নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

“মোদী জী হৈছে নব্য আৰু পুনৰুত্থানশীল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান স্থপতি”: সৰ্বানন্দ সোণোৱাল

“ৰেল, পথ, বায়ু আৰু জলপথে ‘অষ্টলক্ষ্মী’ অঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিনলৈ ৰূপান্তৰিত কৰিছে”: সৰ্বানন্দ সোণোৱাল

“সংযোগ, মূলধনী বিনিয়োগ আৰু সাংস্কৃতিক নৱজাগৰণৰ মোদী দশকে উত্তৰ-পূৰ্বাঞ্চলক পুনৰ গঢ় দিছে। দশক-দশক ধৰি অৱহেলিত উত্তৰ-পূৰ্বাঞ্চলত এতিয়া ঐতিহাসিক বিপৰীত পৰিস্থিতিৰ সৃষ্টি হৈছে”: সৰ্বানন্দ সোণোৱাল

प्रविष्टि तिथि: 04 DEC 2025 2:26PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “এখনি নব্য আৰু পুনৰুত্থানশীল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান স্থপতি” হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ পূৰ্বে দশক-দশক ধৰি অৱহেলিত হোৱা অঞ্চলটোক ভাৰতৰ বিকাশ, সংযোগ আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক প্ৰধান চালিকাশক্তিলৈ ৰূপান্তৰিত কৰিলে।

যোৱা দশকটোত সাধন কৰা উন্নয়নৰ ফলাফল সন্দৰ্ভত বক্তব্য প্ৰদানেৰে সোণোৱালে কয় যে উত্তৰ-পূৰ্বাঞ্চল “নীতি নিৰ্ধাৰণৰ প্ৰান্তৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ মূলসুঁতিলৈ” ৰূপান্তৰিত হৈছে। এনে পৰিৱৰ্তনে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, অৰ্থনৈতিক সংস্কাৰ সাধন, সাংস্কৃতিক পুনৰুজ্জীৱন আৰু দীৰ্ঘ-ম্যাদী শান্তি-স্থাপনৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

সৰ্বানন্দ সোণোৱালে কয়, “সাত দশক ধৰি উত্তৰ-পূবৰ প্ৰতিনিধিত্ব আছিল কম আৰু অঞ্চলটোত বিনিয়োগো কম আছিল।“ কিন্তু, তেওঁ আৰু কয়, “মোদী জীৰ নেতৃত্বত অঞ্চলটোয়ে ভাৰতৰ অষ্টলক্ষ্মী হিচাপে স্বীকৃতি লাভ কৰিলে — উত্তৰ-পূৰ্বাঞ্চলে সীমান্ত অঞ্চলৰ বিপৰীতে ৰাষ্ট্ৰীয় বিকাশৰ এক নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিলে। ৰেলৱেৰ মূলধনী সংযোগ আৰু বিমানবন্দৰৰ পৰা আৰম্ভ কৰি ঘাইপথ, শক্তি, ডিজিটেল নেটৱৰ্ক আৰু অভ্যন্তৰীণ জলপথলৈকে ঐতিহাসিক ৰূপান্তৰ ঘটিছে।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে যোগাযোগ ব্যৱস্থা প্ৰধানমন্ত্ৰীৰ ৰোডমেপৰ মূল শিলাস্তম্ভ হৈ আহিছে। অঞ্চলটোৰ সকলো গুৰুত্বপূৰ্ণ গজ ৰূপান্তৰৰ কাম সম্পূৰ্ণ হৈছে। অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামক ব্ৰড গজ নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। পোন-প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু যাত্ৰীবাহী ৰেলসমূহ অঞ্চলটোৰ ভিতৰুৱা স্থানসমূহত উপনীত হৈছে। ২০১৮-ত সম্পূৰ্ণ হোৱা বগীবিল ৰেল-তথা-পথ দলং আৰু ২০২৫-ৰ জুনত বৈৰবী–ছাইৰাং লিংক কাৰ্য্যক্ষম হোৱাৰ ফলশ্ৰুতিত সমগ্ৰ অসম আৰু মিজোৰামৰ যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটিছে।

