গৃহ মন্ত্ৰালয়
২০খন ৰাজ্যৰ বাবে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহত সম্প্ৰদায়ভিত্তিক দুৰ্যোগৰ আশংকা হ্ৰাসৰ পদক্ষেপসমূহ শক্তিশালী কৰাৰ ৰাষ্ট্ৰীয় প্ৰকল্পৰ অধীনত ৫০৭.৩৭ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতিৰ
যিকোনো দুৰ্যোগ সহ্য কৰিব পৰাকৈ সমাজখনক সু-সজ্জিত কৰিবলৈ মোদী চৰকাৰে ২০২১ চনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি আৰম্ভ কৰিছিল আৰু আজি এই পদক্ষেপ পঞ্চায়ত পৰ্যায়লৈ সম্প্ৰসাৰিত কৰা হৈছে
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক যিকোনো দুৰ্যোগৰ মোকাবিলা কৰিবলৈ আত্মবিশ্বাসেৰে সবলীকৰণৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগ প্ৰতিৰোধী ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে
এই পদক্ষেপৰ লক্ষ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ তলৰ পৰা ওপৰলৈ শীৰ্ষক পদ্ধতিৰ জৰিয়তে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাস (ডি আৰ আৰ) পদ্ধতিসমূহক শাসন গাঁথনিত একত্ৰিত কৰা
এই কাৰ্যসূচীয়ে ২০খন ৰাজ্যৰ ৮১খন দুৰ্যোগপ্ৰৱণ জিলাক সামৰি লোৱাৰ উপৰি অনুকৰণযোগ্য আৰ্হি হিচাপে ডাঙৰ বিপদৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০খন গাঁও পঞ্চায়ত গঢ়ি তুলিব
২০২৫-২৬ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২৮খন ৰাজ্যক ১৬,১১৮.০০ কোটি টকা আৰু এন ডি আৰ এফৰ অধীনত ১৮খন ৰাজ্যলৈ ২৮৫৪.১৮ কোটি টকা মুকলি কৰি দিছে
ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২১খন ৰাজ্যলৈ ৫২৭৩.৬০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ১৪খন ৰাজ্যলৈ ১৪২৩.০৬ কোটি টকা মুকলি কৰি দিছে
प्रविष्टि तिथि:
16 DEC 2025 7:12PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে ২০খন ৰাজ্যৰ বাবে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহত সম্প্ৰদায়ভিত্তিক দুৰ্যোগৰ আশংকা হ্ৰাসৰ পদক্ষেপসমূহ শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ৫০৭.৩৭ কোটি টকাৰ অনুমোদন জনায়। পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
যিকোনো দুৰ্যোগ মোকাবিলা কৰিব পৰাকৈ সমাজখনক সু-সজ্জিত কৰিবলৈ মোদী চৰকাৰে ২০২১ চনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি আৰম্ভ কৰিছিল আৰু আজি এই পদক্ষেপ পঞ্চায়ত পৰ্যায়লৈ সম্প্ৰসাৰিত কৰা হৈছে। মোদী চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক যিকোনো দুৰ্যোগৰ মোকাবিলৈ কৰিবলৈ আত্মবিশ্বাসেৰে সবলীকৰণৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।
এই পদক্ষেপৰ লক্ষ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ তলৰ পৰা ওপৰলৈ শীৰ্ষক পদ্ধতিৰ জৰিয়তে দুৰ্যোগৰ ক্ষতিশংকা হ্ৰাস (ডি আৰ আৰ) পদ্ধতিসমূহক শাসন গাঁথনিৰ সৈতে একত্ৰিত কৰা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগ প্ৰতিৰোধী ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে।এই কাৰ্যসূচীয়ে ২০খন ৰাজ্যৰ ৮১খন দুৰ্যোগপ্ৰৱণ জিলাক সামৰি লোৱাৰ উপৰি স্থানীয় ডি আৰ আৰৰ বাবে অনুকৰণযোগ্য আৰ্হি হিচাপে ডাঙৰ বিপদৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০খন গাঁও পঞ্চায়ত গঢ়ি তুলিব। এই কাৰ্যসূচীয়ে ডি আৰ আৰত পি আৰ আই সৱলীকৰণৰ পদক্ষেপত ৰাজ্যসমূহৰ লগতে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰিব।
মুঠ অনুমোদিত প্ৰকল্প ব্যয় ৫০৭.৩৭ কোটি টকাৰ ভিতৰত ২৭৩.৩৮ কোটি টকা এনডিএমএফৰ অধীনত কেন্দ্ৰীয় অংশীদাৰিত্ব হ’ব আৰু ৰাজ্যসমূহে ৩০.৩৭ কোটি টকাৰ সমানুপাতিক অংশীদাৰিত্ব আগবঢ়াব। ইয়াৰ উপৰিও ৫২.১৫ কোটি টকাৰ সমানুপাতিক ৰাজ্যিক অংশীদাৰিত্বৰে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ পৰা ১৫১.৪৭ কোটি টকা পূৰণ কৰা হ’ব।
প্ৰকল্পটোৰ অধীনত জড়িত কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে পি আৰ আইসমূহৰ দ্বাৰা ডি আৰ আৰ উন্নয়ন পৰিকল্পনাত প্ৰতিষ্ঠানিক শক্তিশালীকৰণ আৰু নীতি সংহতি, আই ই চিৰ জৰিয়তে এছডিএমএ, ডিডিএমএ আৰু পিআৰআই সদস্যসকলৰ বাবে সামৰ্থ্য বিকাশ আৰু সজাগতা সৃষ্টি আৰু স্থানীয় দুৰ্যোগ প্ৰশমনৰ বাবে ফলপ্ৰসূ সমন্বয়ৰ বাবে সহযোগিতাক লাভান্বিত কৰা।
এই অতিৰিক্ত সাহায্য ইতিমধ্যে ৰাজ্যসমূহৰ নিষ্পত্তিত ৰখা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ত কেন্দ্ৰই ৰাজ্যসমূহলৈ মুকলি কৰা ধনতকৈ অধিক। ২০২৫-২৬ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ অধীনত ২৮খন ৰাজ্যক ১৬,১১৮.০০ কোটি টকা আৰু এন ডি আৰ এফৰ অধীনত ১৮খন ৰাজ্যলৈ ২৮৫৪.১৮ কোটি টকা মুকলি কৰি দিছে।
তদুপৰি, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২১খন ৰাজ্যলৈ ৫২৭৩.৬০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ১৪খন ৰাজ্যলৈ ১৪২৩.০৬ কোটি টকা মুকলি কৰি দিছে।
****
RR / PR / PS/DB
(रिलीज़ आईडी: 2204977)
आगंतुक पटल : 9