বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বিত্ত মন্ত্ৰালয়ৰ বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)

प्रविष्टि तिथि: 31 DEC 2025 4:00PM by PIB Guwahati

 

২০২৫ চনত, বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)-য়ে ইয়াৰ কাৰ্যকলাপ আৰু নীতি-সংক্রান্তীয় পদক্ষেপসমূহৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ সাফল্য অৰ্জন কৰিছে।

২০২৫ চনৰ প্ৰধান সাফল্যসমূহৰ ভিতৰত এক গুৰুত্বপূর্ণ দিশ আছিল নিৰ্বাচিত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (চিপিএছই) আৰু অন্যান্য সংস্থাসমূহৰ মাজত মূলধনী ব্যয়ৰ শক্তিশালী পৰ্যবেক্ষণ আৰু সহায়তা। নিৰ্বাচিত চিপিএছইসমূহৰ (যিসকলৰ বাৰ্ষিক মূলধনী ব্যয়ৰ  অনুমান ১০০ কোটি বা তাতকৈ অধিক) লগতে অন্যান্য চৰকাৰী সংস্থাসমূহ যেনে — ৰেলৱে ব’ৰ্ড, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই), দিল্লী মেট্ৰ’ ৰেল নিগম (ডিএমআৰচি), আৰু দামোদৰ ভেলী কৰ্পৰেচন (ডিভিচি) — এই সকলো সংস্থাৰ ২০২৫–২৬ বিত্তীয় বছৰৰ বাবে মূলধনী ব্যয়ৰ সাফল্যসমূহ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ শেষলৈকে সংগ্ৰহ কৰা হৈছিল। এপ্ৰিল–ছেপ্টেম্বৰ ২০২৫ সময়ছোৱাত এই সংস্থাসমূহে মুঠ ৩.৮৫ লাখ কোটি টকাৰ মূলধনী ব্যয়ৰ  সম্পাদন কৰিছে, যি ২০২৫–২৬ বিত্তীয় বছৰৰ বাবে ধাৰ্য কৰা ৭.৮৫ লাখ কোটি টকাৰ বাৰ্ষিক বাজেট অনুমানৰ ৪৯.১%ক প্ৰতিনিধিত্ব কৰে।

ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)-য়ে উদ্যোগ ৪.০ প্ৰযুক্তিসমূহ গ্ৰহণৰ গতি বৃদ্ধি কৰিবলৈ এক সমগ্ৰ-চিপিএছই দৃষ্টিভংগী(whole-of-CPSEs approach)-ৰ অধীনত এক শৃংখলাবদ্ধ কৰ্মশালাৰ আয়োজন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। এই কৰ্মশালাসমূহে ৰাজহুৱা খণ্ডত উৎপাদনশীলতা, দক্ষতা আৰু উদ্ভাৱনত ৰূপান্তৰকাৰী উন্নতি সাধিবলৈ উদীয়মান উদ্যোগ ৪.০ প্ৰযুক্তিসমূহৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। কৰ্মশালাসমূহত অংশগ্ৰহণকাৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা (এআই), ডিজিটেল টুইন (Digital Twin), থ্ৰী-ডি প্ৰিন্টিং আদি প্ৰযুক্তিসমূহৰ বিষয়ে সচেতন কৰা হয় আৰু এই প্ৰযুক্তিসমূহে উদ্যোগসমূহ ৰূপান্তৰ কৰাৰ সম্ভাৱ্য ভূমিকা তথা চিপিএছইসমূহৰ বাবে আগলৈ যোৱাৰ পথৰ বিষয়ে আলোচনা কৰা হয়।

 

দুটা চিপিএছই-লৈ নৱৰত্ন মৰ্যাদা প্ৰদান

এই বছৰত ৰাজহুৱা উদ্যোগ বিভাগ (ডিপিই)-য়ে দুটা চিপিএছই-লৈ নৱৰত্ন (Navratna) মৰ্যাদা প্ৰদান কৰিছে, সেইকেইটা হৈছে— ভাৰতীয় ৰেলৱে কেটাৰিং এণ্ড টুৰিজম কৰ্পোৰেশ্যন লিমিটেড(আইআৰচিটিচি) আৰু ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড(আইআৰএফচি)।

 

এমএছইসমূহৰ পৰা ক্ৰয়: -

ক্ষুদ্ৰ আৰু লঘূ উদ্যোগসমূহ (Micro & Small Enterprises – MSEs)ৰ সমৰ্থনত গৃহীত নীতি-সংক্রান্তীয় হস্তক্ষেপসমূহৰ সৈতে সংগতি ৰাখি, চলিত বিত্তীয় বছৰৰ নৱেম্বৰ মাহলৈকে চিপিএছইসমূহে নিৰ্ধাৰিত ২৫% ৰ বিপৰীতে প্ৰায় ৪৭.২১% ক্ৰয় এমএছই-সমূহৰ পৰা কৰিছে।

 

***

NB/GKP/KB


(रिलीज़ आईडी: 2211733) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Malayalam