গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত ‘ছত্তীশগড় @ ২৫ : শ্বিফ্টিং দ্য লেন্স’ শীৰ্ষক গ্ৰন্থখনক লৈ ৰাষ্ট্ৰীয় সন্মিলনত সম্বোধন কৰে
ইংৰাজী সাংবাদিকতাত ভাৰতৰ মূল আদৰ্শসমূহ সাহসেৰে আৰু স্পষ্টভাৱে উপস্থাপন কৰি অৰ্গেনাইজাৰে এক অবিস্মৰণীয় কাম কৰিছে
সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে যে মোদীজীৰ নেতৃত্বত ভাৰতৰ সফলতাই স্থিতিশীলতা আৰু সমৃদ্ধি নিশ্চিত কৰিব
আমি কেৱল ছত্তীশগড়ক ৰক্ত সন্ত্ৰাসৰ পৰা মুক্ত কৰাই নহয়, অতি কম সময়ৰ ভিতৰতে ছত্তীশগড়ক দেশৰ এক নম্বৰ ৰাজ্য কৰিম
যিসকলে মাওবাদী সমস্যাক উন্নয়নৰ অৱহেলাৰ উৎপাদন বুলি গণ্য কৰে তেওঁলোকে ৰাষ্ট্ৰক বিপথে পৰিচালিত কৰিছে
সমস্যাৰ সমাধান বন্দুকেৰে বুলি ভবাটো মাওবাদী মতাদৰ্শৰ উৎপাদন, আনহাতে আমাৰ সংবিধানৰ আত্মা আলোচনা, পৰ্যালোচনা আৰু সমাধানত নিহিত হৈ আছে
বাষ্টাৰ যদি মাওবাদী হিংসাত আক্ৰান্ত নহ’লহেঁতেন তেন্তে অপৰিসীম খনিজ সম্পদেৰে সমৃদ্ধ এই অংশ দেশৰ আটাইতকৈ চহকী অঞ্চল হ’লহেঁতেন
আমাৰ উদ্দেশ্য কাকো হত্যা কৰা নহয়, কিন্তু অস্ত্ৰ তুলি নিৰীহক হত্যা কৰা সেই নক্সালবাদীসকলক বাধা দিয়াটো আমাৰ কৰ্তব্য
কেলেংকাৰী, অনিয়ম আৰু দুৰ্নীতিৰ জৰিয়তে ছত্তীশগড়ক পৰিচিত কৰোৱা বিৰোধী চৰকাৰে নক্সালবাদী পৃষ্ঠপোষকতা কৰিছিল
বিৰোধীয়ে সৰু সৰু ৰাজ্য সৃষ্টিৰ ক্ষেত্ৰত বিপথে পৰিচালিত কৰিছিল যদিও অটলজীয়ে ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰাখণ্ড সৃষ্টি কৰি শান্তিপূৰ্ণ আৰু নিৰ্বিবাদ সমাধান আগবঢ়াইছিল
পোষ্ট কৰা হৈছে:
08 FEB 2026 9:02PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰায়পুৰত ভাৰত প্ৰকাশনে সাপ্তাহিক কাকত "অৰ্গেনাইজাৰ"ত প্ৰকাশ কৰা "ছত্তীশগড় @ ২৫ : শ্বিফ্টিং দ্য লেন্স" নামৰ গ্ৰন্থখনক লৈ ৰাষ্ট্ৰীয় সন্মিলনত সম্বোধন কৰে। এই অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
শ্ৰী অমিত শ্বাহে কয় যে "অৰ্গেনাইজাৰ"-এ ইংৰাজী সাংবাদিকতাত "প্ৰকৃত ভাৰত"ৰ ধাৰণাটোক সদায় অব্যাহত ৰাখিছে, নিজৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে আৰু ইয়াৰ বহুমাত্ৰিকতাক ভাৰতীয় জনসাধাৰণৰ আগত উপস্থাপন কৰিবলৈ কাম কৰিছে। তেওঁ কয় যে এই ধাৰাৰে আজি "ছত্তীশগড় @ ২৫ : শ্বফ্টিং দ্য লেন্স" বিষয়ক কনক্লেভৰ আয়োজন কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো ৰাষ্ট্ৰ বা