ক'অপাৰেশ্বন মন্ত্ৰালয়
উদয়পুৰত আয়োজিত ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ কৰ্মশালাত “সহকাৰ সে সমৃদ্ধি” দৃষ্টিভংগীৰ অধীনত সমবায় সংস্কাৰৰ পৰ্য্যালোচনা সম্পন্ন
কেন্দ্ৰ আৰু ৰাজ্যসমূহে ‘পেকছ’, সমবায় বেংকিং আৰু ডিজিটেল পদক্ষেপৰাজিক সুদৃঢ়কৰণ সন্দৰ্ভত আলোচনা কৰে
ৰাষ্ট্ৰীয় সমবায় তথ্যকোষ, এমএছচিএছ সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে সাজু, অন্তৰ্ভুক্ত সমবায়ত গুৰুত্ব আৰোপ
ৰাজ্যসমূহে ‘পেকছ’ক সবলীকৰণ, শস্য সংৰক্ষণ আৰু সমবায় উদ্ভাৱনৰ উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কৰে
प्रविष्टि तिथि:
10 JAN 2026 12:45PM by PIB Guwahati
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু নেতৃত্ব তথা সমবায়সমূহক সৰ্বাংগীন বিকাশ, গ্ৰামীণ সমৃদ্ধি আৰু তৃণমূল পৰ্য্যায়ৰ অৰ্থনৈতিক সবলীকৰণৰ এক মূল চালিকা শক্তি কৰি তুলিবলৈ তেওঁৰ “সহকাৰ সে সমৃদ্ধি”ৰ আহ্বানৰ দ্বাৰা পৰিচালিত হৈ ৮-৯ জানুৱাৰীত ৰাজস্থানৰ উদয়পুৰত সমবায় খণ্ডক সুদৃঢ়কৰণ সন্দৰ্ভত দুদিনীয়া ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ কৰ্মশালা আৰু পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ গতিশীল নেতৃত্বত সমবায় মন্ত্ৰালয়ে সমগ্ৰ দেশৰে সমবায় প্ৰতিষ্ঠানসমূহক সুদৃঢ়কৰণ, স্বচ্ছতা বৃদ্ধি আৰু এইসমূহৰ অৰ্থনৈতিক পদাংক সম্প্ৰসাৰণৰ লক্ষ্যৰে ব্যাপক সংস্কাৰ সাধনৰ জৰিয়তে এই দৃষ্টিভংগীক কাৰ্য্যত পৰিণত কৰিছে।
ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত সমবায় সমিতিসমূহৰ সচিব আৰু পঞ্জীয়কসকলকে প্ৰমুখ্য কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগতে সমবায় ব্যৱস্থাৰ মূল-মূল অংশীদাৰসকল একত্ৰিত হয়। সমবায় মন্ত্ৰালয়ৰ সচিব ডঃ আশীষ কুমাৰ ভূটানীয়ে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু আন-আন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কৰ্মশালাখন উদ্বোধন কৰে। ৰাজস্থান চৰকাৰৰ সচিব (সমবায়) শ্ৰীমতী আনন্দীয়ে তেওঁৰ ভাষণত এই সন্মিলনৰ প্ৰতিনিধিসকলক ৰাজস্থানলৈ আদৰণি জনায়।
ইয়াত সমবায় মন্ত্ৰালয়ৰ সচিবে মূল ভাষণ প্ৰদানেৰে কয় যে এই কৰ্মশালাৰ লক্ষ্য হৈছে সমবায় খণ্ডক পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সমন্বয়ক অধিক সুদৃঢ়কৰণ, ধাৰণাৰাজিৰ আদান-প্ৰদানক প্ৰসাৰিতকৰণ আৰু উদ্ভাৱনীমূলক পন্থাক উৎসাহিত কৰা। তেওঁ সমবায়সমূহ কেইবাবছৰ ধৰি প্ৰান্তীয়ভাৱে আছে বুলি উল্লেখেৰে পৰম্পৰাগত আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ ধাৰণাক পুনৰ গঢ় দি ইতিবাচক সফলতাৰ কাহিনীসমূহক উজ্জ্বল কৰি এইসমূহক মূলসুঁতিলৈ অনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ বনাচকান্থা ডেইৰীৰ উদাহৰণ দাঙি ধৰি কয় যে খৰাং-প্ৰৱণ এই জিলাখনে এক শক্তিশালী আৰু সংহত মূল্য শৃংখলৰ বিকাশ সাধনৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ৯০ লাখ লিটাৰ দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই কাৰ্য্যই সমবায়সমূহৰ ৰূপান্তৰশীল সম্ভাৱনাকে প্ৰদৰ্শিত কৰিছে। তেওঁ সমবায় বেংকৰ দ্বৈত নিয়ন্ত্ৰণৰ সৈতে মোকাবিলাকৰণ, ব’ৰ্ড নিৰ্বাচন প্ৰক্ৰিয়াৰ অগ্ৰগতি সাধন, তৃণমূল পৰ্য্যায়ৰ বাস্তৱ পৰিস্থিতিৰ বুজ ল’বলৈ ক্ষেত্ৰ ভ্ৰমণক উৎসাহিত কৰা আৰু ঐক্যমত-ভিত্তিক সিদ্ধান্ত-গ্ৰহণৰ সংস্কৃতি গঢ়ি তোলা আদি সংস্কাৰ সাধনৰ মূল ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ কৰে। তেওঁ গ্ৰামীণ আৰু নগৰীয়া সমবায় বেংকৰ বাবে নিয়মাৱলীক সৰলীকৰণ আৰু প্ৰশাসনিক ব্যৱধান দূৰ কৰাৰ বাবে আৰবিআই আৰু বিত্ত মন্ত্ৰালয়ৰ সৈতে মন্ত্ৰালয়ৰ অব্যাহত যোগাযোগ সন্দৰ্ভতো আলোকপাত কৰে।
ডঃ আশীষ কুমাৰ ভূটানীয়ে সমবায় খণ্ডক সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বৃহৎ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে, যথাঃ সমবায়সমূহৰ সৈতে আত্মসহায়ক গোটসমূহক একত্ৰীকৰণ, কম-খৰচী কাৰেন্ট একাউন্ট আৰু চেভিংছ একাউন্ট (CASA) পুঁজি বৃদ্ধিৰ বাবে সমবায় প্ৰতিষ্ঠানসমূহে সমবায় বেংকত একাউন্ট খোলা কাৰ্য্যক বাধ্যতামূলক কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীভূত সমৰ্থন আৰু প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয় তথা এলবিএছএনএএ, মুছৌৰিৰ সৈতে সহযোগিতাৰে প্ৰশিক্ষণ কাৰ্য্যসূচীৰ জৰিয়তে সামৰ্থ্য বিকাশ। তেওঁ ই-কমাৰ্চ প্লেটফৰ্ম আৰু মূল্য-শৃংখলৰ উন্নয়ন সাধনৰ দৰে পদক্ষেপৰাজিৰ জৰিয়তে অৰ্থনীতিলৈ সমবায় খণ্ডৰ অৱদান তিনিগুণ বৃদ্ধিৰ দৃষ্টিভংগীৰ কথা দোহাৰে।
এক সমৰ্পিত পৰ্য্যালোচনা অধিবেশনত প্ৰাথমিক কৃষি ঋণ সমিতি (PACS), কৃষি আৰু গ্ৰামোন্নয়ন বেংক (ARDB) তথা আৰচিএছ কাৰ্য্যালয়ৰ কম্পিউটাৰাইজেচনকে প্ৰমুখ্য কৰি সমবায় মন্ত্ৰালয়ৰ মূল পদক্ষেপসমূহৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱা হয়। লগতে ‘এমপেকছ’, বহুমুখী দুগ্ধ সমবায় সমিতি (MDCS) আৰু বহুমুখী মীন সমবায় সমিতি (MFCS) আদি আঁচনিসমূহৰ ৰূপায়ণ সম্পৰ্কেও আলোচনা কৰা হয়। আলোচনাত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণৰ পদক্ষেপ আৰু কমন চাৰ্ভিচ চেন্টাৰ, প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ (PMKSK) আৰু পিএম জন ঔষধি কেন্দ্ৰসমূহকে প্ৰমুখ্য কৰি ‘পেকছ’ৰ অতিৰিক্ত সেৱাৰ সম্প্ৰসাৰণ সম্পৰ্কেও আলোচনা কৰা হয়। সমবায় বেংকিং ব্যৱস্থাৰ সংস্কাৰ সাধন আৰু ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড, ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড আৰু ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড আদি ডিজিটেল পদক্ষেপৰ লগতে শ্বেত বিপ্লৱ ২.০-ৰ প্ৰচাৰ সম্পৰ্কেও আলোচনা কৰা হয়।
কৰ্মশালাখনিত ৰাষ্ট্ৰীয় সমবায় তথ্যকোষক সুদৃঢ়কৰণ আৰু বহু-ৰাজ্যিক সমবায় সমিতিসমূহৰ সংস্কাৰ সাধন কাৰ্য্যক আগুৱাই নিয়া সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়। ইয়াত ৰাজ্যসমূহে এপিআই সংহতি, জিভিএ প্ৰাক্কলনৰ বাবে বাৰ্ষিক টাৰ্ণঅ’ভাৰ আৰু লাভ-লোকচানৰ তথ্য আপডেট কৰা, জিইএম (GeM) ত সমবায়সমূহক অনব’ৰ্ডিং কৰা, লিকুইডেচন প্ৰক্ৰিয়াক ক্ষীপ্ৰকৰণ আৰু সমবায়সমূহৰ বাবে শাসন তথা ই-কমাৰ্চ প্লেটফৰ্মক সুদৃঢ়কৰণৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰে। কৰ্মশালাত মহিলা, যুৱক-যুৱতী আৰু প্ৰান্তীয় সমাজসমূহৰ বাবে সুযোগ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এলবিএছএনএএ, ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় সমবায় প্ৰশিক্ষণ পৰিষদ (NCCT) আৰু বৈকুণ্ঠ মেহতা ৰাষ্ট্ৰীয় সমবায় ব্যৱস্থাপনা প্ৰতিষ্ঠান (VAMNICOM) আদি প্ৰতিষ্ঠানৰ জৰিয়তে শক্তিশালী নেতৃত্ব, সুশাসন আৰু সামৰ্থ্য বিকাশৰ দ্বাৰা ভৱিষ্যতৰ বাবে সাজু সমবায় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়।
সমবায় খণ্ডক সুদৃঢ়কৰণ সন্দৰ্ভত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত উক্ত ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ কৰ্মশালা আৰু পৰ্য্যালোচনা বৈঠকৰ দ্বিতীয় দিনা “সহকাৰ সে সমৃদ্ধি – পেকছ এহেড” শীৰ্ষক এক সমৰ্পিত অধিবেশনত লক্ষ্যভিত্তিক পদক্ষেপৰ জৰিয়তে প্ৰাথমিক কৃষি ঋণ সমিতিৰ (PACS) সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাত ‘পেকছ’ক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সমবায় বেংকসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰা হয় আৰু ইয়াত ৰাজ্যসমূহে নিজ-নিজ অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ সম্পৰ্কে ব্যক্ত কৰে। মূল আলোচনাসমূহৰ ভিতৰত আছিল তামিলনাডুৱে উপস্থাপন কৰা নগদবিহীন ‘পেকছ’ আৰু পৰিচালনা তথ্য ব্যৱস্থাৰ (MIS) ৰূপায়ণ; অন্ধ্ৰ প্ৰদেশে উপস্থাপন কৰা সমবায়সমূহৰ বাবে এটা ষ্টাৰ্টআপ বাতাবৰণৰ প্ৰসাৰ; কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰে উপস্থাপন কৰা জিলা-নিৰ্দিষ্ট ব্যৱসায়িক পৰিকল্পনা; নাবাৰ্ডে উপস্থাপন কৰা আদৰ্শ সমবায় গাঁও; উত্তৰ প্ৰদেশে উপস্থাপন কৰা সদস্যভৰ্তি অভিযানৰ পদক্ষেপ আৰু ভাৰতীয় খাদ্য নিগম (FCI) আৰু ৰাজ্যসমূহৰ সৈতে জড়িত আধুনিক সংৰক্ষণ আৰু যোগান-শৃংখল সংহতি। নাবাৰ্ডৰ পৰামৰ্শদাতা শাখা ‘নেবকনছ’-এ (NABCONS) ইয়াৰ উপস্থাপন কৰে। এই অধিবেশনত ‘পেকছ’ক সুদৃঢ়কৰণ, এইসমূহৰ আৰ্থিক বহনক্ষমতাৰ বৰ্ধন আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ এক বিস্তৃত কৌশলত গুৰুত্ব আৰোপ কৰা হয়। বিশেষ অধিবেশনসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ইয়াত ছিকিম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰে প্ৰেজেনটেচন আগবঢ়ায়। “সহকাৰ সংবাদঃ সফল সমবায়ৰ সৈতে আলোচনা”-ত প্ৰযুক্তি-চালিত মীন আৰু দুগ্ধ পদক্ষেপৰ অভিজ্ঞতাৰাজি ব্যক্ত কৰা হয়।
সামৰণি অধিবেশনত সমবায় মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী পংকজ কুমাৰ বংশালে সমূদায়সমূহৰ মাজত সমবায় সম্পৰ্কে আলোচনাৰ অধ্যক্ষতা কৰে। ইয়াত আত্ম সহায়ক গোট (SHG) আৰু এফপিঅ’-সমূহক ‘পেকছ’ৰ সৈতে একত্ৰিত কৰা আৰু এনচিডিচি আঁচনিৰ অধীনত ব্যাপক প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হয়।
সামৰণি ভাষণত সমবায় মন্ত্ৰালয়ৰ সচিব ডঃ আশীষ কুমাৰ ভূটানীয়ে পুনৰ কয় যে ‘পেকছ’ হৈছে সমবায় ব্যৱস্থাৰ মেৰুদণ্ড। তেওঁ গ্ৰামীণ বিত্তীয় অন্তৰ্ভুক্তিক শক্তিশালী কৰিবলৈ ইয়াৰ সম্পূৰ্ণ কম্পিউটাৰাইজেচনৰ জৰুৰী প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে এফচিআই-এ শস্য সংৰক্ষণৰ আন্তঃগাঁথনিৰ বৰ্ধনৰ বাবে ৰেন্টেল গেৰান্টী প্ৰদান কৰিছে। ২০২৬-ৰ ছেপ্টেম্বৰৰ ভিতৰত ৫ লাখ টন আৰু ২০২৭-ৰ ছেপ্টেম্বৰৰ ভিতৰত ৫০ লাখ টনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কৰ্মশালাখনৰ সফল আয়োজনৰ বাবে ৰাজস্থান চৰকাৰক ধন্যবাদ জনায়।
****
AK/SB
(रिलीज़ आईडी: 2213330)
आगंतुक पटल : 6