প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 JAN 2026 10:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতৰত্ন ড০ এম. জি. ৰামচন্দ্ৰন (এমজিআৰ)ৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ আৰ্থ-সামাজিক উন্নয়নত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে তামিল সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰাৰ প্ৰয়াসৰ বিষয়ে উল্লেখ কৰি এমজিআৰৰ বহুমুখী উত্তৰাধিকাৰৰ প্ৰশংসা কৰে।
এক্সত পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
“জন্ম বাৰ্ষিকীত ব্যতিক্ৰমী এমজিআৰলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। তামিলনাডুৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসামান্য। তামিল সংস্কৃতিৰ জনপ্ৰিয়কৰণত তেওঁৰ ভূমিকাও উল্লেখযোগ্য আছিল। আমি আমাৰ সমাজৰ বাবে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে সদায় কাম কৰি যাম।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2215576)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Malayalam