ক'অপাৰেশ্বন মন্ত্ৰালয়
সমবায় দপ্তৰৰ জৰিয়তে পুষ্টি সুৰক্ষাৰ দিশত এক ডাঙৰ পদক্ষেপ: কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এনডিডিবি ফাউণ্ডেশ্যন ফৰ নিউট্ৰিচনৰ চিএছআৰ কনক্লেভ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সহকৰ সে সমৃদ্ধি’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এনডিডিবিৰ এক নতুন পদক্ষেপ।
পুষ্টিহীনতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত কৰ্পৰেট–সমবায় অংশীদাৰিত্বৰ বিষয়ত আলোচনা: এনডিডিবি ফাউণ্ডেশ্যন ফৰ নিউট্ৰিচনৰ নেচনেল চিএছআৰ কনক্লেভ
গিফট মিল্ক আৰু শিশু সঞ্জীৱনী কাৰ্যসূচী আৰম্ভ: প্ৰায় ৭,০০০ শিশুৱে পুষ্টিকৰ খাদ্য লাভ কৰিব
‘পুষ্টি আৰু স্বাস্থ্য: ৰাজহুৱা হস্তক্ষেপৰ জৰিয়তে পুষ্টিহীনতা নিৰ্মূলকৰণ’ আৰু ‘পুষ্টি সুৰক্ষাৰ বাবে কৰ্পৰেট–সমবায় সহযোগিতা’ বিষয়ক কাৰিকৰী অধিৱেশন।
प्रविष्टि तिथि:
05 JAN 2026 6:13PM by PIB Guwahati
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘সহকৰ সে সমৃদ্ধি’ৰ দূৰদৰ্শী ধাৰণাৰে পৰিচালিত আৰু মাননীয় কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ বলিষ্ঠ নেতৃত্বত সমবায় আন্দোলনক জনকল্যাণ আৰু সামাজিক উন্নয়নৰ সৈতে সংযোগ কৰাৰ বাবে আন এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৬ চনৰ ৬ জানুৱাৰীত নতুন দিল্লীৰ বিজ্ঞান ভৱনত এন ডি ডি বি ফাউণ্ডেচনৰ উদ্যোগত “পুষ্টি সুৰক্ষা আৰু অপুষ্টি প্ৰশমনৰ ক্ষেত্ৰত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ ভূমিকা” শীৰ্ষক চি এছ আৰ কনক্লেভ উদ্বোধন কৰিব।
এই উপলক্ষ্যে মাননীয় কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ তথা পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং (মীন, পশুপালন আৰু দুগ্ধ আৰু পঞ্চায়তী ৰাজ), মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী (মহিলা আৰু শিশু উন্নয়ন), মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কৃষণ পাল গুৰজাৰ (সহযোগিতা), মাননীয় ৰাজ্যিক মন্ত্ৰী ডাঙৰীয়া শ্ৰী মুৰলীধৰ মোহল (সমবায় আৰু অসামৰিক বিমান পৰিবহণ), মাননীয় ৰাজ্যিক মন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেল (মীন, পশুপালন আৰু দুগ্ধ আৰু পঞ্চায়তী ৰাজ), মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত জৰ্জ কুৰিয়ান (মীন, পশুপালন আৰু দুগ্ধ আৰু সংখ্যালঘু পৰিক্ৰমা), ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ সটিব ড০ আশীষ কুমাৰ ভূটানী, ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ সম্পাদক শ্ৰী নৰেশ পাল গংগৱাৰ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী অনিল মালিক, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, এনডিডিবিৰ অধ্যক্ষ ড০ মীনেশ শ্বাহকে ধৰি অন্যান্য বিশিষ্ট অতিথিসকলো এই কাৰ্যসূচীত উপস্থিত থাকিব।
কনক্লেভৰ সময়ত মাননীয় কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী ডাঙৰীয়াই ছত্তীশগড়ৰ এছএআইএলৰ ভিলাই তীখা প্ৰকল্পৰ চিএছআৰ পদক্ষেপৰ অধীনত গিফট মিল্ক কাৰ্যসূচীৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰিব। এই পদক্ষেপৰ জড়িয়তে ভিলাই তীখা প্ৰকল্পৰ খনন এলেকাত অৱস্থিত চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা প্ৰায় ৪ হাজাৰ শিশু উপকৃত হ’ব। এই কাৰ্যসূচীৰ অধীনত এনডিডিবিৰ দ্বাৰা পৰিচালিত ছত্তীশগড় মিল্ক ফেডাৰেচনৰ জৰিয়তে ভিটামিন এ আৰু ডি যুক্ত সোৱাদযুক্ত গাখীৰ যোগান ধৰা হ’ব। ইয়াৰ উপৰি শ্ৰী অমিত শ্বাহে আইডিবিআই বেংকৰ চিএছআৰ পদক্ষেপৰ অধীনত শিশু সঞ্জীৱনী কাৰ্যসূচীও আৰম্ভ কৰিব। এই কাৰ্যসূচীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ গ্ৰামাঞ্চলৰ অংগনবাড়ী কেন্দ্ৰত অধ্যয়ন কৰা প্ৰায় ৩ হাজাৰ শিশুক পুষ্টিৰ সহায় আগবঢ়াব। শিশু সঞ্জীৱনী হৈছে মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত অৱস্থিত এনডিডিবিৰ দ্বাৰা বিকশিত শক্তিযুক্ত ঘন, অৰ্ধ কঠিন, খাবলৈ ৰেডি ফৰ্টিফাইড পুষ্টিকৰ পৰিপূৰক খাদ্য। ভাণ্ডাৰা মিল্ক ইউনিয়নে ইয়াক প্ৰস্তুত কৰিব। এই ৰাষ্ট্ৰীয় সন্মিলনে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী/পিএছইউৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, দুগ্ধ সমবায় প্ৰতিষ্ঠান, স্বনামধন্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী, লগতে হিতাধিকাৰী প্ৰতিষ্ঠান (বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ)ৰ প্ৰতিনিধিৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব। শিশুৰ মাজত পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতামূলক, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৌশলৰ বিষয়ত আলোচনা কৰাটোৱেই এই সন্মিলনৰ উদ্দেশ্য।
উদ্বোধনী অধিৱেশনৰ পিছত দুটা বিষয়বস্তু সন্দৰ্ভত কাৰিকৰী অধিৱেশনৰ আয়োজন কৰা হ’ব—‘পুষ্টি আৰু স্বাস্থ্য: ৰাজহুৱা হস্তক্ষেপৰ জৰিয়তে পুষ্টিহীনতা নিৰ্মূলকৰণ’ তথা ‘পুষ্টি সুৰক্ষাৰ বাবে কৰ্পৰেট–সমবায় সহযোগিতা’। সমগ্ৰ দেশৰ পৰা প্ৰায় ১২০০ অংশগ্ৰহণকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
****
AK/DM
(रिलीज़ आईडी: 2211675)
आगंतुक पटल : 9