প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পাটনা পক্ষী অভয়াৰণ্য আৰু চাৰি-ধাণ্ডক নতুন ৰামছাৰ এলেকা কৰাক আদৰণি জনাইছে

পোষ্ট কৰা হৈছে: 31 JAN 2026 10:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধাণ্ডক ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত কৰাক আদৰণি জনায়। স্থানীয় জনসাধাৰণ আৰু জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্ট কৰে :

"ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধণ্ড ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত হোৱাত অত্যন্ত আনন্দিত হৈছো। স্থানীয় বাসিন্দাসকলৰ লগতে জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে আন্তৰিক অভিনন্দন। এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। আশাকৰোঁ এই জলাশয়সমূহে অসংখ্য পৰিভ্ৰমী আৰু স্থানীয় প্ৰজাতিৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে উপকৃত হব।"

****

 

MJPS/VJ/KD


(ৰিলিজ আই ডি : 2221222) অতিথি কক্ষ : 34