কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত মধ্যপ্ৰদেশৰ ছেহোৰ জিলাৰ আমলাহাৰ পৰা শুভাৰম্ভ দেশজোৰা দাইল বিপ্লৱ

দাইল আমদানি কৰাটো আমাৰ বাবে লজ্জাজনক কথা; এতিয়া ভাৰত দাইলৰ ৰপ্তানিকাৰক দেশ হ’ব: শ্ৰী শিৱৰাজ সিং চৌহান

বীজৰ পৰা বজাৰলৈ – পালছ মিছনত সমগ্ৰ মূল্য শৃংখলৰ বিষয়ত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে : শ্ৰী চৌহান

ক্লাষ্টাৰ মডেল, বীজ গাঁও আৰু ১০০০ টা পালচ মিল – শ্ৰী শিৱৰাজ সিঙে দাইল জাতীয় শস্যৰ আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে

আন্তঃৰাষ্ট্ৰীয় চুক্তিত ভাৰতীয় কৃষকৰ স্বাৰ্থৰ বিষয়ত কোনো আপোচ কৰা হোৱা নাইঃ শ্ৰী শিৱৰাজ সিং

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে প্ৰতিশ্ৰুতিবদ্ধ কৃষকৰ হৈ প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰে

শ্ৰী শিৱৰাজ সিং চৌহানে কৃষকৰ সৈতে গৱেষণাক সংযোগ কৰা অত্যাধুনিক এফ এল আৰ পি কেম্পাছ উদ্বোধন কৰে

কেন্দ্ৰীয় আৰু ৰাজ্যিক কৃষি মন্ত্ৰী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী, বিজ্ঞানী, আৰু কৃষকসকলে পালচ মিছনত ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতাৰ বিষয়ত অনুষ্ঠিত আলোচনাত অংশগ্ৰহণ কৰে

প্ৰগতিশীল কৃষক, এফ পি অ’, বীজ কোম্পানী আৰু মিলাৰৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে আমলাহাত অনুষ্ঠিত আলোচনাত পালছৰ পৰা প্ৰটিনৰ মূল্য সংযোজনলৈকে বিভিন্ন বিষয়ত আলোকপাত কৰা হয়

পোষ্ট কৰা হৈছে: 07 FEB 2026 7:57PM by PIB Guwahati

ভাৰতৰ দাইল  নীতি আৰু কৃষককেন্দ্ৰিক কৃষি পদক্ষেপৰ এক নতুন অধ্যায় আজিৰে পৰা আৰম্ভ হৈছে মধ্যপ্ৰদেশৰ ছেহোৰ জিলাৰ আমলাহাৰ খাদ্য মাহজাতীয় শস্য গৱেষণা কেন্দ্ৰ (এফ এল আৰ পি)ত। ইয়াৰ পৰাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত দেশজোৰা দাইল বিপ্লৱ আৰম্ভ হয়। আজি  অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় দাইল সম্পৰ্কীয় পৰামৰ্শ আৰু কৌশল বিষয়ক  বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী চৌহান, কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী  ড° মোহন যাদৱ, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী, কেইবাখনো ৰাজ্যৰ কৃষি মন্ত্ৰী, শীৰ্ষ বিজ্ঞানী, আইচিএআৰ- আইচিএআৰডিএৰ প্ৰতিনিধি, প্ৰগতিশীল কৃষক, এইপিঅ', বীজ আৰু মাহজাতীয় শস্যৰ মিলৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা এই অনুষ্ঠানৰ  বাৰ্তা আছিল  স্পষ্ট : দাইল জাতীয় শস্যৰ  ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ভাৰতৰ পৰিকল্পনা  এতিয়া দিল্লীৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা নহয়, পথাৰৰ পৰাই প্ৰস্তুত  কৰা হ’ব।

 

 

ভাৰতৰ দাইল  নীতি আৰু কৃষকৰ স্বাৰ্থৰ বিষয়ত  দুটা ডাঙৰ ঘোষণা

অনুষ্ঠানত এহাতে আমলাহা (ছেহোৰ)ৰ খাদ্য মাহজাতীয় শস্য গৱেষণা কেন্দ্ৰ (এফ এল আৰ পি)ৰ পৰা ‘ দাইলত আত্মনিৰ্ভৰশীলতা অভিযান’ৰ পৰিকল্পনা  চূড়ান্ত কৰা হয়, আনহাতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বিৰোধীৰ আশংকাক অস্বীকাৰ  কৰি এইবুলি স্পষ্ট বাৰ্তা দিয়ে যে  দাইল   আমদানি কৰাটো আমাৰ বাবে লজ্জাজনক বিষয়; এতিয়া ভাৰত  দাইলৰ  ৰপ্তানিকাৰক দেশ হৈ পৰিব আৰু শেহতীয়া  আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে ভাৰতীয় কৃষকৰ স্বাৰ্থত সামান্যতমো বিৰূপ প্ৰভাৱ  নেপেলায়।

কৃষকৰ পৰা প্ৰধানমন্ত্ৰীলৈ ধন্যবাদসূচক বাৰ্তা; বিৰোধীক চোকা সমালোচনা

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে স্পষ্টৰূপত  উল্লেখ কৰে  যে  “দেশ বিক্ৰী হ’ল, কৃষক বিক্ৰী হ’ল, কৃষক উদ্ধাস্ত  হ’ব” বুলি বিৰোধীয়ে প্ৰচাৰ কৰা আখ্যান আজিৰ এই অনুষ্ঠানৰ পিছত আৰু টিকি থাকিব নোৱাৰে। শ্ৰী চৌহানে কয় যে শেহতীয়াকৈ কৰা চুক্তি এক ঐতিহাসিক আৰু উল্লেখযোগ্য চুক্তি,  যিয়ে ভাৰতৰ প্ৰগতি আৰু উন্নয়নৰ বাবে নতুন দুৱাৰ মুকলি কৰিব, ৰপ্তানি বৃদ্ধি কৰিব, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব  আৰু কৃষকৰ আয় বৃদ্ধি কৰিব।  কিয়নো আমাৰ মছলা ৰপ্তানি হ’ব, সেই দেশসমূহলৈ ধানৰ ৰপ্তানি বৃদ্ধি পাব, আমাৰ দুগ্ধজাত সামগ্ৰী সুৰক্ষিত হ’ব আৰু তেনেকৈয়ে ভাৰতীয় কৃষকসকলে যথেষ্ট উপকৃত হ’ব।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- ‘এই ঐতিহাসিক চুক্তিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী  আৰু ভাৰতৰ কৃষকসকলৰ হৈ  – ইয়াত থিয় হৈ থকা আমি সকলো কৃষি মন্ত্ৰীয়ে তেওঁক আন্তৰিক অভিনন্দন জনাইছো, তেওঁক আদৰণি জনাইছো  আৰু তেওঁক এইবাবেই  ধন্যবাদ জনাইছো যে তেওঁৰ নেতৃত্বত আমাৰ কৃষকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈছে।ভাৰতৰ প্ৰতিগৰাকী  কৃষকে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আৰু ধন্যবাদ জনাইছে ।  কৃষকৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত কৃতজ্ঞ।

আমলাহাৰ পৰাই অনুৰণিত হ'ল  পালছ মিছনত ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতাৰ ধ্বনি

