iffi banner

তিনিটা যুগ, এটা লেম্পঃ এ.আৰ.এম-এ ইয়াৰ পৌৰাণিক জগতখনক আইএফএফআই-ৰ মঞ্চত উপস্থাপন কৰিলে

জিথিন লাল, টভিনো থমাছ আৰু সুৰভি লক্ষ্মীয়ে ছবিখনৰ কাহিনী সম্পৰ্কে কয়

এটা পৌৰাণিক লেম্প, তিনিটা প্ৰজন্মৰ কাহিনী আৰু এক অভিলাষী কাল্পনিক দুঃসাহসী অভিযানঃ কেৰেলাৰ লোককথাৰ সকলো সৌন্দৰ্য্য আৰু এপিক চিনেমাৰ গাথা লৈ ‘এ.আৰ.এম’ (অজয়ন্তে ৰণ্ডম মোচনম) আইএফএফআই-ত উপস্থিত হৈছিল। পৰিচালক জিথিন লাল, অভিনেতা টভিনো থমাছ আৰু ৰাষ্ট্ৰীয় বঁটা-বিজয়ী সুৰভি লক্ষ্মীয়ে মঞ্চত ছবিখনৰ দীঘলীয়া সৃষ্টিশীল যাত্ৰা, ইয়াৰ স্তৰযুক্ত লেখা আৰু ইয়াৰ অভিনেতা-অভিনেত্ৰী তথা ক্ৰুৰ পৰা দাবী কৰা প্ৰতিশ্ৰুতি সম্পৰ্কে আকৰ্ষণীয়ভাৱে ব্যক্ত কৰে।

 

জিথিন লালে কয়, “আইএফএফআই মোৰ চলচ্চিত্ৰ বিদ্যালয় আছিল“

গভীৰ আৱেগিক স্মৰণেৰে জিথিনে আৰম্ভ কৰিছিল। তেওঁ ২০১৩-ত পোন-প্ৰথমবাৰৰ বাবে আইএফএফআই-লৈ আহিছিল। তেওঁ কয় যে বছৰ-বছৰ ধৰি তেওঁ শিকিবলৈ আৰু নিজকে সমৃদ্ধ কৰিবলৈ ইয়ালৈ আহি আছে। তেওঁ কয়, “মই কোনো চলচ্চিত্ৰ বিদ্যালয়লৈ যোৱা নাছিলো। আইএফএফআই য়েই আছিল মোৰ ফিল্ম স্কুল। বাৰ বছৰৰ পাছত মোৰ ছবি ইণ্ডিয়ান পেনোৰামাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে এটা চাৰ্কল সম্পূৰ্ণ কৰা যেন লাগিছে।”

তেওঁ এ.আৰ.এম-ক উপমাৰ তৰপেৰে এক কাল্পনিক-দুঃসাহসিক অভিযান বুলি অভিহিত কৰে। কাহিনীটোৰ মূলত থকা পৌৰাণিক লেম্পটোৱেও গভীৰ কিবা এটা ব্যক্ত কৰিছে। তেওঁ কয় যে চিত্ৰনাট্যই জাতি আৰু সাংস্কৃতিক উত্তৰাধিকাৰৰ বিষয়বস্তুক প্ৰতিনিধিত্ব কৰিছে। একে সময়তে কেৱল দৃশ্যগত সৌন্দৰ্য্য বিচৰা দৰ্শকক আকৰ্ষিত কৰিছে।

 

তিনিটা চৰিত্ৰত অভিনয় সন্দৰ্ভত টভিনো থমাছঃ “এয়া মোৰ কেৰিয়াৰৰ সৰ্ববৃহৎ প্ৰত্যাহ্বান আছিল”

জিথিনে যাত্ৰাটো সম্পৰ্কে ব্যক্ত কৰাৰ সমান্তৰালকৈ টভিনোয়ে সংগ্ৰাম আৰু ৰোমাঞ্চৰ কথা কয়। “২০১৭-ত মই প্ৰস্তাৱটো লাভ কৰোতে পাৰিম বুলি নিশ্চিত নাছিলো”, তেওঁ কয়। তিনিটা ভিন্ন যুগত মানিয়ান, কুঞ্জিকেলু আৰু অজয়ন খেলিবলৈ অধিক প্ৰয়োজন আছিল। “লুকৰ কথা নহয়। প্ৰত্যেকৰে বাবে শাৰীৰিক অভিব্যক্তি সম্পূৰ্ণ বেলেগ হ’ব লাগিছিল।”

তেওঁ বাজেট সম্পৰ্কীয় উদ্বেগৰ সৈতে যুঁজি, উপযুক্ত প্ৰযোজক বিচাৰি, শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুতি চলাই কেনেকৈ ছবিখনে এটা ৰূপ ল’বলৈ বছৰ-বছৰ লাগিছিল, তেওঁ সেই কথা স্মৰণ কৰে। “মই সেই সময়ত নিজকে চিনেমাৰ ছাত্ৰ বুলি গণ্য কৰিছিলো। মই নথকা সময়তো পৰিচালক আৰু লেখক মোক লৈ বিশ্বাসী আছিল।“ টভিনোয়ে কয় যে এখন ছবি মহোৎসৱৰ যোগ্য হ’ব পাৰে আৰু মনোৰঞ্জনমূলকো হ’ব পাৰে। “এ.আৰ.এম-এ প্ৰমাণ কৰিলে যে উভয় জগত লগ হ’ব পাৰে।”

ইয়াত নিজৰ অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰি সুৰভিয়ে চৰিত্ৰ ৰূপায়ণৰ অৰ্থে ব্যাপক প্ৰস্তুতি সন্দৰ্ভত কয়। তেওঁ কালাৰিপ্পায়াট্টুত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল, নিজৰ চৰিত্ৰটো সম্পৰ্কে গভীৰ অধ্যয়ন কৰিছিল আৰু সম্পূৰ্ণ দৃঢ়তাৰে প্ৰতিটো দৃশ্যৰ কাষ চাপিছিল। টভিনোৰ বিপৰীতে অভিনয় কৰি তেওঁ কয় যে এক “অভিনেতাৰ পৰা অভিনেতালৈ শক্তি”ৰ সৃষ্টি হৈছিল য’ত অভিনেতাসকল নোহোৱা হৈ গৈছিল আৰু কেৱল চৰিত্ৰসমূহহে বাকী আছিল।

 

চিনেমা, শিল্পকলা আৰু কেৰালাৰ দৰ্শক

অতি সোনকালেই এই কথা-বতৰা মালয়ালম চিনেমাৰ পৰিৱৰ্তিত বাতাবৰণলৈয়ো সম্প্ৰসাৰিত হৈছিল। টভিনোয়ে মালয়ালী দৰ্শকৰ বিৱৰ্তনশীল ৰুচিক স্বীকাৰ কৰি কয়ঃ "তেওঁলোকে বিশ্ব চিনেমা চায়। আমি আমাৰ শ্ৰেষ্ঠখিনি আগবঢ়াব লাগিব।"

তেওঁ উদ্যোগটোৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ কথা আঙুলিয়াই দি কয় যে কেৰালাৰ জনসাধাৰণৰ মাত্ৰ ১৫% লোকেহে ছবিগৃহত ছবি চায়। হিন্দী বা তেলেগু উদ্যোগৰ তুলনাত সেয়ে বাজেট বৃদ্ধি কৰাটো সহজ নহয়। “যদি কেৱল মালয়ালীয়েহে মালয়ালম চিনেমা চায়, তেন্তে বাজেট সীমিত হৈ থাকিব। অনা-মালয়ালী দৰ্শকেও আমাৰ চিনেমা নিজৰ দৰে চাব লাগে।”

তথাপিও তেওঁ ৰূপালী আৱৰণ এটাও দেখা পায়। "বাজেটৰ বাধাই আমাক অধিক সৃষ্টিশীল কৰি তোলে। আমি আমাৰ দৃষ্টিভংগীক জীৱন্ত কৰি তোলাৰ নতুন উপায় বিচাৰি পাওঁ।"

সংবাদমেলৰ শেষলৈ স্পষ্ট হৈ পৰে যে এ.আৰ.এম কেৱল এক কাল্পনিক এপিক নহয়, বৰঞ্চ এয়া অধ্যৱসায়, সাংস্কৃতিক গৌৰৱ আৰু মালয়ালম চিনেমাৰ সীমাবদ্ধতাক অতিক্ৰমৰ অদম্য ইচ্ছাৰ ফল। লোককথাক মূলত ৰাখি ছবিখনৰ টীমটোৱে আইএফএফআই-ৰ দৰ্শকসকলক এই অংগীকাৰ কৰেঃ লেম্পৰ এই যাদু মাত্ৰ আৰম্ভণিহে।

ট্ৰেইলাৰঃ

পিচি লিংকঃ

আইএফএফআই সম্পৰ্কে

 

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

 

 

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/ Sreeshma K/Darshana Rane | IFFI 56 - 103


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


ৰিলিজ আই ডি : 2199238   |   Visitor Counter: 20