পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বন সংৰক্ষণ, বন্যপ্ৰাণী সুৰক্ষা আৰু বিশ্বজোৰা নেতৃত্বৰ বাবে উৎসৰ্গিত এটা বছৰ

২০২৪ চনৰ ৫ জুন তাৰিখৰ পৰা ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত ২৬২.৪ কোটি পুলি ৰোপণ কৰা হৈছে

ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ কৰিছিল (FAO–GFRA 2025) আৰু বাৰ্ষিক বনাঞ্চল সংযোজনৰ ক্ষেত্ৰত বিশ্বজুৰি তৃতীয় স্থানত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০১৩ চনৰ পৰা বনাঞ্চল আৰু বৃক্ষ আৱৰণত সামগ্ৰিক সংযোজনৰ হাৰ হৈছে ৪.৮৩%

গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যলৈ ‘প্ৰকল্প চিতা’ৰ সম্প্ৰসাৰণ; ভাৰতত জন্মগ্ৰহণ কৰা ১৯ টা বাঘকে ধৰি চিতাৰ পৰিসংখ্যা ৩০ টা হ’ল

৫টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰজাতি সংৰক্ষণ প্ৰকল্প আৰম্ভ

২০১৭-১৮ চনৰ তুলনাত ২০২৪-২৫ চনত ১০৩খন চহৰত ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচীৰ অধীনত পিএম১০-ৰ মাত্ৰা কমোৱা হৈছে

২০২৫ চনত নগৰ বন যোজনা-ৰ অধীনত ৭৫টা প্ৰকল্পলৈ অনুমোদিন

২০১৪ চনৰ ২৬ টাৰ বিপৰীতে ২০২৫ চনত ৰামছাৰ ক্ষেত্ৰ-ৰ সংখ্যা হৈছে ৯৬ টা, যিয়ে সামৰি লৈছে ~১.৩৬ নিযুত হেক্টৰ। ২০২৫ চনত ১১টা এলেকা ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰি তালিকাত যোগ কৰা হৈছে

ভাৰতৰ প্ৰথম ৰামছাৰ জলাহভূমি চহৰ হিচাপে পৰিগণিত হৈছে ইন্দোৰ আৰু উদয়পুৰ (২০২৫ চনৰ জানুৱাৰী)।

ৰামছাৰ ক’পি-১৫ (জুলাই ২০২৫)ত গ্ৰহণ কৰা “জলাহঊমিৰ বুদ্ধিদীপ্ত ব্যৱহাৰৰ বাবে বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ”ত ভাৰতৰ নেতৃত্বত প্ৰস্তাৱ

২০২৫ চনৰ ডিচেম্বৰ মাহত নাইৰোবিত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সন্মিলন-ৰ সপ্তম অধিৱেশনত গ্ৰহণ কৰা “বন্যজুইৰ বিশ্বজোৰা ব্যৱস্থাপনা শক্তিশালী কৰা” বিষয়ক ভাৰতৰ প্ৰস্তাৱ

পৰিৱেশ নিৰীক্ষণ অধিনিয়ম, ২০২৫ৰ অধিসূচনা জাৰি কৰা হৈছে, প্ৰত্যায়িত তৃতীয় পক্ষৰ পৰিৱেশ নিৰীক্ষক নিয়োগৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে

২৪.০৭.২০২৫ তাৰিখে অধিসূচনা জাৰি কৰা পৰিৱেশ সুৰক্ষা (দূষিত স্থানৰ ব্যৱস্থাপনা) অধিনিয়ম, ২০২৫ত দেশৰ দূষিত স্থান চিনাক্তকৰণ, মূল্যায়ন আৰু সংশোধনৰ কাঠামো প্ৰদান কৰা হৈছে

দেশৰ সকলো এছপিচিবি-তে উদ্যোগ স্থাপন আৰু পৰিচালনাৰ বাবে সন্মতি প্ৰদানৰ বাবে সমাৱেশী নিৰ্দেশনাৰ দিহা

प्रविष्टि तिथि: 31 DEC 2025 2:56PM by PIB Guwahati

 

পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়(MoEFCC) ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, সংস্কাৰ আৰু কৃতিত্ব

১) বন সংৰক্ষণ, বনানীকৰণ আৰু সেউজ আৱৰণৰ সম্প্ৰসাৰণ

১.১ ‘এক পেড় মা কে নাম’ অভিযান

মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এক পেড় মা কে নাম অভিযানে বিশ্বৰ অন্যতম বৃহৎ জনকেন্দ্ৰিক পৰিৱেশ আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে। এই অভিযানক সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ পদ্ধতিৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছে:

  • ২০২৫ চনৰ ২৪ ডিচেম্বৰ পৰ্যন্ত ২৬২.৪ কোটি পুলি ৰোপণ কৰা হৈছে
  • এই অভিযানত আৱেগিক, সাংস্কৃতিক আৰু পৰিৱেশগত মূল্যবোধক সন্মিলিত কৰা হৈছে
  • মেৰি লাইফ পৰ্টেল-ৰ জৰিয়তে বাগিচাৰ কাৰ্যকলাপ ডিজিটেলভাৱে অনুসৰণ কৰা হৈছে।

১.২ বনাঞ্চল আৰু বৃক্ষ আৱৰণৰ বৰ্তমন স্থিতি

ইণ্ডিয়া ষ্টেট অব ফৰেষ্ট ৰিপ’ৰ্ট (আই এছ এফ আৰ) ২০২৩ৰ তথ্য অনুসৰি:

দেশৰ ভৌগোলিক অঞ্চলৰ ২৫.১৭% (২১.৭৬% বনাঞ্চল আৰু ৩.৪১% বৃক্ষ আৱৰণ) বনাঞ্চল আৰু গছৰ আৱৰণে সামৰি আছে।

  • ২০১৩ চনৰ পৰা এই পৰ্যন্ত সম্প্ৰসাৰিত হোৱা বনাঞ্চল আৰু বৃক্ষ আৱৰণৰ হাৰ হৈছে ৪.৮৩% ।
  • এফ এ অ’ৰ গ্ল’বেল ফৰেষ্ট ৰিছ’ৰ্চ এচেছমেণ্ট ২০২৫ অনুসৰি:

 

§ বনাঞ্চলৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে নৱম স্থান লাভ কৰিছে (দশম স্থানৰ পৰা উন্নীত হৈছে)।

§ বাৰ্ষিক মুঠ বন সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশ্বজুৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

এই কৃতিত্বসমূহে বনাঞ্চলৰ গুণাগুণ উন্নত কৰাৰ লগতে সেউজ আৱৰণ সম্প্ৰসাৰণৰ বাবে ভাৰতৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিবদ্ধতাক আলোকপাত কৰে।

 

১.৩ ৰাষ্ট্ৰীয় ক্ষতিপূৰণমূলক বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা কৰ্তৃপক্ষ (ৰাষ্ট্ৰীয় কেম্পা)

  • ৰাষ্ট্ৰীয় কেম্পা কৰ্তৃপক্ষই নিজৰ নীতি আৰু উদ্ভাৱনীমূলক ডিজিটেল সংস্কাৰৰ জৰিয়তে ভাৰতত ক্ষতিপূৰণমূলক বনানীকৰণ আৰু পৰিতন্ত্ৰ সেৱাৰ পুনৰুদ্ধাৰ কাৰ্যকলাপৰ পৰিকল্পনা আৰু পৰিচালনাৰ পৰিৱৰ্তন ঘটাইছে।
  • শক্তিশালী বিত্তীয় ব্যৱস্থা, বৃহৎ পৰিসৰৰ পৰিৱেশ পুনৰুদ্ধাৰ, আৰু নতুন ডিজিটেল ব্যৱস্থাৰ সংমিশ্ৰণেৰে—যেনে (১) পেন ইণ্ডিয়া ডিজিটেল এপিঅ’ পৰ্টেল ৰোলিং আউট, (২) বিছাগ-এন-ৰ সৈতে যৌথভাৱে নিৰীক্ষণ আৰু মূল্যায়ন সঁজুলিৰ বিকাশ, আৰু (৩) ৰাষ্ট্ৰীয় কেম্পা ডেছব’ৰ্ড— ৰাষ্ট্ৰীয় কেম্পাই স্বচ্ছতা, জবাবদিহিতা আৰু বৈজ্ঞানিক তদাৰকী নিশ্চিত কৰিছে।
  • ৰাষ্ট্ৰীয় কেম্পা কৰ্তৃপক্ষই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাৰ্ষিক পৰিচালনা পৰিকল্পনালৈ অনুমোদন জনাইছে।

 

১.৪ আৰাৱলী পৰিদৃশ্য পুনৰুদ্ধাৰ (সেউজ দেৱাল পদক্ষেপ)

  • আৰৱালী সেউজ দেৱাল পদক্ষেপে ৰাজস্থান, গুজৰাট, হাৰিয়ানা আৰু দিল্লীত জৰুৰী হস্তক্ষেপৰ প্ৰয়োজনীয়তা থকা অঞ্চলকে ধৰি ৬৩.১ নিযুত হেক্টৰ বনভূমি পুনৰুদ্ধাৰৰ প্ৰস্তাৱ আগবঢ়াইছে।
  • পৰ্যায়ক্ৰমে পুনৰুদ্ধাৰৰ এক পৰিকল্পনা (২০২৫–২০৩৪) কেম্পা, এম জি এন আৰ ই জি এছ, গ্ৰীণ ইণ্ডিয়া মিছন, আৰু অন্যান্য কাৰ্যসূচীৰ সৈতে অভিসৰণৰ জৰিয়তে বনাঞ্চল পুনৰুদ্ধাৰ, ঘাঁহনিৰ সজীৱতা, আৰু খনি পুনৰুদ্ধাৰত গুৰুত্ব আৰোপ কৰিছে।
  • ২০২৫ চনত প্ৰায় ৩৬,০২৫ হেক্টৰ ভূমি পুনৰুদ্ধাৰ কৰা হৈছে।
  • চাৰিখন ৰাজ্যত আৰাৱলী পৰিদৃশ্য-ৰ অন্তৰ্গত ৪৩৫খন নাৰ্চাৰী, যাৰ মুঠ আনুমানিক উৎপাদন সামৰ্থ্য ৩৯৩.২৪ লাখ পুলি ৰোপণ কৰা হৈছে।
  • আৰাৱলী পৰিদৃশ্য পুনৰুদ্ধাৰৰ বাবে এটা বিশদ কাৰ্য পৰিকল্পনা, আৰাৱলী পাহাৰমালা পুনৰুদ্ধাৰৰ বাবে এটা ডাঙৰ পদক্ষেপ ২০২৫ চনৰ ২১ মে'ত আৰম্ভ কৰা হয়।

২) বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰজাতিসমূহৰ উদ্ধাৰ

২.১ ব্যঘ্ৰ প্ৰকল্প আৰু হস্তি প্ৰকল্প

ভাৰতে সংৰক্ষণ সম্পৰ্কীয় ধ্বজাবাহী কাৰ্যসূচীসমূহ শক্তিশালী কৰি আহিছে:

  • ২০১৪ চনত ৪৬টা বাঘ সংৰক্ষিত বনাঞ্চলৰ বিপৰীতে এতিয়া প্ৰায় ৮৫,০০০ বৰ্গ কিলোমিটাৰ বিস্তৃত।
  • নতুন সংৰক্ষিত বনাঞ্চলঃ মাধৱ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল, মধ্য প্ৰদেশ।
  • বাঘৰ সৰ্বভাৰতীয় সমীক্ষাৰ ষষ্ঠ চক্ৰ আৰম্ভ কৰা হৈছিল (পৃথিৱীৰ প্ৰথম)।
  • বাসস্থান উন্নয়ন আৰু কৰিডৰ সুৰক্ষাক প্ৰাথমিকতা প্ৰদান কৰা হৈছিল।
  • ২০১৪ চনত হাতী সংৰক্ষিত বনাঞ্চল ২৬খনৰ তুলনাত ২০২৫ চনত ৩৩খনলৈ বৃদ্ধি পাইছে; প্ৰায় ৮,৬১০ বৰ্গ কিলোমিটাৰ অতিৰিক্ত এলেকা সুৰক্ষাৰ অধীনলৈ অনা হয়।
  • হস্তি প্ৰকল্প-ৰ অধীনত গ্ৰহণ কৰা বৃহত্ হস্তক্ষেপসমূহ তলত দিয়া ধৰণৰ:
  • ভাৰত–বাংলাদেশ সীমা অতিক্ৰমিত হাতী সংৰক্ষণ প্ৰট’কল
  • ১৫খন ৰাজ্যত ১৫০টা হাতী কৰিডৰ চিনাক্ত কৰা হৈছে
  • মানৱ মৃত্যুৰ বাবে এককালীন সাহায্যৰ পৰিমাণ বৃদ্ধি: ৫ লাখ টকাৰ পৰা ১০ লাখ টকা
  • ৰে’ল-ট্ৰেক মিটিগ্ৰেশ্যন পৰ্টেল; ১১০টা বিশেষ গুৰুত্বৰ স্থান চিনাক্ত কৰা হৈছে
  • গজ সূচনা এপ্-ৰ জৰিয়তে বন্দী হাতীৰ ডি এন এ-ৰ প্ৰফাইলিং

২.২ সংৰক্ষিত অঞ্চল আৰু সম্প্ৰদায় সংৰক্ষিত বনাঞ্চল

  • ২০১৪ চনৰ সংৰক্ষিত অঞ্চল ৭৪৫টা ৰ তুলনাত ২০২৫ চনত ১১৩৪টা লৈ বৃদ্ধি পাইছে।
  • সংৰক্ষিত এলেকা নেটৱৰ্কৰ অধীনত কমিউনিটী ৰিজাৰ্ভ ২০১৪ চনৰ ৪৮টা সংৰক্ষিত এলেকাৰ তুলনাত ২০২৫ চনত ৩০৯ লৈ বৃদ্ধি পাইছে।

২.৩ প্ৰকল্প চিতা

২০২৫ চনত প্ৰজেক্ট চিতাই সম্প্ৰসাৰণৰ পৰ্যায়ত প্ৰৱেশ কৰে:

  • গান্ধীসাগৰ বন্যপ্ৰাণী অভয়াৰণ্যত চিতা প্ৰৱৰ্তন কৰা হৈছিল; নোৰাডেহি আৰু বান্নি ঘাঁহনিলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছিল
  • ভাৰতত জন্ম হোৱা ১৯টা পোৱালিকে ধৰি মুঠ চিতাৰ জনসংখ্যা ৩০টা হ’ল
  • সফল প্ৰজননে সংৰক্ষণৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল
  • বটছৱানাৰ পৰা অহা ৮ টা চিতা পৰৱৰ্তী গোট (২০২৫)

 

২.৪ আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (IBCA)

ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (আই বি চি এ হৈছে ৭টা বৃহত্ মেকুৰী প্ৰজাতি সংৰক্ষণৰ বাবে ২০২৩ চনৰ এপ্ৰিল মাহত বিশ্বজুৰি আৰম্ভ কৰা এক জোঁটবন্ধন)ৰ নেতৃত্ব দি আহিছে

  • ২০২৫ চনৰ ২৩ জানুৱাৰীৰ পৰা পৰিকাঠামো চুক্তি বলবৎ হয়।
  • সদস্য সংখ্যা ১৮খন দেশলৈ সম্প্ৰসাৰিত হৈছে
  • সংৰক্ষণ, সামৰ্থ্য বিকাশ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা
  • আইবিচিএ-য়ে জৈৱ বৈচিত্ৰ্য সংৰক্ষণক জলবায়ু অভিযোজন, পৰিৱেশ তন্ত্ৰৰ সেৱা, জল সুৰক্ষা, আৰু সম্প্ৰদায়সমূহৰ জীৱিকাৰ সৈতে সংযুক্ত কৰি ভাৰতৰ বিশ্ব নেতৃত্বক শক্তিশালী কৰিছে।

 

২.৫ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ০৫টা প্ৰকল্প আৰু ০৪টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্য্য পৰিকল্পনা আৰম্ভ

প্ৰজাতি সংৰক্ষণ আৰু সংঘাত ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঁচটা প্ৰকল্প, য'ত প্ৰকল্প ডলফিন পৰ্যায় ১১, প্ৰকল্প সোৰোপা ভালুক, প্ৰকল্প ঘৰিয়াল, মানৱ-বন্যপ্ৰাণী সংঘাত ব্যৱস্থাপনাৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ, আৰু "বাঘ সংৰক্ষিত বনাঞ্চলৰ বাহিৰৰ বাঘ"ৰ বাবে এটা প্ৰকল্পৰ লগতে, নদীৰ পৰিসংখ্যাৰ মূল্যায়ন আৰু নিৰীক্ষণ কাৰ্যসূচীৰ বাবে চাৰিটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্য পৰিকল্পনা আৰু ক্ষেত্ৰ মাৰ্গদৰ্শন প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৫ চনৰ বন্যপ্ৰাণী সপ্তাহ (২-৮ অক্টোবৰ)ত ডলফিন, টাইগাৰ, স্নো লিঅ’পাৰ্ড আৰু বাষ্টাৰ্ড মুকলি কৰা হৈছিল।

 

২.৬ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বৰ্ড (এনবিডব্লিউএল):

মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত যোৱা ৩ মাৰ্চ ২০২৫ তাৰিখে গিৰৰ ছানছানত অনুষ্ঠিত সপ্তম এন বি ডব্লিউ এল বৈঠকত ভাৰতত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বৃদ্ধিৰ বাবে সহযোগিতা আৰু কাৰ্যবিন্দুত গুৰুত্ব আৰোপ কৰি বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মূল অংশীদাৰসকলক সন্মিলিত কৰা হয়।

 

৩/ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ

৩.১ জৈৱ বৈচিত্ৰ্যৰ সংস্কাৰ

জৈৱ বৈচিত্ৰ্য (সংশোধনী) অধিনিয়ম, ২০২৫ৰ অধিসূচনা জাৰি কৰা হয়:

  • অনুপালন সৰল কৰা
  • গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা
  • লাভৰ ভাগ-বতৰা কৰাৰ ব্যৱস্থা শক্তিশালী কৰা

৩.২ প্ৰৱেশ আৰু সুবিধা অংশীদাৰী (ABS)

জৈৱ বৈচিত্ৰ্যৰ ৰক্ষক হিচাপে স্থানীয় সম্প্ৰদায়সমূহৰ ভূমিকা শক্তিশালী কৰা।

ব্যৱসায় আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত প্ৰমাণীকৰণ কাৰ্যসূচী আৰম্ভ কৰা।

এবিএছ-ৰ অধীনত স্থানীয় জনগোষ্ঠীসমূহলৈ মুকলি কৰি দিয়া হৈছে ৬১ কোটিতকৈয়ো অধিক টকা

৩.৩ গোলকীয় সম্পৰ্ক

ভাৰতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ইকুইটি, বিত্ত, আৰু প্ৰযুক্তি হস্তান্তৰৰ পোষকতা কৰি চিবিডি চিঅপি-১৬ (ৰোম, ২০২৫)ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

৪/ জলবায়ু পৰিৱৰ্তনৰ কাৰ্য আৰু বিশ্বজোৰা নেতৃত্ব

৪.১ ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ৰ সাফল্য

  • ২০২০ চনত লাভ কৰা ২০০৫ চনৰ স্তৰৰ পৰা জিডিপি-ৰ নিৰ্গমনৰ তীব্ৰতা ৩৬% হ্ৰাস কৰা - ২০৩০ চনৰ ভিতৰত ৪৫% কৰাৰ লক্ষ্যৰ বিপৰীতে
  • অজীৱাশ্ম ইন্ধন ভিত্তিক শক্তিৰ উৎসৰ পৰা বিদ্যুৎ শক্তিৰ স্থাপন ক্ষমতা ২০২৫ চনৰ জুন মাহত ৫০%তকৈয়ো অধিকলৈ বৃদ্ধি পাইছে - নিৰ্ধাৰিত সময়তকৈ ৫ বছৰ আগতে
  • ২০০৫ চনৰ পৰা ২০২১ চনৰ ভিতৰত ২.২৯ বিলিয়ন টন অতিৰিক্ত কাৰ্বন অৱশোষণ সৃষ্টি কৰা - ২০৩০ চনৰ ভিতৰত ২.৫ - ৩.০ বিলিয়ন টন কাৰ্বন অৱশোষণ সৃষ্টিৰ লক্ষ্যৰ বিপৰীতে

 

৪.২ ভাৰতীয় কাৰ্বন বজাৰ

কাৰ্বন ক্ৰেডিট ট্ৰেডিং আঁচনি (চিচিটিএছ)ৰ কাৰ্যকৰীকৰণ ভাৰতৰ জলবায়ু কৌশলৰ এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত হৈছে:

  • অনুপালন আৰু সম্পূৰ্ণকৰণ ব্যৱস্থা স্থাপন কৰা হৈছিল
  • আন্তঃৰাষ্ট্ৰীয় কাৰ্বন পৰিকাঠামোৰ সৈতে সংগতি ৰাখি ঘৰুৱা বজাৰৰ দিহা

২০২৫ চনৰ আগষ্ট মাহত, পেৰিছ চুক্তিৰ ৬.২ অনুচ্ছেদৰ অধীনত ভাৰতে জাপানৰ সৈতেও দ্বিপাক্ষিক ব্যৱস্থাত স্বাক্ষৰ কৰিছিল।

৫. বায়ুৰ গুণাগুণ উন্নতি আৰু নগৰীয়া পৰিৱেশ

৫.১ ৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু কাৰ্যসূচী (এনচিএপি)

এনচিএপি-য়ে লক্ষণীয় ফলাফল প্ৰদান কৰি আছে:

  • ১৩০খন চহৰ সামৰি লোৱা হৈছে।
  • ১৩,৪১৫ কোটি টকা এতিয়ালৈকে পাৰফৰমেন্স-লিংকড ফাণ্ডিং হিচাপে প্ৰদান কৰা হৈছে।
  • চি পি আঁচনি-ৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ৮২খন চহৰলৈ ৭৯২.৭২ কোটি টকা মুকলি কৰি দিয়া হৈছে
  • পঞ্চদশ বিত্ত আয়োগৰ বায়ুৰ গুণাগুণ অনুদানৰ অধীনত ৪.৮ লাখৰ অধিক জনসংখ্যা থকা চহৰসমূহলৈ ২১৯৪.২৫ কোটি টকা মুকলি কৰাৰ বাবে বায়ুৰ গুণাগুণৰ প্ৰদৰ্শনত ভিত্তি কৰি লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ প্ৰদান
  • ২০১৭-১৮ চনৰ তুলনাত ২০২৪-২৫ চনত ১০৩খন চহৰত পিএম১০-ৰ মাত্ৰা হ্ৰাস পোৱা দেখা গৈছে, ইয়াৰে:
    • ৬৪খন চহৰত ২০%তকৈ অধিক হ্ৰাস দেখা গৈছে ৷
    • ইয়াৰে ২৫খন চহৰে ৪০%তকৈ অধিক হ্ৰাস লাভ কৰিছে।
  • ২২খন চহৰে পিএম১০ স্তৰৰ বাবে ৰাষ্ট্ৰীয় পৰিৱেশ বায়ুৰ গুণাগুণৰ মান পূৰণ কৰিছিল।

 

১৩০ খন চহৰত ৱাৰ্ড পৰ্যায়ৰ স্বচ্ছ বায়ু সৰ্বেক্ষণ অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

৫.২ নগৰ বন যোজনা (এনভিওৱাই)

নগৰীয়া বনানীকৰণে গতি লাভ কৰিলে:

  • চহৰ আৰু নগৰসমূহত সম্প্ৰসাৰিত হৈছে সেউজ এলেকা।
  • ২০২৫ চনত ৭৫টা প্ৰকল্পলৈ অনুমোদন।
  • মুঠ ৬২০টা নগৰ বন প্ৰকল্পলৈ অনুমোদন।
  • মুঠ ব্যয় ৬৫৪ কোটি টকা।

৬. আৱৰ্জনা ব্যৱস্থাপনা আৰু চক্ৰীয় অৰ্থনীতি

৬.১ বৰ্ধিত উৎপাদকৰ দায়িত্ব (ইপিআৰ) আৰু চক্ৰীয় অৰ্থনীতি

আঠটা আৱৰ্জনা প্ৰবাহত ইপিআৰ-ৰ কাঠামো ৰূপায়ণ কৰা হৈছে:

  • চক্ৰীয় অৰ্থনীতিৰ বাবে স্থাপন কৰা হৈছে শক্তিশালী ভেটি
  • ০৩.১২.২০২৫ তাৰিখ পৰ্যন্ত বিভিন্ন আৱৰ্জনা প্ৰবাহৰ অধীনত ৭১,৪০১ গৰাকী উৎপাদক আৰু ৪,৪৪৭ গৰাকীৰ নাম পুনঃব্যৱহাৰকাৰী পৰ্টেলত পঞ্জীয়ন কৰা হৈছে।
  • ৩৩৯.৫১ লাখ টনৰ সংশ্লিষ্ট ইপিআৰ প্ৰমাণপত্ৰৰ সৈতে প্ৰায় ৩৭৫.১১ লাখ টন আৱৰ্জনা (প্লাষ্টিক পেকেজিং আৱৰ্জনা, বেটাৰীৰ আৱৰ্জনা, ই-আৱৰ্জনা, আৱৰ্জনা টায়াৰ)ৰ পুনঃব্যৱহাৰ কৰা হৈছে, ইয়াৰে ২৩৭.৮৫ টন উৎপাদকলৈ হস্তান্তৰ কৰা হৈছে।

 

৭) উপকূলীয়, জলাশয়, মেংগ্ৰোভ সংৰক্ষণ আৰু পৰিৱেশ সংবেদনশীল অঞ্চল

৭.১ মিষ্টি(MISHTI) কাৰ্যসূচী

মেংগ্ৰোভ পুনৰুদ্ধাৰে গতি লাভ কৰিছে:

  • ২০২৫ চনত ৪৫৩৬ হেক্টৰ ভূমি পুনৰুদ্ধাৰৰ আওতালৈ অনা হয়।
  • ২০২৫ চনত মুকলি কৰা হৈছে ৪৬.৪৮ কোটি টকা।
  • মুঠ ২২,৫৬০ হেক্টৰ অৱক্ষয়ী মেংগ্ৰোভ পুনৰুদ্ধাৰ কৰা হৈছে।

৭.২ জলাহভূমিৰ সংৰক্ষণ

  • ২০২৫ চনত ১১টা এলেকাক ৰামছাৰ ক্ষেত্ৰ ঘোষণা কৰি তালিকাত যোগ কৰা হয়।
  • ভাৰতত এতিয়া ৯৬টা ৰামছাৰ ক্ষেত্ৰ আছে, যিটো পৰিসংখ্যা হৈছে এছিয়াৰ ভিতৰতে সৰ্বাধিক
  • উদয়পুৰ আৰু ইন্দোৰ ভাৰতৰ প্ৰথম ৰামছাৰ স্বীকৃতিপ্ৰাপ্ত জলাহভূমি-চহৰ হিচাপে পৰিগণিত হয়
  • ভাৰতত এতিয়া এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৰামছাৰ নেটৱৰ্ক আছে আৰু এলেকাৰ পৰিসংখ্যাৰ হিচাপত বিশ্বজুৰি তৃতীয় বৃহত্তম।

৭.৩ ৰাষ্ট্ৰীয় উপকূলীয় অভিযান

  • উপকূলীয় পৰিতন্ত্ৰৰ জলবায়ুৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে এই অভিযান ৭৬৭ কোটি টকাৰ পুঁজি আবণ্টনৰ সৈতে ২০২৫–৩১ চনৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।
  • ২০২৫-২৬ বৰ্ষত ভাৰতৰ ৭খন উপকূলীয় ৰাজ্য আৰু ৪টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮খন বিচ্চক ব্লু-ফ্লেগ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে।

৭.৪ পৰিৱেশ সংবেদনশীল অঞ্চল (ই এছ জেড)

  • ভাৰতত সংৰক্ষণ পৰিকল্পনাই প্ৰতিনিধিত্বমূলক বাসস্থান সুৰক্ষিত কৰাৰ বাবে পৰিতন্ত্ৰ ভিত্তিক পদ্ধতি অনুসৰণ কৰে।
  • পৰিৱেশ-সংবেদনশীল অঞ্চল (ই এছ জেড)সমূহে সংৰক্ষিত অঞ্চলসমূহৰ চাৰিওফালে উন্নয়ন নিয়ন্ত্ৰণ কৰাৰ লগতে স্থানীয় সম্প্ৰদায়সমূহৰ বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত সহায় কৰে।
  • ২০১৪ চন পৰ্যন্ত ২৫টা সংৰক্ষিত অঞ্চল সামৰি লোৱা মাত্ৰ ২৩টা ই এছ জেড-ৰ তুলনাত এতিয়া ৪৯৬টা সংৰক্ষিত অঞ্চল সামৰি ৩৫৩টা চূড়ান্ত ই এছ জেড অধিসূচনা জাৰি কৰা হৈছে।

৮) পৰিৱেশ সজাগতা, শিক্ষা আৰু সামৰ্থ্য বৰ্দ্ধন

  • সমগ্ৰ দেশতে কাৰ্যক্ষম হৈ আছে ১.১২ লাখ ইকো-ক্লাব
  • মিছন লাইফ-য়ে ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলক বহনক্ষম জীৱনশৈলীৰ দিশত সংগঠিত কৰিছে। মেৰী লাইফ পৰ্টেল-ত প্ৰকাশ পোৱা তথ্য অনুসৰি এই পৰ্যন্ত ৩৪ লাখৰো অধিক লাইফ কাৰ্যক্ৰম-ত ছয় কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। ৪.৯৬ কোটিয়ে গ্ৰহণ কৰিছে মিছন লাইফ-ৰ পণ।
  • ইআইএচিপি-য়ে ডিজিটেল প্ৰসাৰ আৰু জ্ঞান প্ৰচাৰণক শক্তিশালী কৰিছে

 

১২) ২০২৫ চনত MoEFCC ৰ দ্বাৰা বৃহৎ সংস্কাৰ

১২.১ গ্ৰীণ ক্ৰেডিট কাৰ্যসূচী (জিচিপি) সংশোধিত কাঠামো

  • অৱক্ষয়ী বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত সত্তাসমূহলৈ অংশগ্ৰহণ সম্প্ৰসাৰিত কৰা।
  • ব্যৱহাৰকাৰী সংস্থাসমূহে পোনপটীয়াকৈ পুনৰুদ্ধাৰ কৰিব লাগিব।
  • ≥৪০% চালিৰ ঘনত্ব (৫ বছৰৰ ওপৰৰ প্ৰতিটো গছত ১ টাকৈ ক্ৰেডিট) লাভ কৰিলে পুনৰুদ্ধাৰৰ ৫ বছৰৰ পিছত জাৰি কৰা হয় গ্ৰীণ ক্ৰেডিট।
  • ক্ৰেডিটসমূহ এবাৰ ব্যৱহাৰ কৰিব পাৰি:
    • ক্ষতিপূৰণমূলক বনানীকৰণ (CA),
    • চি এছ আৰ বাধ্যবাধকতা, বা...
    • বিধিগত বাগিচাৰ প্ৰয়োজনীয়তা।

 

১২.২ বন (সংৰক্ষন তথা সংবৰ্দ্ধন) সংশোধনী অধিনিয়ম, ২০২৫

  • অৱক্ষয়ী/চৰকাৰী/পঞ্জীকৃত বনভূমিত ভূমি-বেংক সৃষ্টিৰ হাৰ সম্প্ৰসাৰিতকৰণ (≤০.৪ চালি)।
  • চৰকাৰৰ অধীনত সৃষ্টি হোৱা বনানীকৰণ। CA ৰ বাবে আঁচনি ব্যৱহাৰ কৰিব পাৰি।
  • বৰ্ধিত CA নীতিৰ সৈতে জটিল, কৌশলগত, গভীৰভাৱে আৰু পাৰমাণৱিক খনিজ খননৰ বাবে সুশৃংখলিত অনুমোদন।

১২.৩ অধিনিয়মৰ দ্বিতীয় সংশোধনী, ২০২৩ (নৱেম্বৰ ২০২৫)

বন (সংৰক্ষণ তথা সংবৰ্দ্ধন) নিয়মাৱলী, ২০২৩ সংশোধন কৰি ৰাজ্যৰ ন’ডেল বিষয়াসকলক ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে অৱক্ষয়ী বনাঞ্চল চিনাক্তকৰণত ব্যৱহাৰকাৰী সংস্থাটোক বাধ্যতামূলকভাৱে সহায় আৰু সুবিধা প্ৰদান কৰিবলৈ সক্ষম কৰা হয়।

১২.৪. ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত স্থানীয় বন বিষয়াক জড়িত কৰা

১৩.১১.২০২৫ তাৰিখে জাৰি কৰা নিৰ্দেশনাত প্ৰকল্পৰ প্ৰস্তাৱকক ভূমি অধিগ্ৰহণৰ অধিসূচনাৰ প্ৰতিলিপি স্থানীয় বন বিভাগৰ বিষয়াৰ সৈতে সহভাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে যিকোনো আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ সময়ত বনভূমি স্পষ্টভাৱে চিত্ৰিত কৰিব পৰা যায়।

১২.৫ বায়ু আইন আৰু জল আইনৰ অধীনত সংস্কাৰ

১২.৫.১ একেধৰণৰ সন্মতি সংস্কাৰ

  • এছপিচিবি/পিচিচিসমূহৰ মাজত স্থাপন/কাৰ্য চলাবলৈ সন্মতিৰ বাবে দেশব্যাপী একেধৰণৰ নিৰ্দেশনা।
  • পৰিৱেশ মন্ত্ৰালয়ৰ আগতীয়া অনুমোদন থকা উদ্যোগসমূহ চিটিই-ৰ পৰা ৰেহাই দিহা।

১২.৫.২ ঔদ্যোগিক শ্ৰেণীবিভাজন আৰু অনুপালন

  • উন্নত অনুপালনক উৎসাহিত কৰিবলৈ উদ্যোগৰ সংশোধিত শ্ৰেণীবিভাজন (ৰঙা/কমলা/সেউজীয়া/নীলা/বগা)।
  • ৰাজ্যসমূহক নতুন খণ্ডসমূহক বগা শ্ৰেণীৰ অধীনত শ্ৰেণীভুক্ত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
  • ৮৬টা খণ্ডক বগা শ্ৰেণী হিচাপে অধিসূচনা কৰা হৈছে — চিটিই/চিটিঅ’ৰ পৰা ৰেহাই দিয়া হৈছে।

১২.৬ ইপিআৰ আৰু চক্ৰীয় অৰ্থনীতিৰ আধাৰত সংস্কাৰ:

  • চক্ৰীয় অৰ্থনীতিৰ কাৰ্য পৰিকল্পনাৰ অংশ হিচাপে আঠটা আৱৰ্জনা শ্ৰেণীৰ বাবে ইপিআৰ নিয়মসমূহ অধিসূচনা জাৰি কৰা হৈছে, যথা প্লাষ্টিক পেকেজিং, ই-আৱৰ্জনা, বেটাৰীৰ আৱৰ্জনা, ব্যৱহৃত তেল, পেলনীয়া টায়াৰ, জীৱনৰ শেষৰ বাহন, নিৰ্মাণ আৰু ভাঙি পেলোৱা আৱৰ্জনা, আৰু অলৌহ ধাতুৰ পেলনীয়া সামগ্ৰী।

১২.৭ পৰিৱেশ সুৰক্ষা (দূষিত স্থানৰ প্ৰৱন্ধন) অধিনিয়ম, ২০২৫:

২৪.০৭.২০২৫ তাৰিখে অধিসূচনা জাৰি কৰা পৰিৱেশ সুৰক্ষা (দূষিত স্থানৰ প্ৰৱন্ধন) অধিনিয়ম, ২০২৫ত দেশৰ দূষিত স্থান চিনাক্তকৰণ, মূল্যায়ন আৰু সংশোধনৰ বাবে এক কাঠামো প্ৰদান কৰা হৈছে।

১২) ব্যৱসায় কৰাত সহজতাৰ বাবে পৰিৱেশ নিষ্কাশন প্ৰক্ৰিয়াৰ ৮ টা ডাঙৰ সংস্কাৰ

  • খনি মন্ত্ৰালয়ে ‘ক্ষুদ্ৰ’ৰ পৰা ‘বৃহৎ’লৈ পুনৰ শ্ৰেণীভুক্ত কৰা খনিজ প্ৰকল্প, ৫ হেক্টৰ পৰ্যন্ত পট্টা এলেকাৰ সৈতে, ইআইএ অধিসূচনা, ২০০৬ৰ অধীনত ‘বি২’ শ্ৰেণী হিচাপে অৱগত কৰা হ’ব।
  • পৰিৱেশ সংক্ৰান্তীয় অনুমোদন (ইচি) সংশোধনীৰ প্ৰয়োজন নোহোৱাকৈ আৰ্হি আৰু পৰিকল্পনাৰ পৰিৱৰ্তনৰ অনুমতি দি ভৱন নিৰ্মাণ প্ৰকল্পৰ বাবে ইচি-ৰ কাঠামো যুক্তিসংগত কৰা হৈছে।
  • বৈধ ইচি আৰু কোনো অতিৰিক্ত ভূমিৰ প্ৰয়োজনীয়তা থকা বিমানবন্দৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ প্ৰকল্পসমূহক এতিয়া ইআইএ আৰু ৰাজহুৱা শুনানিৰ পৰা ৰেহাই দিয়া বি২ শ্ৰেণীৰ প্ৰকল্প হিচাপে মূল্যায়ন কৰা হৈছে।
  • ঔদ্যোগিক বাগিচা/উদ্যান আৰু ব্যক্তিগত উদ্যোগৰ বাবে গ্ৰীণ বেল্ট আৰু গ্ৰীণ কভাৰ-ৰ প্ৰয়োজনীয়তা প্ৰদূষণৰ সম্ভাৱনাৰ ভিত্তিত যুক্তিসংগত কৰা হৈছে।
  • আদালত বা এনচিএলটি-ৰ কাৰ্যবিধিৰ পৰা হোৱা বিলম্ব ইচি-ৰ বৈধতাৰ সময়সীমাৰ পৰা বাদ দিয়া হৈছে।
  • পৰিৱেশ নিৰীক্ষণ অধিনিয়ম, ২০২৫, চৰকাৰৰ বিশ্বাস ভিত্তিক অনুসৰণ – ব্যৱসায় কৰাত সহজতাক শক্তিশালী কৰি পৰিৱেশ আইনসমূহৰ অধীনত স্থানীয় পৰীক্ষণ আৰু অনুসৰণ সমীক্ষা চলাবলৈ প্ৰমাণিত তৃতীয় পক্ষৰ পৰিৱেশ নিৰীক্ষকৰ এটা কেডাৰ প্ৰৱৰ্তন কৰে।
  • PARIVESH: PARIVESH 2.0 য়ে অনুমোদন ব্যৱস্থাপনাত সম্পূৰ্ণ স্বয়ংক্ৰিয়তা লাভ কৰে, পৰিৱেশ, বন, বন্যপ্ৰাণী, চি আৰ জেড অনুমোদনৰ বাবে এক সংহত ডিজিটেল প্লেটফৰ্ম প্ৰদান কৰে।
  • পিএম গতিশক্তি এনএমপি, এনএছডব্লিউএছ (ৰাষ্ট্ৰীয় একক উইণ্ড’ ছীষ্টেম), কেম্পাৰ ডিজিটেল পেমেণ্ট গেটৱে’, আৰু কিউচিআই-নেবেট-ৰ স্বীকৃতি পৰ্টেলৰ সৈতে একত্ৰিত হৈ, পৰিৱেশ-য়ে মাননীয় প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা সমগ্ৰ চৰকাৰ পদ্ধতি-ক সামৰি লৈছে।

*****

GS/SK/KB


(रिलीज़ आईडी: 2212797) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Punjabi , Kannada