গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনত বসবাস কৰা সকলো ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন
উত্তৰ প্ৰদেশ হৈছে এক পবিত্ৰ তথা উৰ্বৰ ভূমি যাক সনাতন সংস্কৃতিৰ অমূল্য ঐতিহ্য আৰু পবিত্ৰ নদী গংগা তথা যমুনাৰ দ্বাৰা পোষিত কৰা হয়
ই এনে এক ভূমি যিয়ে সদায়ে ৰাষ্ট্ৰক সংস্কৃতি, আধ্যাত্মিকতা, শক্তি আৰু সংকল্পৰ পথ প্ৰদৰ্শন কৰি আহিছে
আজি দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত উত্তৰ প্ৰদেশে উন্নয়ন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন মান স্থাপন কৰিছে
মই কামনা কৰোঁ যে ৰাজ্যখন সদায় প্ৰগতিৰ পথত থাকক
পোষ্ট কৰা হৈছে:
24 JAN 2026 11:09AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ সকলো ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জনাইছে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে, উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনত বসবাস কৰা মোৰ সকলো ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁ কয় যে সনাতন সংস্কৃতিৰ অমূল্য ঐতিহ্য তথা পৱিত্ৰ নদী গংগা আৰু যমুনাৰ দ্বাৰা পোষিত, পৱিত্ৰ আৰু উৰ্বৰ উত্তৰ প্ৰদেশ হৈছে এনে এক ভূমি যি সদায়ে ৰাষ্ট্ৰক সংস্কৃতি, আধ্যাত্মিক সাধনা, শক্তি তথা সংকল্পৰ পথত পথ প্ৰদৰ্শন কৰি আহিছে। শ্ৰী শ্বাহে কয় যে আজি দ্বৈত ইঞ্জিন চৰকাৰৰ অধীনত উত্তৰ প্ৰদেশে উন্নয়ন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন মান স্থাপন কৰিছে। মই ৰাজ্যখন সদায় প্ৰগতিৰ পথত থকাৰ বাবে কামনা কৰিছো ।
***
RK / RR / PS / SK/MK
(ৰিলিজ আই ডি : 2218087)
অতিথি কক্ষ : 20