প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত প্ৰদান কৰা উত্তৰৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 FEB 2026 10:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত দিয়া উত্তৰৰ আভাস শ্বেয়াৰ কৰে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
"আমাৰ দেশখন যুৱ হৈ আহিছে, উন্নয়নৰ নতুন উচ্চতাত উপনীত হৈছে। এয়া নিজৰ বাবেই এক অতি ভাল সুযোগ।"
"এখন আত্মবিশ্বাসী ভাৰতে বিশ্বৰ বহু দেশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইউৰোপীয় সংঘ আৰু আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তি ইয়াৰ জীৱন্ত উদাহৰণ।"
"আপোনালোকে কিমান দিনলৈ পৃথিৱীখনক প্ৰতাৰণা কৰিব পাৰিব? যেতিয়া তেওঁলোকে আইনাখনলৈ চাব, তেতিয়া আপোনালোকৰ সত্যক ক'ত লুকুৱাই ৰাখিব পাৰিব?"
"কংগ্ৰেছ আৰু ইউপিএৰ শাসনৰ সময়ত বেংকিং ব্যৱস্থাটো পতনৰ দিশে আগবাঢ়িছিল, যাৰ ফলত এনপিএৰ পাহাৰ গঢ় লৈ উঠিছিল। আমি বেংকিং ব্যৱস্থাৰ সংস্কাৰৰ জৰিয়তে সেই পৰিস্থিতি সলনি কৰিছো।"
"কংগ্ৰেছে কেৱল কল্পনা কৰিছিল আৰু এৰি থৈ গৈছিল, আমি কাৰ্যকৰী কৰিছো!"
আমি এই বিশ্বাসেৰে আগবাঢ়িছো যে যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয়, আমাৰ হাতত ১৪ বিলিয়ন সমাধান আছে।’
"কংগ্ৰেছে ৰাষ্ট্ৰপতি, মহিলা, জনজাতীয়, সংবিধানৰ কাৰ্যালয়ক গুৰুতৰভাৱে অপমান কৰিছে। তেওঁলোকৰ মনোভাৱৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে লোকসভাত আলোচনা কৰিব পৰা নগ'ল।"
"সেইবাবেই কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে মোদীৰ কবৰ খন্দাৰ সপোন দেখিছে..."
"ভাৰতে এতিয়া আৰু কোনো বাছ মিছ নকৰে , বিপৰীতে কনভয়ৰ নেতৃত্ব দিব!"
***
MJPS/SR/DM
(ৰিলিজ আই ডি : 2224257)
অতিথি কক্ষ : 6