ৰাজ্যৰ বাবে "নিৰাপত্তা, সমৃদ্ধি আৰু স্থিতিশীলতা" শব্দকেইটা অতি গুৰুত্বপূৰ্ণ আৰু স্বাধীনতাৰ পিছত সৃষ্টি হোৱা ছত্তীশগড়ৰ দৰে ৰাজ্যৰ বাবে ই তাতোকৈও গুৰুত্বপূৰ্ণ। তেওঁ কয় যে শ্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ সিদ্ধান্ত লৈছিল যে সৰু ৰাজ্যৰ ধাৰণাটো কেৱল পৰীক্ষা-নিৰীক্ষা নহয়, তাত থকা জনসাধাৰণৰ আকাংক্ষা পূৰণহে। তেওঁ কয় যে বাজপেয়ীৰ কাৰ্যকালত ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু ছত্তীশগড় সৃষ্টিৰ সিদ্ধান্ত একেলগে লোৱা হৈছিল। তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে যে মোদীজীৰ নেতৃত্বত ভাৰত সফল হ’লেহে বিশ্ব সুস্থিৰ আৰু সমৃদ্ধিশালী হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে অটলজীৰ কাৰ্যকালত সৃষ্টি হোৱা নতুন ৰাজ্যক লৈ কোনো মতানৈক্য নাছিল যদিও পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ সময়ত নতুন ৰাজ্য তেলেংগানাৰ সৃষ্টিৰ ফলত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল, যিটো এটা দশকৰো অধিক সময় ধৰি চলিছিল। তেওঁ কয় যে আজিও দুয়োখন ৰাজ্যৰ মাজত বহু বিবাদ অব্যাহত আছে। শ্ৰী শ্বাহে কয় যে তেওঁৰ দল আৰু মতাদৰ্শৰ লোকসকলে ভাল প্ৰদৰ্শন কৰিলেও কেৱল প্ৰশাসনিকভাৱে কাম কৰাসকলে প্ৰায়ে এই ৰাজ্যসমূহৰ তিক্ততা অনুভৱ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাজনীতিত মতাদৰ্শই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়েই শাসন ব্যৱস্থাক পৰিচালিত কৰে। মতাদৰ্শৰ অভাৱত ৰাজনৈতিক দল এটাই ৰাষ্ট্ৰ বা দেশক উপকৃত কৰিব নোৱাৰে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিকতাৰ জগতত অৰ্গেনাইজাৰে সদায় মতাদৰ্শৰ ভিত্তিত ৰাষ্ট্ৰীয় বিষয়ত উপযুক্ত আৰু সংযত হস্তক্ষেপ কৰি আহিছে। তেওঁ কয় যে সাংবাদিকতাৰ ধৰ্ম হৈছে নিৰ্ভীকভাৱে আৰু ইতস্ততঃ নকৰাকৈ নিজৰ মতামত প্ৰকাশ কৰা আৰু অৰ্গেনাইজাৰে সেই নিৰ্ভীকতা কেতিয়াও পৰিত্যাগ কৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অৰ্গেনাইজাৰক পূৰ্বে উপহাস, আওকাণ, বিৰোধিতা কৰা হৈছিল যদিও এই তিনিটা পৰ্যায়ত অৰ্গেনাইজাৰে কেতিয়াও নিজৰ মতাদৰ্শগত দৃষ্টিভংগী দৃঢ়ভাৱে প্ৰকাশ কৰিবলৈ ভয় কৰা নাছিল। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ পূৰ্বে আৰু পিছত ভাৰতৰ যাত্ৰাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বৃহৎ অৱদান আগবঢ়াইছে, যিটো কোনো ইতিহাসবিদে অস্বীকাৰ কৰিব নোৱাৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় আৰু সামাজিক জীৱনৰ এনে কোনো ক্ষেত্ৰ নাই য’ত সংঘৰ স্বেচ্ছাসেৱকসকলে ইতিবাচক অৱদান আগবঢ়োৱা নাই।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়ৰ বয়স ২৫ বছৰ হ’ল আৰু বিগত ২৫ বছৰত ৰাজ্যখনত বিপুল পৰিৱৰ্তন ঘটিছে। তেওঁ কয় যে আগতে বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশক বিমাৰু ৰাজ্য বুলি কোৱা হৈছিল। আজি মধ্যপ্ৰদেশ আৰু ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড, ৰাজস্থান আৰু বিহাৰ বিমাৰুৰ পৰা ওলাই আহি উন্নত ৰাজ্য হোৱাৰ পথত। শ্ৰী শ্বাহে কয় যে ইয়াৰ এটা ডাঙৰ কাৰণ হ’ল তেওঁৰ দলৰ চৰকাৰ দীৰ্ঘদিন ধৰি ক্ষমতাত আছে, যাৰ ফলত উন্নয়নৰ এটা সময় আহি পৰিছে। শ্ৰী শ্বাহে লগতে কয় যে তেওঁৰ দলৰ চৰকাৰে সুশাসন আৰু প্ৰশাসনৰ বিভিন্ন মানদণ্ড স্থাপনৰ বাবে কাম কৰিছে। তেওঁ কয় যে ২৫ বছৰ পূৰ্বে ছত্তীশগড়ক বিমাৰু আৰু নক্সাল প্ৰভাৱিত ৰাজ্য বুলি গণ্য কৰা হৈছিল যদিও আজি বিমাৰুৰ পৰা ওলাই আহি উন্নত ৰাজ্য হোৱাৰ উপক্ৰম হৈছে, আৰু নক্সালবাদ নিৰ্মূল হ’বলৈ ওলাইছে। এই গুণগত পৰিৱৰ্তন আনিছে তেওঁৰ দলৰ মতাদৰ্শগতভাৱে পৰিচালিত চৰকাৰখনে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ছত্তীশগড়ৰ ২৫ বছৰীয়া যাত্ৰাৰ প্ৰথম কেইবছৰমান বিৰোধী দলৰ শাসন আছিল আৰু অত্যাচাৰ, সংঘৰ্ষ তথা অসংখ্য আন্দোলন অব্যাহত আছিল। ইয়াৰ পিছত তেওঁ দলে ১৫ বছৰ ক্ষমতালৈ আহিছিল, আৰু এই ১৫ বছৰৰ ভিতৰতে উন্নয়নৰ প্ৰতিটো দিশতে ছত্তীশগড়ক আগুৱাই নিয়াৰ কাম কৰিছিল। তেওঁ কয় যে তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে নক্সালবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল যদিও বেছিভাগ সময়তে কেন্দ্ৰত বিৰোধী দলৰ ক্ষমতা আছিল। শ্ৰী শ্বাহে কয় যে তাৰ পিছত বিৰোধী দলটোৱে পাঁচ বছৰৰ বাবে ক্ষমতালৈ আহিছিল, যাৰ ফলত ছত্তীশগড়ৰ জনসাধাৰণক কেলেংকাৰী, প্ৰৱঞ্চনা, দুৰ্নীতিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। সেই চৰকাৰখন ক্ষমতালৈ অহাৰ লগে লগে ক্ষুদ্ৰ ৰাজ্যখনে অসংখ্য দুৰ্নীতিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ল। ছত্তীশগড়ত তেতিয়াৰ বিৰোধী দলৰ চৰকাৰে নক্সাল আন্দোলনক আশ্ৰয় দিছিল বুলিও তেওঁ কয়। শ্ৰী শ্বাহে লগতে কয় যে তাৰ পিছত তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিল আৰু ছত্তীশগড়ত উন্নয়নৰ নতুন আৰম্ভণি আৰম্ভ হ’ল।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ছত্তীশগড়ৰ ২০০০ আৰু ২০২৫ চনৰ বাজেট তুলনা কৰিলে দেখা যায় যে ২০২৫ চনত ছত্তীশগড়ৰ বাজেট ৩০ গুণ বৃদ্ধি পাইছে। ছত্তীশগড়ৰ জনমূৰি আয় ১৭ গুণ বৃদ্ধি পাইছে, আৰু ইয়াৰ জি এছ ডি পি ২৫ গুণ বৃদ্ধি পাইছে।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে যোৱা ২৫ বছৰত জলসিঞ্চনৰ অধীনত থকা ক্ষেত্ৰফল দুগুণ হৈছে, খাৰিফ শস্যৰ উৎপাদন তিনিগুণ বৃদ্ধি পাইছে আৰু ৰবি শস্য প্ৰায় ছয়গুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে পূৰ্বে মাত্ৰ ৭খন জিলা চিকিৎসালয় আছিল, যিটো এতিয়া ৩০খনলৈ বৃদ্ধি পাইছে, চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা এখনৰ পৰা ১৬খনলৈ বৃদ্ধি পাইছে আৰু অংগনবাড়ী কেন্দ্ৰৰ সংখ্যা ১৮ গুণ বৃদ্ধি পাইছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে অপুষ্টিৰ ফলত হোৱা মৃত্যুৰ হাৰ- যিটো আছিল ৬১, এতিয়া এয়া ১৫লৈ হ্ৰাস পাইছে, মাতৃৰ মৃত্যুৰ হাৰ- যিটো প্ৰতি লাখত ৩৬৫ আছিল, এতিয়া চৰকাৰী প্ৰচেষ্টাৰ বাবে ১৪৬লৈ হ্ৰাস পাইছে আৰু শিশুৰ মৃত্যুৰ হাৰ- যিটো আছিল ৭৯, এতিয়া ৩৭লৈ হ্ৰাস পাইছে, সাক্ষৰতাৰ হাৰ এতিয়া ৬৫ৰ পৰা ৭৯ শতাংশলৈ বৃদ্ধি পাইছে। পূৰ্বে এখনো আৱাসিক একলব্য বিদ্যালয় নাছিল, এতিয়া যাৰ সংখ্যা ৭৫ আৰু হোষ্টেলত পঢ়া শিশুৰ সংখ্যাও তিনিগুণ বৃদ্ধি পাইছে। গ্ৰাম্য পথ নিৰ্মাণৰ ক্ষেত্ৰত ৯৮ গুণ বৃদ্ধিৰ লগতে বিনিয়োগ ২৪৭ গুণ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি ছত্তীশগড় প্ৰায় ৭.৫ শতাংশ বৃদ্ধিৰ হাৰত আগবাঢ়িছে, যিটো কল্পনাতীত। ছত্তীশগড়ত কৃষি ক্ষেত্ৰত ১৭ শতাংশ, উদ্যোগত ৪৮ শতাংশ আৰু সেৱা খণ্ডত ৩৫ শতাংশ বৃদ্ধি দেখা গৈছে। তেওঁ কয় যে দেশৰ কোনো ৰাজ্য চৰকাৰে যদি বিগত ২৫ বছৰত জনজাতীয় কল্যাণৰ বাবে সৰ্বোত্তম কাম কৰিছে তেন্তে সেয়া হৈছে ছত্তীশগড় চৰকাৰ।
শ্ৰী অমিত শ্বাহে কয় যে যিসকলে মাওবাদী সমস্যাক উন্নয়নৰ অৱহেলাৰ ফল বুলি গণ্য কৰে তেওঁলোকে দেশখনক বিপথে পৰিচালিত কৰিছে। তেওঁ প্ৰশ্ন কৰে যে যেতিয়া নক্সাল সংকট আৰম্ভ হৈছিল তেতিয়া দেশৰ ১০০ খন জিলা আছিল বাষ্টাৰতকৈ অধিক অনুন্নত, কিন্তু তাত নক্সাল সমস্যাৰ উদ্ভৱ হোৱা নাছিল কিয়? তেওঁ কয় যে যদি বাষ্টাৰ মাওবাদী হিংসাত আক্ৰান্ত নহ’লহেঁতেন তেন্তে অপৰিসীম খনিজ সম্পদেৰে সমৃদ্ধ এই অংশ দেশৰ আটাইতকৈ সমৃদ্ধিশালী অঞ্চল হ’লহেঁতেন। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যা আইন-শৃংখলা আৰু উন্নয়নৰ সৈতে জড়িত নহয়, বৰঞ্চ মতাদৰ্শৰ সৈতেহে জড়িত। এই আন্দোলনক মাওবাদৰ নাম ৰখা হৈছে কাৰণ এই মতাদৰ্শত সমস্যাৰ সমাধান কেৱল বন্দুকৰ দ্বাৰাহে নিহিত হৈ থাকে। শ্ৰী শ্বাহে কয় যে মাওবাদীয়ে দৰিদ্ৰ, অশিক্ষিত জনজাতীয় যুৱক-যুৱতীসকলৰ হাতত অস্ত্ৰ-শস্ত্ৰ ৰাখি তিৰুপতিৰ পৰা পশুপতিনাথলৈ ৰেড কৰিডৰৰ শ্লোগান দি চাৰে চাৰি দশক ধৰি অঞ্চলটোৰ উন্নয়নত বাধা আৰোপ কৰিছিল। মাওবাদীয়ে এই অঞ্চলৰ উন্নয়নক ভৰিৰে মোহাৰিছে। তেওঁ কয় যে ১০ বছৰৰ পাছত বাষ্টাৰ দেশৰ ভিতৰতে আটাইতকৈ উন্নত জনজাতীয় জিলা হ’ব৷ তেওঁ কয় যে সমস্যাৰ সমাধান বন্দুকেৰে হব বুলি কৰা ধাৰণাটো মাওবাদী মতাদৰ্শৰ উৎপাদন, আনহাতে আমাৰ সংবিধানৰ আত্মা আলোচনা, পৰ্যালোচনা আৰু সমাধানত নিহিত হৈ আছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰক্ত সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলে দশক দশক ধৰি এই অঞ্চলত উন্নয়নৰ গতি লাভ কৰাত বাধা দিছিল। তেওঁ কয় যে আজি ইয়াত স্কুল-চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, পথ নিৰ্মাণ কৰা হৈছে, ৰে’লপথ আহি আছে, ভাৰত চৰকাৰেও সাত লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ আঁচনিত অনুমোদন দিবলৈ ওলাইছে। শ্ৰী শ্বাহে কয় যে হাজাৰ হাজাৰ জনজাতীয় শিশুৰ মৃত্যু হৈছে, জীৱন ধ্বংস হৈছে আৰু এই লোকসকলে চৰকাৰে গুলী চলাইছে বুলি প্ৰচাৰ চলাইছে। তেওঁ কয় যে ভাৰত চৰকাৰ আৰু ছত্তীশগড় চৰকাৰে কাৰো ওপৰত গুলী চলাব নিবিচাৰে, যদি সকলো নক্সালীয়ে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰে তেন্তে আমি তেওঁলোকক ৰঙা দলিছাৰে আদৰি লম। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে হাতত বন্দুক লৈ থিয় হৈ থকা ছোৱালীকেইজনীক আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। কাৰণ তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে এটা অতি ভাল জীৱন। শ্ৰী শ্বাহে কয় যে ৯০% অঞ্চল নক্সালবাদৰ পৰা মুক্ত হৈছে আৰু ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে আমি এই দেশৰ পৰা মাওবাদী সমস্যা উভালি পেলাম।




***
RK/RR/PR/PS/KD
(ৰিলিজ আই ডি : 2225284)
অতিথি কক্ষ : 13