নৌ-পৰিবহন মন্ত্ৰালয়
আইডব্লিউডিচি ৩.০-এ ভাৰতৰ আভ্যন্তৰীণ জলপথত সেউজ গতিশীলতা, কাৰ্গোৰ চলাচল আৰু নদী পৰ্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাতকৈয়ো অধিক ধনৰ প্ৰকল্পত অনুমোদন জনাইছে
“আই ডব্লিউ ডি চি প্লেটফৰ্মে আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ পদক্ষেপক শক্তিশালী কৰিছে:” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আই ডব্লিউ ডি চিয়ে ৯০০ কোটি টকাৰ নতুন আভ্যন্তৰীণ জলপথ প্ৰকল্পত অনুমোদন জনাইছে
আভ্যন্তৰীণ জল পৰিবহণৰ ক্ষমতা বৃদ্ধিৰ বাবে ৪৬৫-কোটি টকাৰ সম্পত্তি ক্ৰয়ত অনুমোদন
प्रविष्टि तिथि:
23 JAN 2026 6:39PM by PIB Guwahati
নতুন দিল্লী, ২৩ জানুৱাৰী ২০২৬: ভাৰতৰ আভ্যন্তৰীণ জল পৰিবহণ নেটৱৰ্কৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনিৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগত অনুমোদন আৰু দেশৰ নদীসমূহৰ সম্পূৰ্ণ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিবলৈ কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় শক্তিশালী কৰাৰ অৰ্থে এক বিস্তৃত কাৰ্য পৰিকল্পনাৰ সৈতে কেৰালাৰ কোচিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ (আই ডব্লিউ ডি চি ৩.০) তৃতীয় বৈঠকৰ সামৰণি পৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই দিনজোৰা বৈঠকত হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰী; বিহাৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰী শৰৱান কুমাৰ; নাগালেণ্ড চৰকাৰৰ শক্তি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কে জি কেনি; অৰুণাচল প্ৰদেশ চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ওজিং টাছিং; উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিবহণ মন্ত্ৰী দয়া শংকৰ সিং আৰু পঞ্জাৱ চৰকাৰৰ জলসম্পদ মন্ত্ৰী বৰিন্দৰ কুমাৰ গোৱেল উপস্থিত থাকে।এই বৈঠক বহনক্ষম আৰু দক্ষ লজিষ্টিকছৰ মূল স্তম্ভ হিচাপে আভ্যন্তৰীণ জল পৰিবহণক শক্তিশালী কৰাৰ দিশত ভাৰতৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
আই ডব্লিউ ডি চি ৩.০ এ ১৫০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প চিনাক্ত কৰিছে, যাৰ লক্ষ্য হৈছে সেউজ গতিশীলতাক ত্বৰান্বিত কৰা, লজিষ্টিক শক্তিশালী কৰা আৰু নদীৰ নেতৃত্বত অৰ্থনৈতিক উন্নয়নক প্ৰসাৰ কৰা। কেৰালা, গুজৰাট, কৰ্ণাটক, ওড়িশা আৰু তেলেংগানাতনদী ক্ৰুজ জেটিকে ধৰি ১৫০ কোটি টকাতকৈ অধিক ধনৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়, যিয়ে সমগ্ৰ দেশতে ক্ৰুজ পৰ্যটন চাৰ্কিট সম্প্ৰসাৰণত সহায় কৰিব।
অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা নদীৰ (ৰাষ্ট্ৰীয় জলপথ ৪) মুক্তিয়ালা আৰু হৰিশচন্দ্ৰপুৰমত ৰ’-ৰো আৰু কাৰ্গো টাৰ্মিনেলৰ উন্নয়নৰ বিষয়ে পৰিষদক অৱগত কৰা হয়, ইয়াৰ ফলত মালবাহী চলাচল শক্তিশালী হ’ব। জম্মু-কাশ্মীৰৰ ঝেলুম নদী (ৰাষ্ট্ৰীয় জলপথ ৪৯)যাত্ৰী চলাচল আৰু পৰ্যটনৰ আন্তঃগাঁথনিত সহায় কৰিবলৈ নানান সুবিধাত অনুমোদন জনোৱা হয়। জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় জলপথ ৪৯ত মুঠ ১০খন হাইব্ৰিড ইলেক্ট্ৰিক জাহাজ চলোৱা হ’ব।
বৈঠকত ৪৬৫ কোটি টকাতকৈ অধিক মূল্যৰ সম্পত্তি ক্ৰয়ৰ কথাও ঘোষণা কৰা হয় , যাতে নেভিগেবিলিটি, সুৰক্ষা আৰু বছৰজুৰি চলাচল বৃদ্ধি পায়। ইয়াৰ ভিতৰত কেৰালাৰ জৰীপ জাহাজ; বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত ৰ’-পেক্স বাৰ্থিং জেটী; উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগত ভাসমান পণ্টুন আৰু দ্ৰুতভাৱে মুকলি হোৱা ব্যৱস্থা; হাইব্ৰিড জৰীপ জাহাজ; উভচৰ আৰু কাটাৰ চুষণ ড্ৰেজাৰ; আৰু টাগ-বাৰ্জ ইউনিট আদি আছে।
কোচিত স্লিপৱেৰ সুবিধাৰ উন্নয়ন, ওড়িশা (২৫) আৰু উত্তৰ-পূব (৮৫)ৰ বাবে ১১০খন জেটি নিৰ্মাণ, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় নদী যাতায়ত আৰু নেভিগেচন ব্যৱস্থা (এন আৰ টি এন এছ) ৰূপায়ণ,গুৱাহাটীৰ উজান বজাৰ ঘাটত ৭০ কোটি টকাৰ ক্ৰুজ টাৰ্মিনেলৰ উন্নয়নকে ধৰি ৯০০ কোটিৰো অধিক মূল্যৰ বৃহৎ নতুন প্ৰকল্পৰ বিষয়ে পৰিষদে মূল্যায়ন কৰে। ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ ২)ৰ ডিব্ৰুগড়ৰ বগীবিল নদী বন্দৰলৈ ১৪৪ কোটি টকাৰ এপ্ৰ’চ ৰোড সংযোগ প্ৰকল্পৰো মূল্যায়ন কৰা হয়।
পৰিষদৰ বৈঠকত ভাষণ আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ পৰিবহণ আৰু লজিষ্টিক ৰূপান্তৰৰ কৌশলগত স্তম্ভ হিচাপে আভ্যন্তৰীণ জলপথৰ আত্মপ্ৰকাশ ঘটিছে। ‘আমাৰ গতিশীল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে আভ্যন্তৰীণ জলপথক বিশেষ গতি প্ৰদান কৰিছে, যাৰ ফলত পথৰ যানজঁট লাঘৱ হৈছে, লজিষ্টিক খৰচ হ্ৰাস পাইছে আৰু ব্যৱসায় কৰাত সহজতা শক্তিশালী হৈছে।আজি মোদী জীৰ দূৰদৰ্শী নেতৃত্বত আভ্যন্তৰীণ জলপথ ভাৰতৰ লজিষ্টিক কাঠামোৰ কৌশলগত স্তম্ভত পৰিণত হৈছে।এই দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ নদীক কেৱল প্ৰাকৃতিক সম্পদ হিচাপে চোৱা নহয় , ইয়াক বৃদ্ধি, বহনক্ষমতা আৰু সংযোগক পৰিচালিত কৰা অৰ্থনৈতিক জীৱনৰেখা হিচাপে চোৱা হৈছে,” সোণোৱালে কয়।
কেৰালাৰ বিশাল জলভাগ আৰু খাল নেটৱৰ্কক আভ্যন্তৰীণ জলপথৰ বাবে এক ডাঙৰ সুযোগ হিচাপে উজ্জ্বল কৰি তোলা হৈছে। গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ, ডিব্ৰুগড় আৰু ১৮খন চহৰত নগৰীয়া জল পৰিবহণৰ সম্ভাৱনীয়তা সন্দৰ্ভত অধ্যয়ন চলোৱাৰ বাবে আইৱাইয়ে লোৱা পদক্ষেপৰ বিষয়েও পৰিষদৰ বৈঠকত আলোচনা কৰা হয়। ৰাজ্যখনৰ আভ্যন্তৰীণ জল পৰিবহণ আৰু লজিষ্টিক শক্তিশালী কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে বৃহৎ ঘোষণাৰ জৰিয়তে কেৰালাই আই ডব্লিউ ডি চি ৩.০ত মূল কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰে। জল বাহক কাৰ্গো প্ৰচাৰ আঁচনিখন কেৰেলাকে ধৰি অন্যান্য ৰাষ্ট্ৰীয় জলপথলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰয়াস চলোৱা হৈছে, য’ত আভ্যন্তৰীণ জলপথৰ জৰিয়তে মাল চলাচলৰ বাবে হোৱা মুঠ পৰিচালনা ব্যয়ৰ ৩৫% পৰ্যন্ত পৰিশোধৰ সুবিধা প্ৰদান কৰা হৈছে।
এই আঁচনিখনে আই ডব্লিউ এ আই বা আই চি এছ এলৰ বাহিৰেও অন্য সংস্থাই পৰিচালনা কৰা জাহাজ ভাড়ালৈ ল’ব পৰাৰ সুবিধাৰে কাৰ্গো মালিকসকলৰ ব্যক্তিগত অংশগ্ৰহণক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ফলত প্ৰধান জাহাজ কোম্পানী, মালবাহী ফৰৱাৰ্ডাৰ, বাণিজ্যিক সংস্থা আৰু বাল্ক আৰু কণ্টেইনাৰযুক্ত সামগ্ৰী পৰিচালনা কৰা অপাৰেটৰসকলৰ বাবে ই বিশেষভাৱে আকৰ্ষণীয় হৈ উঠিব। প্ৰথম অৱস্থাত তিনি বছৰৰ বাবে বাহাৱ থাকিবলগীয়া এই পদক্ষেপে যোগান শৃংখল নেটৱৰ্কক অনুকূল কৰি তোলাত সহায় কৰিব আৰু জলভিত্তিক লজিষ্টিকছৰ বাণিজ্যিক কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব।
আই ডব্লিউ ডি চিত জলপথৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰদৰ্শন কৰিবলৈ বাণিজ্যিকভাৱে কাৰ্য্যক্ষম অঞ্চলত নিৰ্দিষ্ট দিনৰ অনুসূচিত পালতোলা সেৱা আৰম্ভ কৰাৰ কথাও ঘোষণা কৰা হয় । যাতে মাল পৰিবহণৰ এক কাৰ্যক্ষম, খৰচ-বহনক্ষম আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহনক্ষম পদ্ধতি অৱলম্বন কৰিব পাৰি। কেৰেলা পেকেজত নদী ক্ৰুজ জেটীৰ বিকাশ আৰু এখন জৰীপ জাহাজো অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত যাত্ৰীৰ চলাচল, পৰ্যটন আৰু নিৰাপদ পৰিবহণৰ বাবে ৰাজ্যখনৰ ক্ষমতা অধিক শক্তিশালী হৈ পৰিব।
বৈঠকত আভ্যন্তৰীণ জলপথসমূহক আটাইতকৈ ইন্ধন-দক্ষ, খৰচ-বহনক্ষম আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ পৰিবহণ পদ্ধতি হিচাবে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। যিয়ে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব, পথ আৰু ৰে’লপথৰ ভিৰ হ্ৰাস কৰিব আৰু সামগ্ৰিকভাৱে লজিষ্টিক খৰচ কম কৰিব। নদী ক্ৰুজ পৰ্যটনক সামুদ্ৰিক অৰ্থনীতিৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অংশ হিচাপে চিনাক্ত কৰা হৈছে। চৰকাৰে আধুনিক ক্ৰুজ টাৰ্মিনেল, উন্নত নেভিগেচন ব্যৱস্থা আৰু নিৰ্দিষ্ট ক্ৰুজ চাৰ্কিট বিকশিত কৰিছে।বৈঠকত সোণোৱালে লগতে কয় -“আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত ভাৰতৰ অন্তৰ্দেশীয় জলপথসমূহ সেউজ বৃদ্ধি, ডিজিটেল ৰূপান্তৰ আৰু পৰ্যটন নেতৃত্বাধীন উন্নয়নৰ এক শক্তিশালী বহুগুণক হিচাপে আত্মপ্ৰকাশ কৰিছে।মাল চলাচল, যাত্ৰী সেৱা আৰু ক্ৰুজ পৰ্যটনৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে আমাৰ নদীসমূহ বহনক্ষম গতিশীলতা আৰু অৰ্থনৈতিক সুযোগৰ ইঞ্জিন হৈ পৰিছে।
