প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফৰীদপুৰৰ বিধায়ক ডঃ শ্যাম বিহাৰী লালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 02 JAN 2026 6:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ ফৰীদপুৰৰ বিধায়ক ডঃ শ্যাম বিহাৰী লালৰ দেহাৱসানত শোক প্ৰকাশ কৰে।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

"উত্তৰ প্ৰদেশৰ ফৰীদপুৰৰ বিধায়ক ডঃ শ্যাম বিহাৰী লালৰ বিয়োগত মই গভীৰভাৱে শোকাহত হৈছো। তেওঁ বিজেপিৰ এগৰাকী নিষ্ঠাৱান আৰু কঠোৰ পৰিশ্ৰমী নেতা আছিল। তেওঁৰ মৃত্যুত দলৰ অপূৰণীয় ক্ষতি হৈছে। মই এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি!"

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2210955) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam