প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
11 FEB 2026 10:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ আৰু মানৱতাৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
"यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥"
সুভাশিতমত এইবুলি কোৱা হৈছে যে, ‘যাৰ মহানতা হিমালয়ৰ দ্বাৰা ধ্বনিত হয়, যাৰ গৌৰৱ নদীৰ সৈতে সাগৰলৈ বৈ যায় আৰু যাৰ দিশবোৰ শক্তিশালী বাহুৰ দৰে নত হয়, সেই ৰাষ্ট্ৰৰ প্ৰতি আমি আমাৰ সম্পূৰ্ণ সত্ত্বা সমৰ্পিত কৰো।’
শ্ৰী মোদীয়ে কয় যে অন্ত্যোদয়াৰ পথ প্ৰদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায়েও দেশৰ প্ৰতিগৰাকী ব্যক্তিক শক্তিশালী কৰাৰ বাবে এই মনোভাৱেৰে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘সৰ্ব সমৰ্পণ হৈছে সেই চেতনাৰ প্ৰকাশ, য’ত ৰাষ্ট্ৰ আৰু মানৱতাক সৰ্বোচ্চ জ্ঞান কৰা হয়। অন্ত্যোদয়াৰ পথপ্ৰ দৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায়েও এই মনোভাৱেৰে দেশৰ জনসাধাৰণক শক্তিশালী কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः।
यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥’
***
MJPS/VJ/NB
(ৰিলিজ আই ডি : 2226209)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam