স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইচিএমআৰে ম'বাইল ষ্ট্ৰ'ক ইউনিট অসম চৰকাৰক হস্তান্তৰ কৰে, যাৰ জৰিয়তে গ্ৰামাঞ্চল, দুৰ্গম আৰু ভিতৰুৱা অঞ্চলৰ লোকসকলৰ কাষত জীৱন ৰক্ষাকাৰী ষ্ট্ৰোক চিকিৎসাৰ সুবিধা প্ৰদান কৰিব পাৰিব

গ্ৰামাঞ্চলৰ আক্ৰান্ত ইস্কেমিক ষ্ট্ৰোকত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে এমএছইউৰ সৈতে জৰুৰীকালীন চিকিৎসা সেৱাৰ সফল সংহতকৰণৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ দ্বিতীয়খন দেশ: স্বাস্থ্য আৰু গৱেষণা বিভাগৰ সচিব

ম'বাইল ষ্ট্ৰ'ক ইউনিটে উত্তৰ-পূব ভাৰতত ষ্ট্ৰোকৰ চিকিৎসাত পৰিৱৰ্তন আনিছে, চিকিৎসাৰ সময় ২৪ ঘন্টাৰ পৰা ২ ঘন্টালৈ হ্ৰাস কৰিছে, যাৰ জৰিয়তে মৃত্যুৰ সংখ্যা এক তৃতীয়াংশ হ্ৰাস কৰিছে আৰু অক্ষমতা আঠগুণ হ্ৰাস কৰিছে

পোষ্ট কৰা হৈছে: 22 JAN 2026 10:49AM by PIB Guwahati

ভাৰতত ষ্ট্ৰোক মৃত্যুৰ আৰু দীৰ্ঘম্যাদী অক্ষমতাৰ অন্যতম প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে। চিকিৎসাত যদি বিলম্ব হয়, তেন্তে ষ্ট্ৰোকত প্ৰতি মিনিটত প্ৰায় ১.৯ বিলিয়ন মগজুৰ কোষ লুপ্ত হয়। গল্ডেন আৱাৰৰ ভিতৰত সময়মতে চিকিৎসা কৰিলে মৃত্যুৰ সংখ্যা আৰু আজীৱন অক্ষমতা উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব পাৰে। অৱশ্যে, ষ্ট্ৰোকৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল ষ্ট্ৰোকত আক্ৰান্ত ৰোগীৰ বাবে সাজু হাস্পতালত ৰোগীক ভৰ্তি কৰোৱাৰ সময়।

এই গুৰুত্বপূৰ্ণ ব্যৱধান দূৰ কৰাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অসম চৰকাৰক দুটা ম'বাইল ষ্ট্ৰোক ইউনিট (এমএছইউ) প্ৰদান কৰে। ইয়াৰ জৰিয়তে দুৰ্গম অঞ্চলৰ ষ্টোকত আক্ৰান্ত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ চেষ্টা কৰাৰ বিপৰীতে ৰোগীক কাষলৈ চিকিৎসা সুবিধা নিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী জগত প্ৰকাশ নড্ডাৰ নিৰ্দেশনাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে চৰকাৰে দৰিদ্ৰ, বঞ্চিত আৰু পিছপৰা লোকসকলৰ লগতে মহিলাসকলকো উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

অসম চৰকাৰক এমএছইউ হস্তান্তৰ কৰি আইচিএমআৰৰ সচিব তথা মহাপৰিদৰ্শক ড০ ৰাজীৱ বাহলে কয়, 'মোবাইল ষ্ট্ৰোক ইউনিটসমূহ প্ৰথমে জাৰ্মানীত বিকশিত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্বৰ প্ৰধান চহৰসমূহত ইয়াৰ পৰীক্ষণ কৰা হৈছিল। ভাৰতে উত্তৰ-পূব ভাৰতৰ এক গ্ৰাম্য, দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত এনে ইউনিটসমূহৰ মূল্যায়ন কৰিছে। আমি বিশ্বৰ দ্বিতীয়খন দেশ য'ত এমএছইউৰ সৈতে জৰুৰীকালীন চিকিৎসা সেৱাক সফলতাৰে সংহত কৰি গ্ৰামাঞ্চলৰ আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে।

ৰাজ্যৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব তথা আয়ুক্ত অশোক বাবুয়ে কয় যে এই হস্তান্তৰ কাৰ্যই অসমৰ জৰুৰীকালীন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ৰাজ্যখনৰ অধীনত এই জীৱন ৰক্ষাকাৰী সেৱাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিব। তেওঁ উল্লেখ কৰে যে আইচিএমআৰৰ সৈতে এই সহযোগিতাৰ ফলত ষ্ট্ৰোকত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ গতি বৃদ্ধি, উন্নত সমন্বয় আৰু উন্নত ফলাফল লাভ কৰা হৈছে।