‘পালছ মিছনত আত্মনিৰ্ভৰশীলতা ’ বিষয়ক ৰাষ্ট্ৰীয় সভাখনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে উপস্থিতসকলক উদ্দেশ্যি  কয় - আপোনালোকে বুজিব পাইছে  যে আজি সমগ্ৰ ভাৰত আমলাহাত একত্ৰিত হৈছে। শ্ৰী শিৱৰাজ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প হৈছে  এয়াই যে  এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ বাবে স্বাৱলম্বী ভাৰত অপৰিহাৰ্য আৰু সেই দিশত দাইলত আত্মনিৰ্ভৰশীলতা লাভ কৰাটো  এক ডাঙৰ লক্ষ্য। প্ৰধানমন্ত্ৰীৰ সংকল্প হ’ল ভাৰতেও দাইলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব লাগে; আমি বাহিৰৰ পৰা দাইল আমদানি নকৰো, কিন্তু কাইলৈ ​​আমি এনে এটা পৰ্যায়ত উপনীত হ’ম,  যেতিয়া  আমি দাইল ৰপ্তানি কৰিম। ইয়াৰ বাবে তেওঁ ‘পালছ মিছনত আত্মনিৰ্ভৰশীলতা ’ মিছন আৰম্ভ কৰিছো। সেই মিছনৰ ৰাষ্ট্ৰীয় সভা আজি ইয়াত অনুষ্ঠিত হৈছে।

 

কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্বকলৈ আস্থা প্ৰকাশ

চলিত বৰ্ষক ‘কৃষক কল্যাণ বৰ্ষ’ হিচাপে ঘোষণা কৰাৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাই শ্ৰী চৌহানে কয় যে ভাৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কৰা মধ্যপ্ৰদেশ চৰকাৰৰ সৈতে পূৰ্ণাংগ সহযোগিতা আগবঢ়াব। প্ৰতিটো  পদক্ষেপতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব, যাতে ৰাজ্যখনৰ  কৃষকৰ আয় বৃদ্ধি পাব পাৰে, শস্যৰ উৎপাদন বৃদ্ধি পাব পাৰে আৰু নতুন মূল্য সংযোজনৰ সুযোগ সৃষ্টি কৰিব পাৰে।  তেওঁ লগতে কয় যে সকলো ৰাজ্যৰ কৃষি মন্ত্ৰীসকলে তেওঁলোকৰ  নিজ নিজ ৰাজ্যত সুকীয়াকৈ পৰিকল্পনা  প্ৰস্তুত কৰিব, যাতে প্ৰতিখন ৰাজ্যৰ প্ৰয়োজন অনুযায়ী দাইল  মিছনক আগুৱাই নিব পৰা যায়।

বিৰোধীক আক্ৰমণ: “কৃষক উদ্ধাস্ত হ’ব” বুলি বিয়পোৱা  উৰাবাতৰি  মিছা  প্ৰমাণিত হ’ল

ভাৰত-আমেৰিকা চুক্তিক লৈ চলি থকা ৰাজনৈতিক বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিঙে বিৰোধীক চোকা সমালোচনা কৰে । তেওঁ কয় যে আমাৰ বিৰোধীয়ে এনে এখন ছবি দাঙি ধৰিব বিচাৰিছে যে আমেৰিকাৰ সৈতে চুক্তি হ’লে ভাৰতীয় কৃষকসকলক ধ্বংস আৰু  উদ্ধাস্ত হৈ পৰিব৷ তেওঁ সোঁৱৰাই দিয়ে যে একেজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই “মই দেশক শিৰ নত হ'বলৈ নিদিওঁ” বুলি কৈছিল ।  লগতে  তেওঁ কৈছিল যে যিকোনো  মূল্যৰ বিনিময়ত কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰা  হ’ব। এফটিএৰ পূৰ্বে ইউৰোপীয় সংঘৰ ২৭খন দেশৰ সৈতে হোৱা চুক্তি আৰু  আমেৰিকাৰ সৈতে হোৱা শেহতীয়া চুক্তিয়ে আজি দেখুৱাইছে যে দেশখনৰ  কৃষকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে।

কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে স্পষ্ট সুৰক্ষা ব্যৱস্থা: “এই সামগ্ৰীসমূহ আমেৰিকাৰ পৰা নাহে”

কৃষকৰ মূল চিন্তাৰ বিষয়ে  আলোকপাত  কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে কয় যে তেওঁ কেৱল কৃষকৰ ফালে থাকিহে কথা ক’ব। আমাৰ মাকৈৰ দৰে শস্যবোৰ –  বাহিৰৰ পৰা আহিব বুলি বিৰাট  হুলস্থুল কৰা হৈছিল – কিন্তু সেয়া একেবাৰে নহ’ল৷ মাকৈ , ঘেঁহু, চাউল, সৰিয়হ, হাঁহ-কুকুৰা, গাখীৰ, পানীৰ, ইথানল, ধঁপাত,  নানা ধৰণৰ শাক-পাচলি আৰু আন কেইবাটাও কৃষি তথা  দুগ্ধজাত সামগ্ৰীক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এই সামগ্ৰীসমূহৰ ক্ষেত্ৰত  ভাৰতৰ বজাৰ ভাৰতীয় কৃষকৰ বাবে সুৰক্ষিত; মাকৈ , ঘেঁহু, চাউল, সৰিয়হ, হাঁহ-কুকুৰাৰ সামগ্ৰী, গাখীৰ, পনীৰ, ইথানল, ধঁপাত, নানা ধৰণৰ  শাক-পাচলি আমেৰিকাৰ পৰা অনা নহয়। তেওঁ  কয় যে সেইবোৰ  আমেৰিকাৰ পৰা নাহে; সেয়ে ভাৰতৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈছে।

ৰপ্তানিৰ নতুন সুযোগ: বাছমতী, মছলা আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰত নতুন গতি

শ্ৰী চৌহানে কয় যে এই চুক্তিয়ে দেশৰ অন্যান্য খণ্ডসমূহকো,  বিশেষকৈ আমাৰ ৰপ্তানিকাৰক, এম এছ এম ই আৰু যুৱক-যুৱতীসকলক উপকৃত কৰিব। তেওঁ উল্লেখ কৰে যে ভাৰতীয় সামগ্ৰীৰ ওপৰত পৰম্পৰাগত শুল্ক প্ৰায় ১৮ শতাংশলৈ হ্ৰাস পাব, যাৰ ফলত বস্ত্ৰ, পোছাক, চামৰা, জোতা, প্লাষ্টিক, ৰবৰৰ সামগ্ৰী, জৈৱিক ৰাসায়নিক পদাৰ্থ, ঘৰুৱা সজ্জা, হস্তশিল্প আৰু নিৰ্বাচিত যন্ত্ৰপাতিৰ  ক্ষেত্ৰত বিশাল বজাৰ তথা  সুযোগৰ পথ  মুকলি হ’ব। তেওঁ উল্লেখ কৰে যে জেনেৰিক ঔষধ, ৰত্ন, গহনা, বিমানৰ যন্ত্ৰাংশ আৰু আন বহু সামগ্ৰীৰ ক্ষেত্ৰত  শুল্ক শূন্যলৈ হ্ৰাস পাব, যাৰ ফলত ভাৰতৰ ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা তথা ‘মেক ইন ইণ্ডিয়া’ৰ ধাৰণা অধিক  শক্তিশালী হ’ব।

কৃষিৰ প্ৰেক্ষাপটত তেওঁ কয় যে বাছমতী চাউল আৰু মছলাৰ ক্ষেত্ৰত বিশেষ সুবিধা  হ'ব । হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ বাছমতী খেতিয়কৰ বাবে ১৮%লৈ শুল্ক হ্ৰাসে  নতুন সুযোগ মুকলি হ’ব। তেওঁ উল্লেখ কৰে যে পূৰ্বে এনে সামগ্ৰীৰ ৰপ্তানি প্ৰায় ৬৩,০০০ কোটি  টকাৰ  আছিল, যি আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে বৰ্ধিত বস্ত্ৰ ৰপ্তানিয়ে কপাহ উৎপাদনকাৰী কৃষকসকলকো উপকৃত কৰিব।

 

দাইলৰ ক্ষেত্ৰত দৃঢ় বাৰ্তা: “বিদেশৰ পৰা দাইল  আমদানি কৰাটো আনন্দৰ নহয়, লাজৰহে কথা”

দাইলৰ প্ৰসংগত  শ্ৰী চৌহানে স্পষ্টভাবে  কয় যে দাইল আমদানি কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় নহয়। তেওঁ  কয়-প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে “দাইলৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। বৰ্তমান আমি বিদেশৰ পৰা দাইল আমদানি কৰিব লাগে... যদি আমি বিদেশৰ পৰা দাইল আমদানি কৰিবলগীয়াই হয়, তেন্তে সেয়া আমাৰ বাবে আনন্দৰ কথা নহয়, বৰঞ্চ লাজৰহে কথা।”

মধ্যপ্ৰদেশৰ কৃষকসকলক অভিনন্দন জনাই তেওঁ কয় যে  মধ্যপ্ৰদেশ দাইল উৎপাদনৰ ক্ষেত্ৰত এতিয়াও দেশৰ ভিতৰতে প্ৰথম স্থানত আছে। তেওঁ  সতৰ্ক কৰি দিয়ে যে দাইলৰ খেতি কৰা  অঞ্চল হ্ৰাস পাইছে, যিটো বৃদ্ধি কৰাটো প্ৰয়োজন। তেওঁ স্বীকাৰ কৰে যে কৃষকসকলে তেনে  শস্যৰ খেতি কৰে যি শস্যই তেওঁলোকক  অধিক লাভ দিয়ে – লাভজনক হ’লে ঘেঁহুৰ খেতি কৰে , যদি লাভজনক হয় তেন্তে বুটৰ  খতি কৰে  – গতিকে দাইলজাতীয়  শস্যৰ উৎপাদনশীলতা তথা লাভ প্ৰদান , দুয়োটাই বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে।

 

”কৃষকে উৎপাদন কৰা শস্যৰ উচিত মূল্য পোৱাটো আমি নিশ্চিত কৰিম”

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে বীজৰ পৰা বজাৰলৈকে সমগ্ৰ ব্যৱস্থাৰ বিষয়ত  চৰকাৰে গুৰুত্ব দিছে। “যেতিয়া ভাল উৎপাদন হয়, তেতিয়া কৃষকে উচিত মূল্য পায় – আমি এয়া নিশ্চিত কৰিম,” তেওঁ কয়। শ্ৰী চৌহানে কয় যে , ক্লাষ্টাৰ পৰ্যায়ত পালছ মিলসমূহক উৎসাহিত কৰা হ’ব, ভাৰত চৰকাৰে এনে মিল স্থাপনৰ বাবে ২৫ লাখ টকা  পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰিব।  যাতে য’ত দাইল উৎপাদন হয়, তাতেই প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰীৰো সুবিধা হয়। লগতে কৃষকসকলে মূল্য সংযোজনৰ দ্বাৰা প্ৰত্যক্ষভাৱে লাভাৱান্বিত  হ'ব বুলিও তেওঁ কয়। শ্ৰী চৌহানে কয় যে এই অভিযানৰ অধীনত সমগ্ৰ দেশতে ১০০০ টা পালচ মিল মুকলি কৰা হ’ব, ইয়াৰে ৫৫ টা মধ্যপ্ৰদেশৰ বিভিন্ন স্থানত  স্থাপন কৰা হ’ব।  ফলত ৰাজ্যৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব আৰু স্থানীয়ভাবে নতুন  কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

 

এতিয়া দিল্লীৰ পৰা কোনো বীজ মুকলি কৰা  নহ’ব

নতুন বীজ সংস্কাৰ আৰু বিতৰণ ব্যৱস্থাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আমি এটা সিদ্ধান্ত লৈছো – এতিয়া দিল্লীৰ পৰা কোনো বীজ মুকলি কৰা নহ’ব; কৃষকৰ বাবে বিভিন্ন ৰাজ্যত বীজ মুকলি কৰা হ’ব। তেওঁ উল্লেখ কৰে যে ক্লাষ্টাৰ মডেলৰ জৰিয়তে কৃষিক শক্তিশালী কৰা হ’ব, কৃষকক সংগঠিত কৰি উৎপাদন বৃদ্ধি কৰা হ’ব আৰু প্ৰতিগৰাকী  কৃষকে সম্পূৰ্ণ সহায় লাভ কৰিব। ক্লাষ্টাৰত যোগদান কৰা কৃষকসকলে বীজ কিট আৰু আৰ্হি কৃষিৰ বাবে প্ৰতি হেক্টৰত ১০,০০০ টকাৰ সহায় লাভ কৰিব, যাতে উন্নত  বীজ, উন্নত প্ৰযুক্তি আৰু পৰ্যাপ্ত আৰ্থিক সহায়ৰ দ্বাৰা দাইলৰ  উৎপাদনক নতুন উচ্চতাত উপনীত কৰিব পাৰি।

আমলাহা ইনষ্টিটিউট, আইচিএআৰডিএ  আৰু আইচিএআৰৰ গৱেষণাধৰ্মী  কামৰ কথা উল্লেখ কৰি তেওঁ কয় যে মচুৰ, বুট, মাটি মাহ , মটৰ, মুগ দাইল আদিৰ উৎপাদনশীলতা বৃদ্ধি, আগতীয়াকৈ পূৰঠ হোৱা জাতৰ বিকাশ, উন্নত বীজ উৎপাদন আৰু ৰোগমুক্ত শস্যৰ খেতিৰ বাবে যুদ্ধংদেহি মনোভাবেৰে  প্ৰচেষ্টা চলি আছে, যাতে কৃষকসকলে দাইল খেতি কৰি অধিক লাভাৱান্বিত  হ'ব পাৰে।

আমলাহাৰ পৰা বাৰ্তা – “কৃষকৰ স্বাৰ্থ সুৰক্ষিত, দাইলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে পথ প্ৰশস্ত”

আমলাহাত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় বৈঠকৰ জৰিয়তে শ্ৰী শিৱৰাজ সিং চৌহানে দুটা স্পষ্ট ৰাজনৈতিক তথা নীতিসম্পৰ্কীয় ৰ বাৰ্তা দিলে – প্ৰথমতে, আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ পিছতো ভাৰতীয় কৃষকৰ স্বাৰ্থত কোনো বিৰূপ প্ৰভাৱ পৰিবলৈ দিয়া নহ’ব; দ্বিতীয়তে, দাইলৰ ক্ষেত্ৰত  আত্মনিৰ্ভৰশীলতা কেৱল এটা শ্লোগান হৈ নাথাকিব,  বৰঞ্চ বৈজ্ঞানিক গৱেষণা, সঠিক নীতি, এম এছ পি, বীজ সংস্কাৰ আৰু বজাৰৰ জৰিয়তে সেয়া কাৰ্যকৰী কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীৰ অপপ্ৰচাৰ এতিয়া তথ্যৰ সন্মুখত  দুৰ্বল হৈ পৰিছে আৰু দেশৰ কৃষকসকলে দেখিবলৈ পাইছে  যে ভাৰতে নিজৰ স্বাৰ্থ ৰক্ষা কৰি আগবাঢ়ি গৈছে ।আমলাহাৰ এই বাৰ্তাই এতিয়া দাইল জাতীয় শস্যত  আত্মনিৰ্ভৰশীলতা অভিযানক ত্বৰান্বিত কৰিব  আৰু এই বৈঠক ভাৰতক স্বাৱলম্বী তথা শক্তিশালী কৰি তোলাৰ  ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাবে পৰিগণিত হ’ব।

 

***

RC/PU/DM


(ৰিলিজ আই ডি : 2225056) অতিথি কক্ষ : 20