গৃহ মন্ত্ৰালয়
দিল্লীত অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰলৈ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
ধৰ্মেন্দ্ৰ জীৰ অভিনয় দক্ষতাই দেশবাসীৰ হৃদয় আকৰ্ষণ কৰিছিল আৰু তেওঁৰ অভিনয়ে ভাষা আৰু আঞ্চলিক সীমা অতিক্ৰম কৰি প্ৰতিজন ব্যক্তিৰ হৃদয়ত অনুৰণন ঘটাইছিল
ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে চিৰদিনৰ বাবে এগৰাকী অসাধাৰণ অভিনেতাক হেৰুৱালে
পোষ্ট কৰা হৈছে:
11 DEC 2025 7:15PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত অনুষ্ঠিত এখনি স্মৃতিচাৰণ সভাত প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ জীক স্মৰণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
এক্স প্লেটফৰ্মৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "ধৰ্মেন্দ্ৰ জীৰ অভিনয় দক্ষতাই দেশবাসীৰ হৃদয় আকৰ্ষণ কৰিছিল আৰু তেওঁৰ অভিনয়ে ভাষা আৰু আঞ্চলিক সীমা অতিক্ৰম কৰি প্ৰতিজন ব্যক্তিৰ হৃদয়ত অনুৰণন ঘটাইছিল। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে এইগৰাকী অসাধাৰণ অভিনেতাৰ সদায় অভাৱ অনুভৱ কৰিব। আজি দিল্লীত অনুষ্ঠিত শোক সভাত তেওঁক স্মৰণ কৰাৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।"
***
RK / RR / PS/DB
(ৰিলিজ আই ডি : 2202742)
অতিথি কক্ষ : 28