তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
১২ – ১৪ ডিচেম্বৰ, ২০২৫ ত জে এল এন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১৫ সংখ্যক ‘ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল’-ত অনুষ্ঠান পৰিৱেশন কৰিব ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ বিজয়ীসকলে
দিল্লীত অনুষ্ঠিতব্য সাংস্কৃতিক উৎসৱত কৈলাশ খেৰৰ দৰে গ্ল’বেল আৰু নেশ্যনেল আইকনৰ সৈতে ‘লাইভ’ প্ৰদৰ্শন কৰিব বিজয়ীসকলে
प्रविष्टि तिथि:
09 DEC 2025 6:11PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ধ্বজাবাহী পদক্ষেপ ‘ৱেভছ’ আৰু ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ (চিআইচি)য়ে যে ভাৰতৰ উদীয়মান সৃষ্টিশীল প্ৰতিভাসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আহিছে সেই কথাকে পুনৰাই প্ৰতিপন্ন কৰি দুই প্ৰত্যাহ্বান- ‘বেটল অব বেণ্ডছ’ আৰু ‘চিম্ফনী অব ইণ্ডিয়া’-ৰ বিজয়ীসকলে দিল্লীৰ অন্যতম সন্মানীয় সাংস্কৃতিক অনুষ্ঠান ‘ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল’ (এনএছএছএফ)ৰ পঞ্চদশ সংস্কৰণত কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰিব, ভাৰতৰ চহকী ৰন্ধন কলাৰ উদযাপন কৰিবহি। এই উৎসৱত সুস্বাদু আঞ্চলিক খাদ্যসম্ভাৰৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় ষ্ট্ৰীট ফুড-ৰ প্ৰিয় খাদ্যসম্ভাৰলৈকে বিভিন্ন ধৰণৰ সোৱাদ একত্ৰিত কৰা হ’ব।
এইবাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ - ছিজন ১ৰ বিজয়ীসকলৰ চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ প্ৰতিভাৰ লগতে বিশিষ্ট কণ্ঠশিল্পী কৈলাশ খেৰ, অভিনেতা আশীষ বিদ্যাৰ্থী, শ্ৰীলংকাৰ পপ আৰ্টিষ্ট যোহানী, গীতিকাৰ তথা গায়ক অমিতাভ এছ ভাৰ্মা আৰু... হিপ-হপ শিল্পী এম চি স্কোৱাৰ আৰু কুলাৰ জি-য়ে কাৰ্যক্ৰম পৰিৱেশন কৰিব

তিনিদিনীয়া সাংস্কৃতিক উদযাপনত চিআইচি-ৰ এক ৰোমাঞ্চকৰ সংগীত সূচীৰ লগতে:
১/ বেণ্ড শিভোহাম (বেটল অব বেণ্ডছ) —মেম্বাৰ্ছ পেডী, ছানী, আশু আৰু হিতেশে উপস্থাপন কৰিব চুফী সংগীত আৰু বলীউডৰ ক্লাছিকসমূহ।
২) চিৰাগ টোমৰ (চিম্ফনী অব ইণ্ডিয়া) —পাৰ্কাচনিষ্ট সাহিল ভাৰ্মাৰ সৈতে বলীউডৰ জনপ্ৰিয় গীত পৰিবেশন কৰিব।
৩/ নিশু শৰ্মা (বেটল অব বেণ্ডছ) — ৰাজস্থানী লোকসংগীতক মঞ্চলৈ আনিব।
৪/ নয়ন কৃষ্ণ (চিম্ফনী অব ইণ্ডিয়া) — বাঁহী পৰিবেশন কৰিব।
৫) মালদ্বীপৰ পৰা অহা এটা বিজয়ী বেণ্ড-য়ে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিব, যিয়ে এই সূচীত আন্তঃৰাষ্ট্ৰীয় মাত্ৰা সংযোজন কৰিব।

চিআইচি আৰু ৱেভছ-ৰ পদক্ষেপৰ অংশ হিচাপে প্ৰতিপালিত এই যুৱ শিল্পীসকলে ৰাষ্ট্ৰীয় আৰু বিশ্বজুৰি নিজৰ নাম উজলাই তুলিছে। বেটল অব বেণ্ডছ আৰু চিম্ফনী অব ইণ্ডিয়া-ৰ বিজয়ীসকলে মুম্বাইৰ ৱেভছ-ত নিজৰ কলাত্মক প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল আৰু মেলবৰ্ণৰ বৃহত্ ৱেভছ বজাৰ গ্ল’বেল আউটৰিচ ইভেণ্ট, ওছাকা ৱৰ্ল্ড এক্সপ’, আৰু টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত নিজৰ প্ৰতিভা আৰু অধিক ৰূপত প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় ষ্ট্ৰীট ফুড ফেষ্টিভেল-ত তেওঁলোকৰ অংশগ্ৰহণ তেওঁলোকৰ সৃষ্টিশীল যাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, যিয়ে তেওঁলোকক আৰু বিস্তৃত আৰু অধিক বৈচিত্ৰপূৰ্ণ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব।
ভাৰতৰ অৰেঞ্জ ইকনমী-লৈ উদগণি
শিল্পী আৰু উৎসাহীসকলক তেওঁলোকৰ সৃষ্টিশীলতাক কৰ্ষণ কৰিবলৈ, WAVES প্লেটফৰ্মৰ জৰিয়তে এইবোৰৰ প্ৰদৰ্শন কৰিবলৈ, তেওঁলোকৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ মুদ্ৰাকৰণৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ অধিক সুযোগ লাভ কৰিবলৈ, আৰু ইয়াৰ জৰিয়তে ভাৰতৰ ‘অৰেঞ্জ ইকনমী’ শক্তিশালী কৰিবলৈ এই পদক্ষেপৰ আৰ্হি কৰা হৈছে।
WAVES আৰু ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ(চিআইচি) সম্পৰ্কে
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ধ্বজাবাহী ‘WAVES’ পদক্ষেপৰ অধীনত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ (চিআইচি) হৈছে সংগীত, চলচ্চিত্ৰ, এনিমেশ্যন, ভিএফএক্স, গে’মিং, কমিক্স, এআই, এক্সআৰ আৰু ডিজিটেল মিডিয়া আদি বিভিন্ন মাধ্যম আৰু বিনোদনৰ ক্ষেত্ৰখনত ভাৰতৰ সৃষ্টিশীল প্ৰতিভাক চিনাক্তকৰণ, প্ৰতিপালন, চয়ন আৰু প্ৰদৰ্শন কৰা।

Scan this QR code for Insta information on NSFF
*****
Mahesh Kumar/KB
(रिलीज़ आईडी: 2201262)
आगंतुक पटल : 3