উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
এখন জিলা, এটা সামগ্ৰী
प्रविष्टि तिथि:
10 DEC 2025 3:02PM by PIB Guwahati
‘এখন জিলা এটা সামগ্ৰী’ (অ’ডিঅ’পি) পদক্ষেপৰ লক্ষ্য হৈছে সকলো অঞ্চলতে সামগ্ৰিক বৃদ্ধি সক্ষম কৰাৰ বাবে দেশৰ প্ৰতিখন জিলাৰ পৰা অন্ততঃ এটা সামগ্ৰী (এখন জিলা – এটা সামগ্ৰী) নিৰ্বাচন কৰা, ব্ৰেণ্ডিং কৰা, আৰু প্ৰচাৰ কৰা। অ’ডিঅ’পি পদক্ষেপে বস্ত্ৰশিল্প, কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প আদি বিভিন্ন খণ্ডক সামৰি দেশৰ ৭৭৫খন জিলাৰ পৰা এতিয়ালৈকে ১২৪৩বিধ সামগ্ৰী চিনাক্ত কৰিছে। ১৯ আগষ্ট ২০২৫ তাৰিখ পৰ্যন্ত অ’ডিঅ’পি পদক্ষেপৰ অধীনত ৰাজ্যসমূহৰ পৰা চিনাক্ত কৰা (জিলাভিত্তিক) অনন্য সামগ্ৰীসমূহৰ বিৱৰণ এই লিংকৰ অধীনত উপলব্ধ কৰা হৈছে: https://static.investindia.gov.in/s3fs-public/2025-08/20250819_v32_odop_product_list.pdf।
অ’ডিঅ’পিৰ সকলো সামগ্ৰীৰ প্ৰচাৰ আৰু ৰপ্তানিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে, ঘৰুৱা প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা, বিভিন্ন সংস্থাৰ সহযোগত নিয়মীয়া সামৰ্থ্য বিকাশৰ পদক্ষেপ; চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম)- অ’ডিঅ’পি বজাৰৰ বাবে ‘ই-কমাৰ্চ অন-বৰ্ডিং ড্ৰাইভ’ যিয়ে ভাৰতৰ শ্ৰেষ্ঠ অ’ডিঅ’পি সামগ্ৰীসমূহৰ প্ৰদৰ্শন তথা সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অ’ডিঅ’পিৰ প্ৰচাৰৰ বাবে বিদেশত ‘ভাৰতীয় মিছন’সমূহৰ সৈতে যোগাযোগ, ভাৰ্চুৱেল ক্ৰেতা বিক্ৰেতাসকলৰ সাক্ষাৎ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণৰ কাম হাতত লোৱা হৈছে। লগতে এই সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰাৰ বাবে ভাৰতত জি-২০ বৈঠকৰ সময়ত উপহাৰ প্ৰদানৰ অংশ হিচাপে বিভিন্ন অ’ডিঅ’পি অন্তৰ্ভুক্ত কৰা হৈছিল।
তদুপৰি, বৈদেশিক বাণিজ্য সঞ্চালকালয় (ডি জি এফ টি)ৰ ‘ৰপ্তানি হাব হিচাপে জিলা’ (ডি ই এইচ) পদক্ষেপৰ অধীনত দেশৰ সকলো জিলাতে ৰপ্তানিৰ সম্ভাৱনা থকা সামগ্ৰী আৰু সেৱাসমূহৰ চিনাক্তকৰণ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি কৰা হয়। তদুপৰি ডি ই এইচ-ৰ অধীনত জিলা পৰ্যায়ত ‘ৰাজ্যিক ৰপ্তানি প্ৰসাৰ সমিতি’ (এছ ই পি চি) আৰু ‘জিলা ৰপ্তানি প্ৰসাৰ সমিতি’ (ডি ই পি চি) গঠন কৰি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰা হৈছে।
এই তথ্য আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে অৱগত কৰে।
*****
PS/KB
(रिलीज़ आईडी: 2202401)
आगंतुक पटल : 4