গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন’ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ অধীনত গঠন কৰা এই বাৰ্ষিক সন্মিলনখন উদীয়মান ভাবুকি প্ৰতিহত কৰাৰ বাবে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ ৰণনীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ এক মঞ্চ হৈ পৰিছে

সন্মিলনখন কাৰ্য্যকৰী বাহিনী, কাৰিকৰী, আইনী আৰু ফৰেনচিক বিশেষজ্ঞ তথা সন্ত্ৰাসবাদ বিৰোধী কামত নিয়োজিত সংস্থাসমূহৰ বাবে এক বৈঠকৰ স্থান

সন্মিলনখনৰ মূল লক্ষ্য হৈছে 'সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী’ৰে সন্ত্ৰাসবাদৰ বিপদাশংকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন অংশীদাৰৰ মাজত সমন্বয় গঢ়ি তোলা আৰু ভৱিষ্যতৰ নীতি প্ৰস্তুতকৰণৰ বাবে গুৰুত্বপূৰ্ণ তথ্য উপস্থাপন কৰা

দুদিনীয়া এই সন্মিলনত আলোচনাৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ বিৰোধী (চি টি) বিষয়সমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত অভিজ্ঞতা তথা উন্নত অনুশীলনৰ আদান-প্ৰদান কৰা আৰু সন্ত্ৰাসবাদৰ তদন্তৰ পৰা শিক্ষা গ্ৰহণ কৰা

प्रविष्टि तिथि: 25 DEC 2025 5:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৫ চনৰ ২৬ ডিচেম্বৰ শুক্ৰবাৰে নতুন দিল্লীত 'সন্ত্ৰাসবাদ বিৰোধী সন্মিলন' উদ্বোধন কৰিব। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দুদিনীয়া এই সন্মিলনৰ আয়োজন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ অধীনত গঠন কৰা এই বাৰ্ষিক সন্মিলনখন উদীয়মান ভাবুকি প্ৰতিহত কৰাৰ বাবে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ ৰণনীতিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ এক মঞ্চ হৈ পৰিছে। সন্মিলনখন হৈছে কাৰ্য্যকৰী বাহিনী, কাৰিকৰী, আইনী আৰু ফৰেনচিক বিশেষজ্ঞ তথা সন্ত্ৰাসবাদ বিৰোধী কামত নিয়োজিত সংস্থাসমূহৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱা বিষয় আৰু সন্ত্ৰাসবাদৰ পৰা উদ্ভৱ হোৱা ভাবুকি সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকৰ স্থান।

সন্মিলনখনৰ মূল লক্ষ্য হৈছে 'সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী’ৰ ভাৱনাৰে সন্ত্ৰাসবাদৰ বিপদাশংকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মাধ্যম স্থাপন কৰি বিভিন্ন অংশীদাৰৰ মাজত সমন্বয় গঢ়ি তোলা আৰু ভৱিষ্যতৰ নীতি প্ৰস্তুতকৰণৰ বাবে গুৰুত্বপূৰ্ণ তথ্য উপস্থাপন কৰা।

দুদিনীয়া সন্মিলনখনৰ আলোচনাৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ বিৰোধী (চি টি) বিষয়সমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত অভিজ্ঞতা আৰু উন্নত অনুশীলনৰ আদান-প্ৰদান কৰা তথা সন্ত্ৰাসবাদৰ তদন্তৰ পৰা শিক্ষা গ্ৰহণ কৰা।

সন্মিলনখনত বিদেশী অধিকাৰক্ষেত্ৰৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা, ডিজিটেল ফৰেনচিক্ আৰু সন্ত্ৰাসবাদ বিৰোধী অনুসন্ধানত তথ্য বিশ্লেষণ, ফলপ্ৰসূ পৰীক্ষা ব্যৱস্থাপনা, উগ্ৰবাদ, চোৰাংচোৱা তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে উদ্ভৱ হোৱা ভাবুকিৰ মোকাবিলা কৰাৰ লগতে সন্ত্ৰাসবাদ সম্পৰ্কীয় অন্যান্য বিষয়ৰ ওপৰত অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি, সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক-সঁজুলি, কৌশল আৰু গোচৰ শিক্ষণ-ব্যাহত কৰাৰ লগতে ভৱিষ্যতৰ বাবে সাজু সন্ত্ৰাসবাদ বিৰোধী কৌশল সৃষ্টি কৰা আৰু উদীয়মান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সমস্যাৰ সমাধানৰ বাবে প্ৰতিষ্ঠানিক সামৰ্থ্য গঢ়ি তোলাৰ বিষয়ে অধিৱেশন অন্তৰ্ভুক্ত কৰা হৈছে।

সন্মিলনখনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী বিষয়সমূহৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থা/বিভাগীয় বিষয়া আৰু আইন, ফৰেনচিক্, প্ৰযুক্তি আদিৰ দৰে সম্পৰ্কিত ক্ষেত্ৰৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে।

*****

RK/RR/PR/SS/MK


(रिलीज़ आईडी: 2208660) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Gujarati , Kannada