এই এমএছইউ হৈছে চকাযুক্ত এখন ভ্ৰাম্যমান হাস্পতাল, য'ত চিটি স্কেনাৰ, বিশেষজ্ঞৰ সৈতে টেলি-কনছালটেচন, পইণ্ট-অফ-কেয়াৰ লেবৰেটৰী আৰু ক্লট-বষ্টাৰ ঔষধ আছে, যিয়ে ৰোগীৰ ঘৰত বা তাৰ ওচৰত ষ্ট্ৰোকৰ প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰে। এই উদ্ভাৱন বিশেষকৈ দূৰৱৰ্তী আৰু ভিতৰুৱা অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ, য'ত চিকিৎসালয়লৈ যাত্ৰা কৰিবলৈ কেইবাঘন্টা সময় ল'ব পাৰে। বিশেষজ্ঞৰ টেলি-কনছাল্টেচনৰ জৰিয়তে এমএছইউয়ে ষ্ট্ৰোকৰ প্ৰকাৰৰ প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু জীৱন ৰক্ষা কৰা আৰু অক্ষমতা প্ৰতিৰোধ কৰা চিকিৎসাৰ দ্ৰুত সূচনা সম্ভৱ কৰে।

উত্তৰ-পূৰ্বাঞ্চলত ষ্ট্ৰোকৰ সংখ্যা অত্যাধিক। দুৰ্গম অঞ্চল, দীৰ্ঘ দূৰত্ব আৰু বিশেষ চিকিৎসাৰ সীমিত সুবিধাই ইতিহাসত ষ্ট্ৰোকৰ সময়োচিত চিকিৎসা প্ৰত্যাহ্বানমূলক কৰি তুলিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আইচিএমআৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত স্নায়ুবিজ্ঞানী নেতৃত্বাধীন ষ্ট্ৰোক ইউনিট আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু তেজপুৰৰ বেপ্তিষ্ট খ্ৰীষ্টান চিকিৎসালয়ত চিকিৎসকৰ নেতৃত্বত ষ্ট্ৰোক ইউনিট স্থাপন কৰে। ম'বাইল ষ্ট্ৰোক ইউনিটসমূহক এই প্ৰি-হাসপাতাল ষ্ট্ৰোক কেয়াৰ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হয়।

ইয়াৰ ফলাফল পৰিৱৰ্তনশীল। এই মডেলে চিকিৎসাৰ সময় প্ৰায় ২৪ ঘন্টাৰ পৰা প্ৰায় ২ ঘন্টালৈ, মৃত্যুৰ সংখ্যা এক তৃতীয়াংশলৈ আৰু অক্ষমতা আঠ গুণ হ্ৰাস কৰে। ২০২১ আৰু আগষ্ট ২০২৪ৰ ভিতৰত এমএছইউয়ে ২,৩০০ৰো অধিক জৰুৰীকালীন ফোনকল লাভ কৰিছে। প্ৰশিক্ষিত নাৰ্ছসকলে ২৯৪গৰাকী সন্দেহযুক্ত ষ্ট্ৰোক ৰোগীক পৰীক্ষা কৰে, য'ত ৯০% ৰোগীক তেওঁলোকৰ ঘৰৰ পৰা প্ৰত্যক্ষভাৱে চিকিৎসা প্ৰদান কৰা হয়। ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ সৈতে এমএছইউৰ সংহতকৰণে ইয়াৰ পৰিসৰ ১০০ কিলোমিটাৰ ব্যাসাৰ্ধলৈ সম্প্ৰসাৰিত কৰে।

এই উপলক্ষে অনুষ্ঠানত তেলেংগানা চৰকাৰৰ স্বাস্থ্য সচিব ডাঃ ক্ৰিষ্টিনা জেড চংথু; আইচিএমআৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ সংঘমিত্ৰা পাটি; আইচিএমআৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ অলকা শৰ্মা; জ্যেষ্ঠ ডিডিজি (প্ৰশাসন) শ্ৰীমতী মনীষা ছাক্সেনা; আৰু এনচিডিৰ মুৰব্বী ড০ আৰ এছ. ধালিৱালকে ধৰি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

***

 

SR

HFW/ICMR MSU Handover to Assam Govt/22nd January 2026/1


(ৰিলিজ আই ডি : 2217576) অতিথি কক্ষ : 24
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali-TR , Punjabi , Tamil