মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

পি এম-য়ুৱা ৩ৰ ফলাফল ঘোষণাঃ ইংৰাজী তথা ২২ টা ভাৰতীয় ভাষাত ৪৩ গৰাকী যুৱ লেখক নিৰ্বাচিত

प्रविष्टि तिथि: 30 DEC 2025 3:10PM by PIB Guwahati

শিক্ষা মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ নেচনেল বুক ট্ৰাষ্টৰ দ্বাৰা ৰূপায়িত প্ৰধানমন্ত্ৰীৰ যুৱ লেখকসকলক পৰামৰ্শ দিয়া আঁচনিৰ (পিএম-য়ুৱা ৩.০) ফলাফল এনবিটি-ইণ্ডিয়াৰ ৱেবছাইটত ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ সৈতে সংগতি ৰাখি এই আঁচনিখনৰ লক্ষ্য হৈছে যুৱ লেখকসকলক তেওঁলোকৰ লেখা আৰু ধাৰণাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ উৎসাহিত কৰা।

এই সংস্কৰণৰ অধীনত, অসমীয়া, বাংলা, বড়ো, ডোগ্ৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, মালয়ালম, মণিপুৰী, মাৰাঠী, মৈথিলী, নেপালী, ওড়িয়া, পাঞ্জাৱী, সংস্কৃত, চাওতালী, সিন্ধি, তামিল, তেলেগু আৰু উৰ্দুকে ধৰি ২২ টা চৰকাৰী ভাৰতীয় ভাষা আৰু ইংৰাজীত ৩০ বছৰৰ তলৰ ৪৩ গৰাকী যুৱ লেখকৰ গ্ৰন্থ প্ৰস্তাৱ এক সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ জৰিয়তে বাছনি কৰা হয়। এই বিস্তৃত ভাষাৰ অংশগ্ৰহণে সমগ্ৰ ভাৰতত সৰ্বাত্মক সাহিত্যিক বিকাশৰ প্ৰচাৰৰ আঁচনিখনৰ উদ্দেশ্যক শক্তিশালী কৰে। নিৰ্বাচিত ৪৩ গৰাকী লেখকৰ ভিতৰত ১৯ গৰাকী মহিলা আৰু ২৪ গৰাকী পুৰুষ।

এই নিৰ্বাচিত গ্ৰন্থ প্ৰস্তাৱসমূহ বিশিষ্ট শিক্ষাবিদসকলৰ ছমহীয়া তত্ত্বাৱধানত গ্ৰন্থ হিচাপে বিকশিত কৰা হ’ব। প্ৰতিগৰাকী নিৰ্বাচিত লেখকে প্ৰতি মাহে ৫০,০০০ টকাৰ বৃত্তি লাভ কৰাৰ লগতে তেওঁলোকৰ প্ৰকাশিত কিতাপখনত ১০ শতাংশ জীৱনজোৰা ৰয়েল্টী লাভ কৰিব।

পিএম-য়ুৱা ৩ৰ বিষয়বস্তু আছিল- ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতীয় প্ৰবাসীৰ অৱদান, ভাৰতীয় জ্ঞান ব্যৱস্থা, আৰু আধুনিক ভাৰতৰ নিৰ্মাতা (১৯৫০-২০২৫)। নিৰ্বাচিত পাণ্ডুলিপিবোৰ হৈছে অ-কল্পকাহিনীমূলক ৰচনা যিয়ে ইতিহাস, সংস্কৃতি, বিজ্ঞান, দৰ্শন, শাসন, সামাজিক সংস্কাৰ আৰু ভাৰতৰ আন্তৰ্জাতিক সম্পৰ্কৰ দৰে বিষয়ৰ জৰিয়তে ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক প্ৰতিফলিত কৰে।

আগন্তুক নতুন দিল্লী বিশ্ব গ্ৰন্থ মেলাত (১০-১৮ জানুৱাৰী, ২০২৬) নিৰ্বাচিত লেখকসকলৰ এক ৰাষ্ট্ৰীয় শিবিৰৰ আয়োজন কৰা হ’ব। ভাৰত আৰু বিদেশত ভাৰতীয় সাহিত্য তথা চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিবলৈ নতুন প্ৰজন্মৰ লেখকসকলক উৎসাহিত কৰাৰ উদ্দেশ্য পিএম-য়ুৱা ৩ৰ অধীনত প্ৰথম গ্ৰন্থৰাজি অহা বছৰ প্ৰকাশ কৰা হ’ব।

*****

AK/DD


(रिलीज़ आईडी: 2209811) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी