গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ মহাৰাষ্ট্ৰৰ বাৰামতীত অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বাৰামতীত অজিত পাৱাৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি গৃহ মন্ত্ৰীগৰাকীৰ সমবেদনা জ্ঞাপন
শাৰদ পাৱাৰকো সাক্ষাৎ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সমবেদনা জ্ঞাপন
সমাজ আৰু জনসাধাৰণৰ প্ৰতি সমৰ্পিত অজিত পাৱাৰৰ অকাল প্রয়াণে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এনে এক শূন্যতাৰ সৃষ্টি কৰিছে, যাক দীৰ্ঘদিন ধৰি পূৰণ কৰাটো সম্ভৱ নহ’ব
পোষ্ট কৰা হৈছে:
29 JAN 2026 6:12PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ বাৰামতীত অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘মই অজিত পাৱাৰক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সমাজ আৰু জনসাধাৰণৰ প্ৰতি সমৰ্পিত অজিত পাৱাৰৰ অকাল প্রয়াণে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এনে এক শূন্যতাৰ সৃষ্টি কৰিছে, যাক দীৰ্ঘদিন ধৰি পূৰণ কৰাটো সম্ভৱ নহ’ব।’
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে বাৰামতীত অজিত পাৱাৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে শাৰদ পাৱাৰকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।
****
RK/PR/PS/NB
(ৰিলিজ আই ডি : 2221010)
অতিথি কক্ষ : 14