স্বচ্ছ শক্তি জাহাজ, স্মাৰ্ট নেভিগেচন ব্যৱস্থা আৰু বিশ্বমানৰ যাত্ৰী আন্তঃগাঁথনি একত্ৰিত কৰি আমি লজিষ্টিক খৰচ হ্ৰাস, নিৰ্গমন কমোৱা আৰু নতুন জীৱিকা সৃষ্টিৰ বাবে জলপথৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিছো। কোচি জল মেট্ৰ’ৰ দৰে পদক্ষেপৰ সফলতাই দেখুৱাইছে যে নদীসমূহে কেনেদৰে নগৰীয়া গতিশীলতাক ৰূপান্তৰিত কৰিব পাৰে। আমি গুৱাহাটী, বাৰাণসী, পাটনা, তেজপুৰ আৰু ডিব্ৰুগড়কে ধৰি চহৰসমূহত এই আৰ্হি ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যাতে ভাৰতৰ জলপথসমূহে বিকশিত ভাৰতৰ পথত সৰ্বাংগীন বৃদ্ধিৰ সূচনা কৰাটো নিশ্চিত কৰিব পাৰো।’
উত্তৰ-পূব অঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে, য’ত জলপথ প্ৰকল্পই সংযোগ, বাণিজ্য, পৰ্যটন আৰু নদীৰ পাৰৰ জনগোষ্ঠীসমূহৰ জীৱিকাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে। আঞ্চলিক লজিষ্টিক সংহতি শক্তিশালী কৰি ৫০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে সমগ্ৰ উত্তৰ-পূবত ৮৫খন জেটী উন্নয়ন কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
'উত্তৰ-পূবে ভাৰতৰ আভ্যন্তৰীণ জলপথৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্থান দখল কৰিছে।বিপুল নদী নেটৱৰ্কৰ সৈতে এই অঞ্চলটোৱে বহনক্ষম পৰিবহণ, বাণিজ্য আৰু পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে।৫০০ কোটি টকাতকৈ অধিক বিনিয়োগেৰে ৮৫খন জেটীৰ উন্নয়নে সংযোগ যথেষ্ট শক্তিশালী কৰিব, আঞ্চলিক লজিষ্টিকক একত্ৰিত কৰিব আৰু নদীৰ পাৰৰ লোকসকলৰ বাবে নতুন জীৱিকাৰ সুযোগ সৃষ্টি কৰিব । এনে পদক্ষেপে উত্তৰ-পূবক ৰাষ্ট্ৰীয় বজাৰৰ ওচৰলৈ অনাৰ লগতে বৃদ্ধি, সমৃদ্ধি আৰু আঞ্চলিক সংহতিৰ দুৱাৰমুখ হিচাপে ইয়াৰ ভূমিকাও উজ্জ্বল কৰি তুলিব।’- সৰ্বানন্দ সোণোৱালে লগতে কয়।
বৈঠকত বিগত দশকত এই খণ্ডটোৰ দ্ৰুত সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। ৰাষ্ট্ৰীয় জলপথত কাৰ্গোৰ চলাচল ২০১৩-১৪ চনত ১ কোটি ৮০ লাখ টনৰ পৰা ২০২৪-২৫ চনত ১৪৫.৮৪ নিযুত টনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে কাৰ্যক্ষম ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৩ৰ পৰা ৩২লৈ দহগুণ বৃদ্ধি পাইছে । কাৰ্যকৰী টাৰ্মিনেলৰ সংখ্যা ১৫ৰ পৰা ২৫লৈ বৃদ্ধি পাইছে আৰু ভাসমান জেটীৰ সংখ্যা ৩০ৰ পৰা ১০০লৈ বৃদ্ধি পাইছে।
সেউজ আৰু হাইব্ৰিড জাহাজ নিয়োগ, ডিজিটেল নেভিগেচন আৰু যাতায়ত ব্যৱস্থাপনা ব্যৱস্থাৰ সম্প্ৰসাৰণ, আধুনিক আভ্যন্তৰীণ টাৰ্মিনেলৰ উন্নয়ন, জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ সুবিধা শক্তিশালী কৰা আৰু সামুদ্ৰিক দক্ষতা বিকাশৰ প্ৰসাৰকে ধৰি চৰকাৰৰ আগন্তুক দৃষ্টিকোণৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ে পৰিষদৰ বৈঠকত বিশদভাবে আলোচনা কৰা হয়। বৈঠকত স্থিতিস্থাপক নগৰীয়া জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা, মাল পৰিবহণৰ দক্ষতা উন্নত কৰা, যাত্ৰীৰ চলাচলৰ বাবে সেউজ তথা হাইব্ৰিড জাহাজৰ প্ৰসাৰ ঘটোৱা, নদী ক্ৰুজ পৰ্যটনৰ সম্প্ৰসাৰণ আৰু ডিজিটেল তথা বহনক্ষম পদ্ধতি শক্তিশালী কৰাৰ বিষয়েও বিশদভাবে আলোচনা কৰা হয়। চলি থকা আৰু প্ৰস্তাৱিত আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প সন্দৰ্ভত ৰাজ্যসমূহে উত্থাপন কৰা নিয়ন্ত্ৰণমূলক বিষয় আৰু উদ্বেগসমূহৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়। এনেবোৰ বিষয় সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে দ্ৰুতভাবে নিষ্পাদন কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হয় । আই ডব্লিউ ডি চি ৩.০ ২০২৪ চনত আই ডব্লিউ ডি চি ১.০ আৰু ২০২৫ চনত আই ডব্লিউ ডি চি ২.০ৰ সময়ত স্থাপন কৰা ভেটিৰ ওপৰত আধাৰ কৰি গঠন কৰা হৈছে। য’ত বহনক্ষমতা, প্ৰযুক্তি-চালিত সমাধান আৰু প্ৰকল্প নিষ্পাদনৰ বিষয়ত শক্তিশালীভাবে গুৰুত্ব আৰোপ কৰা হৈছে।
বৈঠকত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় সচিব বিজয় কুমাৰ; আই ডব্লিউ এ আইৰ অধ্যক্ষ সুনীল পালিৱাল; আই ডব্লিউ এ আইৰ উপাধ্যক্ষ সুনীল কুমাৰ সিং, কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ অন্যান্য উচ্চপদস্থ বিষয়া, উদ্যোগৰ প্ৰতিনিধি আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। বৈঠকত আভ্যন্তৰীণ জলপথৰ বাবে বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ তালিকা প্ৰস্তুত কৰিবলৈ আই ডব্লিউ ডি চি ১.০ আৰু ২.০ৰ পিছত হোৱা অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। । দিনজোৰা বৈঠকত খণ্ডগত সাফল্যৰ পৰ্যালোচনা, বৃহৎ বিনিয়োগ তথা প্ৰকল্পৰ ঘোষণা আৰু সমগ্ৰ দেশৰ অন্তৰ্দেশীয় জলপথৰ উন্নয়নৰ বাবে আগন্তুক কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰা হয়।
কেন্দ্ৰ আৰু ৰাজ্যসমূহে আভ্যন্তৰীণ জল পৰিবহণ বৃদ্ধি, আঞ্চলিক সংযোগ শক্তিশালী কৰা, স্বচ্ছ পৰিবহণৰ প্ৰসাৰ আৰু নদীসমূহক অৰ্থনৈতিক বৃদ্ধিৰ ইঞ্জিন হিচাপে স্থান দিয়াৰ প্ৰতিশ্ৰুতিৰে আই ডব্লিউ ডি চি ৩.০ৰ বৈঠকৰ সামৰণি পৰে । বৈঠকত আভ্যন্তৰীণ জলপথক মালবাহী আৰু যাত্ৰী উভয়ৰে বাবে পছন্দৰ, ভৱিষ্যতৰ বাবে সাজু পৰিবহণ পদ্ধতি হিচাপে পুনৰ দৃঢ়তাৰে ঘোষণা কৰা হয়, যিয়ে স্বচ্ছ পৰিবহণ, স্মাৰ্ট লজিষ্টিক আৰু শক্তিশালী ভাৰত গঢ়াত অৰিহণা যোগাই আহিছে।
ভাৰতৰ আভ্যন্তৰীণ জলপথসমূহে ইন্ধন-দক্ষ আৰু পৰিৱেশ অনুকূল পৰিবহণৰ ব্যৱস্থাক আগবঢ়াই নি পথ আৰু ৰে’ল নেটৱৰ্কক ভিৰমুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২৩খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত ১১১টা ৰাষ্ট্ৰীয় জলপথৰ সৈতে আভ্যন্তৰীণ জলপথসমূহে ৰ’-ৰো বাহনৰ চলাচল আৰু ক্ৰুজ পৰ্যটনৰ দৰে পদক্ষেপক লক্ষ্যণীয়ভাবে সমৰ্থন কৰিছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ আই ডব্লিউ এ আই-য়ে ৰাষ্ট্ৰীয় জলপথৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ ন’ডেল সংস্থা হিচাবে কাম কৰি আছে।


*******
PN/IY/DM
(रिलीज़ आईडी: 2218081)
आगंतुक पटल : 4