গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ আনন্দস্থিত ‘চৰুছাট’ৰ ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান সম্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত বহনক্ষম উন্নয়নৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছে

চৰ্দাৰ পেটেলৰ বক্তব্য – “চৰিত্ৰ গঠন অবিহনে শিক্ষা অৰ্থহীন” – প্ৰতিজন ব্যক্তিৰে জীৱনৰ মৌলিক নীতি হ’ব লাগে

যুৱক-যুৱতীসকলে “মই কি হ’ম?” বুলি চিন্তা কৰাৰ সমান্তৰালকৈ “সমাজ আৰু দেশক কি দিম?” বুলিও চিন্তা কৰিব লাগে

যোৱা দশকত উচ্চ শিক্ষাত মৌলিক ৰূপান্তৰ ঘটিছে – আসনৰ সংখ্যা বৃদ্ধি, পাঠ্যক্ৰমৰ ডিজাইন আৰু শিক্ষাৰ পিছত উপলব্ধ সুযোগৰ সম্প্ৰসাৰণ ঘটিছে

২০৪৭-ৰ ভিতৰত ভাৰতক বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত উপনীত কৰিবলৈ যি প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনা গ্ৰহণ কৰা হৈছে সেয়া নৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবে আৰু কাইলৈৰ ভাৰতৰ বাবে

জীৱনত সদায় ডাঙৰ সপোন দেখিব লাগে, সমাজ আৰু দেশৰ স্বাৰ্থত প্ৰযুক্তিক ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিব লাগে তথা ২০৪৭-ত ৰাষ্ট্ৰখনক মহান কৰি তোলাৰ দৃষ্টিভংগীৰে কাম কৰিব লাগে

গৃহমন্ত্ৰীগৰাকীয়ে সমাৱৰ্তন অনুষ্ঠানত ডিগ্ৰী লাভ কৰা ২১২৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 13 JAN 2026 9:45PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আনন্দ জিলাস্থিত চাৰোটাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ (CHARUSAT) ১৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠান সম্বোধন কৰে। এই কাৰ্য্যসূচীত ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ সমাৱৰ্তন অনুষ্ঠানৰ অন্তত বিশ্ববিদ্যালয়খনৰ স্নাতক ছাত্ৰ-ছাত্ৰীসকলে দেশ, সমাজ, পৰিয়াল আৰু নিজৰ প্ৰগতি তথা উৎকৰ্ষতাৰ বাবে বিশ্ব অভিমুখে খোজ দিব। তেওঁ আস্থা প্ৰকাশেৰে কয় যে বিশ্ববিদ্যালয়খনত অধ্যয়নৰ সময়ত উদ্ভাৱন, গৱেষণা আৰু শৈক্ষিক বিষয়ৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰমূল্যবোধ-ভিত্তিক শিক্ষা আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভাৱো আহৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে চৰ্দাৰ পেটেলৰ বক্তব্য – “চৰিত্ৰ গঠন অবিহনে শিক্ষা অৰ্থহীন” – প্ৰতিজন ব্যক্তিৰে জীৱনৰ মৌলিক নীতি হ’ব লাগে। শ্ৰী শ্বাহে কয় যে কেৱল শিক্ষাই মানৱ জাতি, সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণ সাধন কৰিব নোৱাৰে। জ্ঞান আৰু চৰিত্ৰ একত্ৰিত হ’লেহে ই ব্যক্তি আৰু সমাজ উভয়ৰে বাবে সঁচা অৰ্থত উপযোগী হৈ পৰে।

শ্ৰী অমিত শ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলে কৈছিল যে শিক্ষা কেৱল ডিগ্ৰী লাভ বা দক্ষতা বৃদ্ধিতে সীমাবদ্ধ নহয়। যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশাসন জগাই তোলা, তেওঁলোকৰ চৰিত্ৰ গঢ়ি তোলা, সমাজৰ প্ৰতি তেওঁলোকৰ কৰ্তব্যৰ সৈতে পৰিচয় কৰাই দিয়াই হৈছে শিক্ষাৰ দায়িত্ব। শ্ৰী শ্বাহে আস্থা প্ৰকাশেৰে কয় যে চাৰোটাৰ বিশ্ববিদ্যালয়ে নিশ্চয় এই কামটো অতি সুন্দৰভাৱে সম্পন্ন কৰিছে। তেওঁ কয় যে আজি ইয়াত ২১২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী লাভ কৰিছে। ইয়াৰে ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰা হৈছে আৰু ৩৮ গৰাকীয়ে পিএইচডি ডিগ্ৰী লাভ কৰিছে। তেওঁ তেওঁলোক আটাইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে জ্ঞানে সামৰ্থ্য গঢ়ে আৰু উদ্দেশ্যবিহীন জীৱনেৰে কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰি। তেওঁ কয় যে জীৱনত সেইসকল লোকেহে কিবা এটা অৰ্জন কৰিছে যিয়ে এটা স্পষ্ট উদ্দেশ্য নিৰ্ধাৰণ কৰি সেই উদ্দেশ্য পূৰণৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে। শ্ৰী শ্বাহে কয় যে আজি ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে কেৱল উজ্জ্বল কেৰিয়াৰৰ সংকল্প গ্ৰহণেই নহয়, বৰঞ্চ সমাজ আৰু ভাৰতৰ বাবে কাম কৰাৰ সংকল্পও গ্ৰহণ কৰিব লাগিব। তেতিয়াহে জীৱনৰ উদ্দেশ্য সঁচা অৰ্থত বাস্তৱায়িত হ’ব আৰু সেই উদ্দেশ্যত উপনীত হ’বলৈ তেওঁলোকক প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। যুৱক-যুৱতীসকলে “মই কি হ’ম?” বুলি চিন্তা কৰাৰ সমান্তৰালকৈ “সমাজ আৰু দেশক কি দিম?” বুলিও চিন্তা কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে আজি যুৱক-যুৱতীসকলে ভাৰতৰ অমৃত কালত স্নাতক ডিগ্ৰী লাভ কৰিছে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ পৰা ১০০ বছৰলৈকে— অৰ্থাৎ এই ২৫ বছৰক— ভাৰতৰ অমৃত কাল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে স্বাধীনতাৰ প্ৰথম ৭৫ বছৰত আমি বহুখিনি সাফল্য লাভ কৰিলো আৰু বহু ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিলো, কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পৰা ১০০ বছৰলৈকে সময়ছোৱা হৈছে ভাৰতৰ অমৃত কাল আৰু সংকল্প কাল। শ্ৰী শ্বাহে কয় যে আমি একাধিক লক্ষ্যত উপনীত হৈছো। এঘাৰ বছৰ পূৰ্বে অৰ্থাৎ ২০১৪-ত দেশৰ অৰ্থনীতি বিশ্বৰ ১১ নং স্থানত আছিল। কিন্তু আজি ভাৰতৰ অৰ্থনীতি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি। তেওঁ কয় যে ২০২৭-ৰ ৩১ ডিচেম্বৰৰ ভিতৰত আমি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ম। বিশ্ব অৰ্থনীতিৰ একাদশ স্থানৰ পৰা ৪ৰ্থ স্থানলৈ অগ্ৰগতি লাভৰ অৰ্থ হ’ল দেশৰ যুৱক-যুৱতীসকলৰ বাবে অসীম সুযোগৰ সঞ্চাৰ ঘটা। তেওঁ কয় যে দেশত এনে এখন মঞ্চৰ সৃষ্টি হৈছে, য’ত ভাৰতৰ পুত্ৰ-কন্যাসকলে থিয় হৈ সমগ্ৰ বিশ্বৰ যুৱক-যুৱতীসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত বিগত ১১ বছৰত ভিন্ন ধৰণৰ উন্নয়নৰ সূচনা কৰা হৈছে আৰু বহনক্ষম উন্নয়নৰ পৰম্পৰা প্ৰতিষ্ঠা কৰা হৈছে। ফলত সমগ্ৰ বিশ্বতে দেশৰ সন্মান বাঢ়িছে, যুৱক-যুৱতীসকলৰ বাবে অসীম সুযোগ মুকলি হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত আজি সমগ্ৰ বিশ্বৰ বাবে এক উৎপাদন কেন্দ্ৰত পৰিণত হৈছে। মোদী জীৰ নেতৃত্বত এই দহ বছৰত আমি ভাৰতক আগন্তুক ২৫ বছৰৰ বাবে বিশ্বৰ অৰ্থনীতিৰ দিশ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপক সদস্য দেশ হিচাপে প্ৰতিষ্ঠা কৰিছো। সেউজ শক্তিৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ কোনেও আজি ভাৰতক আওকাণ কৰিব নোৱাৰে। মহাকাশত বিশ্বই ভাৰতক আওকাণ কৰিব নোৱাৰে। আমি সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰত এক শক্তিশালী আৰম্ভণি কৰিছো। প্ৰতিৰক্ষা উৎপাদনত আমি দিনত দুগুণ আৰু ৰাতি চাৰিগুণ বৰ্ধিত গতিৰে অগ্ৰগতি লাভ কৰিছো। অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত যদিও আৰম্ভণি অলপ পলম হৈছিল, কিন্তু আজি সমগ্ৰ বিশ্ব অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ গতি প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰিছে। ঔষধৰ ক্ষেত্ৰত বিশ্বৰ ষাঠি শতাংশ ঔষধৰ উৎপাদন কেৱল ভাৰততে হয়।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে আজাদী কা অমৃত মহোৎসৱৰ সময়ছোৱাত দেশবাসীৰ সন্মুখত এটা সংকল্পৰ কথা ব্যক্ত কৰিছিল। ২০৪৭-ৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ পূৰ্তিৰ শুভলগনত ভাৰতক বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থানত উপনীত কৰিব কৰিব। তেওঁ কয় যে এই প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম, পৰিকল্পনা যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে আৰু ভাৰতৰ ভৱিষ্যতৰ বাবে। তেওঁ কয় যে এই সংকল্প এতিয়া কেৱল মোদী জীৰেই সংকল্প নহয়; বৰঞ্চ দেশৰ ১৪০ কোটি জনসাধাৰণৰ সংকল্প হৈ পৰিছে যে ২০৪৭-ৰ ১৫ আগষ্টত আমাৰ ভাৰত মাতা বিশ্বৰ সৰ্বোচ্চ স্থানত অধিষ্ঠিত হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে ‘চৰুছাট’ৰ পৰা স্নাতক হোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে—স্নাতক, ডক্টৰেট ডিগ্ৰী বা দ্বৈত স্নাতক হিচাপে হওক— নিশ্চিতভাৱে এই উদ্দেশ্য নিৰ্ধাৰণ কৰিব লাগিব যে তেওঁলোকে ২০৪৭-ত এখন মহান ভাৰত সৃষ্টিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিব। প্ৰথম – জীৱনত সদায় ডাঙৰ সপোন দেখিব লাগে, বিফলতাৰ ভয় দূৰ কৰিব লাগে আৰু অদম্য প্ৰচেষ্টা চলাবলৈ সাহস কৰিব লাগে; তেতিয়া দেখা সপোনবোৰ নিশ্চয় বাস্তৱায়িত হ’ব। দ্বিতীয়তে – কাৰিকৰী শিক্ষা লাভ কৰা যুৱক-যুৱতীসকলে অহৰহ চিন্তা-চৰ্চা কৰিব লাগে যে কেনেকৈ সমাজ আৰু দেশৰ স্বাৰ্থত প্ৰযুক্তিক ব্যৱহাৰ কৰিব পাৰি। তৃতীয়তে – অবিৰতভাৱে শিকি থাকিব আৰু তোমালোকৰ ভিতৰৰ ছাত্ৰজনক কেতিয়াও নিৰ্বাপিত হ’বলৈ নিদিবা। চতুৰ্থ – অবিৰত শিক্ষণৰ বাহিৰে আন কোনো পথ নাই। পঞ্চম – প্ৰযুক্তিৰ জ্ঞান আহৰণৰ বিষয়ত কেতিয়াও চমু বাট ল’ব নালাগে। আৰু ষষ্ঠ – দেশতকৈ উৰ্ধ্ব কোনো নহয়। ২০৪৭-ত দেশক মহান কৰাৰ দৃষ্টিভংগীৰে নিজৰ কাম কৰিব লাগে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্টআপ সংস্কৃতি ভাৰতৰ যুৱক-যুৱতীসকলৰ অন্তৰ্নিহিত স্বভাৱ। আজি আমি ষ্টাৰ্টআপৰ সংখ্যা আৰু ইউনিকৰ্ণ ষ্টাৰ্টআপৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছো। ষ্টাৰ্টআপ সংস্কৃতি আমাৰ যুৱক-যুৱতীসকলৰ স্বভাৱ। তেওঁ কয় যে যোৱা দশকত উচ্চ শিক্ষাত মৌলিক ৰূপান্তৰ ঘটিছে – আসনৰ সংখ্যা বৃদ্ধি, পাঠ্যক্ৰমৰ ডিজাইন আৰু শিক্ষাৰ পিছত উপলব্ধ সুযোগৰ সম্প্ৰসাৰণ ঘটিছে। তেওঁ কয় যে স্বাধীনতাৰ পৰা ২০১৪-লৈকে উচ্চ শিক্ষানুষ্ঠানৰ সংখ্যা আছিল ৫১ হাজাৰ; যোৱা ১০ বছৰত এই সংখ্যা ৫১ হাজাৰৰ পৰা ৭১ হাজাৰলৈ বৃদ্ধি পাইছে। বিশ্ববিদ্যালয়ৰ সংখ্যা ৭৬০ খনৰ পৰা ১৩৯১ খনলৈ বৃদ্ধি পাইছে। আজি মহাবিদ্যালয়ৰ সংখ্যা ৩৮,৪৯৮-ৰ পৰা ৫৩ হাজাৰলৈ বৃদ্ধি পাইছে। চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৮৭-ৰ পৰা ৮১৮-লৈ বৃদ্ধি পাইছে। এমবিবিএছ-ৰ আসন ৫১ হাজাৰৰ পৰা ১ লাখ ২৯ হাজাৰলৈ বৃদ্ধি পাইছে। স্নাতকোত্তৰ আসন ৩১ হাজাৰৰ পৰা ৮২ হাজাৰলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে দূৰদৰ্শী পৰিকল্পনাৰে এই দেশত উচ্চ শিক্ষাৰ ভিত্তিক সম্প্ৰসাৰিত কৰাৰ কাম বিগত এঘাৰ বছৰত সম্পন্ন হৈছে। এই উচ্চ শিক্ষা ব্যৱস্থাৰ পৰা স্নাতক হোৱা যুৱক-যুৱতীসকলে তেওঁলোকৰ বাবে সৃষ্টি কৰা এই অসীম সুযোগ বিচাৰি পাব।

শ্ৰী অমিত শ্বাহে কয় যে চাৰোটাৰৰ ভূমিয়ে ভাৰতক বহুখিনি দিছে। এই ভূমিত জন্মগ্ৰহণ কৰা চৰ্দাৰ বল্লভভাই পেটেল, বিত্তলভাই পেটেল আৰু এইচ.এম. পেটেলে প্ৰতিটো ক্ষেত্ৰতে ভাৰতলৈ যথেষ্ট অৰিহণা যোগাইছে। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ আনন্দত ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ কয় যে ত্ৰিভূৱন দাস পেটেল জীয়ে এই দেশত সমবায়ৰ ধাৰণাটো প্ৰতিষ্ঠা কৰি সফলতাৰে কাৰ্য্যকৰী কৰিছিল। এয়া আজিও ৰাষ্ট্ৰখনৰ প্ৰয়োজনীয়তা হৈয়ে আছে। ত্ৰিভূৱন দাস জীয়েই আমূল প্ৰতিষ্ঠা কৰিছিল। শ্ৰী শ্বাহে কয় যে আজি সমবায় খণ্ডত আমূল বিশ্বৰ এক নং সমবায় প্ৰতিষ্ঠান। গুজৰাটৰ বিশ লাখৰো অধিক ভগ্নী ইয়াৰ সৈতে জড়িত আৰু আজি আমূলৰ ব্যৱসায়ৰ মূল্য এক লাখ কোটি টকা। তেওঁ কয় যে আমূলৰ এই সফলতাত সমগ্ৰ বিশ্ব আচৰিত হৈছে। তেওঁ কয় যে আমূলৰ মূল ধাৰণাটো এই চাৰোটাৰৰ ভূমিৰ পৰাই উদ্ভৱ হৈছিল আৰু ইয়াৰ সফলতাও এই পবিত্ৰ ভূমিতে লাভ কৰা হৈছে।

****

RK/PR/PS/SB
 


(रिलीज़ आईडी: 2215147) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati