গৃহ মন্ত্ৰালয়
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত গুজৰাটৰ ৰাজ্যিক সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন তথা গুজৰাটৰ ৰাজ্য সৈনিক ব’ৰ্ডে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহক পতাকা প্ৰদান কৰি সন্মানিত কৰে
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে মোক এখন ক্ষুদ্ৰ পতাকা প্ৰদান কৰি গুজৰাটৰ সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন তথা গুজৰাটৰ ৰাজ্যিক সৈনিক ব’ৰ্ডৰ উষ্ম আদৰণিত অভিভূত হৈছো
দেশৰ বাবে অদম্য ত্যাগৰ জৰিয়তে আমাৰ সশস্ত্ৰ বাহিনীয়ে দেশপ্ৰেম, দায়বদ্ধতা আৰু বীৰত্বৰ উচ্চতম মূল্যবোধক মূৰ্ত কৰি তুলিছে , যাক প্ৰতিজন নাগৰিকে নিজৰ হৃদয়ত সাঁচি ৰাখিছে
আজিৰ দিনটোতে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ আৰু প্ৰবীণ সৈনিক তথা আমাৰ শ্বহীদ পৰিয়ালৰ প্ৰতি আমাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে সহায় কৰিবলৈ সকলোকে আহ্বান জনালোঁ
प्रविष्टि तिथि:
07 DEC 2025 10:08PM by PIB Guwahati
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত গুজৰাটৰ ৰাজ্যিক সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন আৰু গুজৰাটৰ ৰাজ্য সৈনিক ব’ৰ্ডে আজি আহমেদাবাদত পতাকা প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহক সন্মান জনায়।
‘এক্স’ ত দিয়া তেওঁৰ পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় “সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে মোক এখন ক্ষুদ্ৰ পতাকা উপহাৰ দি গুজৰাটৰ ৰাজ্যিক সৈনিক কল্যাণ আৰু পুনৰ সংস্থাপন তথা গুজৰাটৰ ৰাজ্যিক সৈনিক ব’ৰ্ডে জনোৱা উষ্ম আদৰণি হৃদয়স্পৰ্শী।”
শ্ৰী অমিত শ্বাহে কয় য “দেশৰ বাবে অদম্য ত্যাগৰ জৰিয়তে আমাৰ সশস্ত্ৰ বাহিনীয়ে দেশপ্ৰেম, দায়বদ্ধতা আৰু বীৰত্বৰ উচ্চতম মূল্যবোধক মূৰ্ত কৰি তুলিছে , যাক প্ৰতিজন নাগৰিকে নিজৰ হৃদয়ত সাঁচি ৰাখিছে।
আজিৰ দিনটোত মই সকলোকে আহ্বান জনাইছো যে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ বৰঙণি আগবঢ়াওক আৰু প্ৰবীণ সৈনিক তথা আমাৰ শ্বহীদসকলৰ পৰিয়ালক তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে সহায় কৰক।”
****
RK/PR/PS/DM
(रिलीज़ आईडी: 2200258)
आगंतुक पटल : 7