প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰখ্যাত ভাস্কৰ্যশিল্পী শ্ৰী ৰাম সুতাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 DEC 2025 12:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী ৰাম সুতাৰ এগৰাকী প্ৰখ্যাত ভাস্কৰ্যশিল্পী আছিল যাৰ দক্ষতাই কেৱাদিয়াত থকা ষ্টেচু অৱ ইউনিটীকে ধৰি ভাৰতক ইয়াৰ কেতবোৰ অন্যতম পৰিচিতি প্ৰদান কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ কাম-কাজ ভাৰতৰ ইতিহাস, সংস্কৃতি আৰু সামূহিক চেতনাৰ শক্তিশালী অভিব্যক্তি হিচাপে সদায় প্ৰশংসিত হ'ব আৰু তেওঁ অনাগত প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱক অমৰ কৰি ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ কৰ্মই শিল্পী আৰু নাগৰিকক একেধৰণে অনুপ্ৰাণিত কৰি ৰাখিব।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"শ্ৰী ৰাম সুতাৰ জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো, তেওঁ আছিল এজন উল্লেখযোগ্য ভাস্কৰ্যশিল্পী যাৰ দক্ষতাই কেৱাদিয়াৰ ষ্টেচু অৱ ইউনিটীকে ধৰি ভাৰতক ইয়াৰ কেতবোৰ অন্যতম পৰিচিতি প্ৰদান কৰিছে। ভাৰতৰ ইতিহাস, সংস্কৃতি আৰু সামূহিক চেতনাৰ শক্তিশালী অভিব্যক্তি হিচাপে তেওঁৰ কামবোৰ সদায় প্ৰশংসিত হ'ব। তেওঁ অনাগত প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱক অমৰ কৰি ৰাখিছে। তেওঁৰ কাম-কাজে শিল্পী আৰু নাগৰিকক একেধৰণে অনুপ্ৰাণিত কৰি ৰাখিব। তেওঁৰ পৰিয়াল, গুণানুৰাগী আৰু তেওঁৰ তাৎপৰ্যপূৰ্ণ জীৱন আৰু কৰ্মই চুই যোৱা সকলোৰে প্ৰতি মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি"
***
MJPS/ST/HS
(ৰিলিজ আই ডি : 2205743)
অতিথি কক্ষ : 38
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam