৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি অহৰহভাৱে নিজৰ পদ্ধতিৰ বিকাশ কৰি আছে। তেওঁ কয় যে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ নিয়োজিত সকলো সংস্থা আৰু বিভাগৰ প্ৰতিনিধিয়ে তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ গভীৰভাৱে বুজি পোৱাটো আৰু সম্ভাৱ্য প্ৰতিটো স্তৰতে দুৰ্বলতাসমূহ কম কৰাৰ অংগীকাৰ কৰাটো এক সামূহিক দায়িত্ব। গৃহমন্ত্ৰীগৰাকীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজখনক অধিক ফলপ্ৰসূ কৰাৰ বাবে সুনিৰ্দিষ্ট আৰু সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ মন্ত্ৰালয়ে এক ব্যাপক আৰু বহু-মাত্ৰিক কৌশল গ্ৰহণ কৰিছে। এই কৌশলৰ মূল স্তম্ভসমূহৰ ভিতৰত আছে চাইবাৰ অপৰাধৰ বাস্তৱ-সময়ৰ ৰিপ’ৰ্টিং, এফএছএল নেটৱৰ্ক, সামৰ্থ্য বিকাশ, গৱেষণা আৰু উন্নয়ন (R&D), সজাগতা তথা চাইবাৰ স্পেচত চাইবাৰ সুস্থতা নিশ্চিত কৰা। তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে চিবিআই, এনআইএ, আৰবিআই, ৰাজ্যিক আৰক্ষী বাহিনী, আন-আন তদন্তকাৰী সংস্থা, চৰকাৰী বিভাগকে প্ৰমুখ্য কৰি সকলো সংশ্লিষ্ট অংশীদাৰক একত্ৰিত কৰি এক সমন্বিত আৰু অতিশয় সুৰক্ষিত বাতাবৰণ গঢ়ি তোলা। শ্ৰী শ্বাহে কয় যে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ভাৰতৰ ডিজিটেল বাতাবৰণক সুৰক্ষিত তথা বিশ্বাসযোগ্য কৰি তুলিবলৈ এনে সমন্বয় অতিশয় প্ৰয়োজনীয়।

শ্ৰী অমিত শ্বাহে কয় যে ২০২০-ৰ জানুৱাৰীৰ পৰা ২০২৫-ৰ ৩০ নৱেম্বৰলৈকে আই৪চি ৰিপ’ৰ্ট পৰ্টেলত ২৩০ নিযুতৰো অধিক বাৰ প্ৰৱেশ কৰা হৈছে। ইয়াৰ দ্বাৰা প্লেটফৰ্মটোৰ ব্যাপক গ্ৰহণযোগ্যতা আৰু গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত হয়। ২০২৫-ৰ ৩০ নৱেম্বৰলৈকে পৰ্টেলটোত ৮.২ নিযুতৰো অধিক চাইবাৰ অপৰাধ-সম্পৰ্কীয় অভিযোগ পঞ্জীয়ন কৰা হৈছিল, ইয়াৰে ১ লাখ ৮৪ হাজাৰ অভিযোগক এফআইআৰ-লৈ ৰূপান্তৰিত কৰা হৈছিল আৰু বৃহৎ সংখ্যক অভিযোগ ফলপ্ৰসূভাৱে সমাধান কৰা হৈছিল। শ্ৰী শ্বাহে কয় যে ২০২৫-ৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰায় ৬২ টা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে এই ব্যৱস্থাত যোগদান কৰিছে। তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৬-ৰ ডিচেম্বৰৰ পূৰ্বে সমবায় বেংককে প্ৰমুখ্য কৰি সকলো বেংকিং আৰু বিত্তীয় প্ৰতিষ্ঠানক সম্পূৰ্ণৰূপে ব্যৱস্থাটোত অনব’ৰ্ড কৰাৰ স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৩ লাখ ৬১ হাজাৰ চাইবাৰ জালিয়াতিৰ অভিযোগৰ জৰিয়তে চৰকাৰে ৮,১৮৯ কোটি টকা সফলতাৰে সুৰক্ষিত কৰিছে, এয়া এক উল্লেখযোগ্য সফলতা। তেওঁ কয়, চাইবাৰ প্ৰৱঞ্চনাৰ ২০,০০০ কোটি টকাৰ ভিতৰত ৮,১৮৯ কোটি ফ্ৰীজ কৰি ভুক্তভোগীক ঘূৰাই দিয়াটো এটি অতিশয় গুৰুত্বপূৰ্ণ সফলতা, ইয়াৰ বাবে আই৪চি, চিবিআই আৰু সংশ্লিষ্ট সকলো সংস্থাকে অভিনন্দন জনালো। শ্ৰী শ্বাহে কয় যে চাইবাৰ জালিয়াতিৰ খবৰ অহা মাত্ৰেকে প্ৰথমেই চৰকাৰে এই সন্দৰ্ভত কি কৰিছে বুলি স্বাভাৱিক প্ৰশ্ন উত্থাপিত হয়। তেওঁ কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫-ৰ ডিচেম্বৰলৈকে চাইবাৰ নিৰাপত্তাৰ বাবে ১২ লাখ চিম কাৰ্ড বাতিল কৰি ৩ লাখ ম’বাইলৰ আইএমইআই ব্লকৰে ২০,৮৫৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে চাইবাৰ জালিয়াতিৰ বলি হোৱা লোকসকলক ৰক্ষা কৰিবলৈ হেল্পলাইন ১৯৩০ এক ফলপ্ৰসূ আহিলা হিচাপে প্ৰমাণিত হৈছে। তেওঁ সমগ্ৰ দেশৰ আৰক্ষীক ১৯৩০ কল চেন্টাৰত পৰ্য্যাপ্ত কল হেণ্ডলাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে একেদৰে সকলো ব্যক্তিগত, ৰাজহুৱা আৰু সমবায় বেংকে তাৎক্ষণিকভাৱে ভাৰত চৰকাৰ আৰু আৰু আৰবিআই-এ যৌথভাৱে প্ৰস্তুত কৰা মিউল একাউন্ট হান্টাৰ চফ্টৱেৰক অভিযোজনা কৰিব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাইবাৰ অপৰাধ সম্পৰ্কে সজাগতা সৃষ্টিৰে আন্তঃগাঁথনিক সুদৃঢ় কৰিছে। প্ৰধানমন্ত্ৰীয়ে “মন কী বাত” কাৰ্য্যসূচীৰ জৰিয়তে চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি আহিছে। শ্ৰী শ্বাহে কয় যে এই প্ৰত্যাহ্বানৰ সৈতে কেৱল প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰে মোকাবিলা কৰিব নোৱাৰি। তেওঁ কয় যে আমি একেলগে কাম কৰি সজাগতা বৃদ্ধি আৰু স্থায়ী ব্যৱস্থা অক্ষুণ্ণ ৰাখিব লাগিব। ইয়াৰ জৰিয়তেহে ৰাষ্ট্ৰখনক চাইবাৰ অপৰাধৰ ক্ৰমবৰ্ধমান ভাবুকিৰ পৰা সুৰক্ষিত ৰাখিব পৰা যাব।
চিবিআই-এ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C) সহযোগত এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে।
*****
RK/PR/PS/SB
(ৰিলিজ আই ডি : 2226849)
অতিথি কক্ষ : 7