চাৰি মূলধনী সংযোগ ৰেল প্ৰকল্প — নাগালেণ্ড, মণিপুৰ, ছিকিম আৰু মেঘালয়ৰ কাম অব্যাহত আছে। একেদৰে, ভাৰত–বাংলাদেশ আগৰতলা–আখৌৰা ৰেল লিংক ২০২৩-ৰ নৱেম্বৰত দুয়োখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীয়ে যৌথভাৱে উদ্বোধন কৰিছিল।

পথৰ ক্ষেত্ৰত যোৱা দশকটোত ১১ হাজাৰ কিমিৰো অধিক উন্নীতকৃত ৰাষ্ট্ৰীয় আৰু কৌশলগত ঘাইপথ কাৰ্য্যক্ষম হৈছে। মুখ্য কৰিডৰসমূহৰ ভিতৰত আছে শ্বিলং–নংষ্টেইন–তুৰা শাখা, নেচিপু–হোজ ৰাষ্ট্ৰীয় ঘাইপথ–১৩ প্ৰকল্প তথা কহিমা, ইটানগৰ আৰু গেংটকলৈ ৰাজধানী সংযোগ ঘাইপথ। ইয়াৰে কেইবাটাও প্ৰকল্প ২০২৫ তে সম্পূৰ্ণ হৈ উঠিব।

সৰ্বানন্দ সোণোৱালে অঞ্চলটোত বিমান সংযোগৰ সম্প্ৰসাৰণ কাৰ্য্যক “এক বিপ্লৱ” বুলি অভিহিত কৰে। উত্তৰ-পূবত ২০১৪-ত ৯ টা বিমানবন্দৰৰ পৰা এতিয়া অঞ্চলটোত ১৯ টা কাৰ্য্যক্ষম বিমানবন্দৰ আছে। উড়ান আঁচনিৰ অধীনত উন্নীতকৃত তেজু, ৰূপসী আৰু আগৰতলা টাৰ্মিনেলৰ লগতে পাকয়ং আৰু হোলংগীত গ্ৰীনফিল্ড বিমানবন্দৰসমূহ কাৰ্য্যকৰী হৈ উঠিছে। দূৰৱৰ্তী জিলাসমূহৰ সৈতে সংযোগ সম্প্ৰসাৰণৰ বাবে হেলিপ’ৰ্ট আৰু ৱাটাৰ এৰ’ড্ৰোমৰ নেটৱৰ্কৰ সংযোজন ঘটিছে।

অৰ্থনৈতিক আৰু ঔদ্যোগিক আন্তঃগাঁথনি

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত দশক-দশক ধৰি অৱহেলিত উত্তৰ-পূৰ্বাঞ্চলত এতিয়া ঐতিহাসিক বিপৰীত পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাজ্যসমূহৰ ৰাজধানীলৈ ৰেল সংযোগৰ পৰা আৰম্ভ কৰি বিশ্ব-মানৰ ঘাইপথ, বিমানবন্দৰ আৰু জলপথলৈকে অঞ্চলটোয়ে ভাৰতৰ বিকাশক চালিত কৰা এক নতুন ইঞ্জিন ৰূপে আত্মপ্ৰকাশ কৰিছে। বগীবিলৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সম্পূৰ্ণতা, এইমছ গুৱাহাটীৰ সম্প্ৰসাৰণ আৰু পথ তথা বিমানবন্দৰ আন্তঃগাঁথনিৰ দ্ৰুত গতিয়ে অব্যাহত ৰূপান্তৰ সাধনৰ মাত্ৰাকে প্ৰদৰ্শিত কৰিছে”, সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ ফলশ্ৰুতিত উত্তৰ-পূবলৈ ঐতিহাসিক বিনিয়োগৰ প্ৰৱাহ ঘটিছে। ভাৰতৰ প্ৰথমটো বাঁহ-ভিত্তিক ইথানল প্ৰকল্প নুমলীগড়ৰ বাঅ’-শোধনাগাৰে কৃষকসকলৰ বাবে আয়ৰ নতুন মাধ্যমৰ সৃষ্টি কৰিছে। ২২,৫৯৪ কোটি টকা ব্যয় সাপেক্ষে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কাৰ্য্যই ইয়াৰ ক্ষমতা তিনিগুণ বৃদ্ধিৰে অঞ্চলটোক কৌশলগত শক্তি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ২৭,০০০ কোটি টকা বিনিয়োগ সাপেক্ষে জাগীৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষণ সুবিধাই বছৰি ১৫ বিলিয়ন চিপ উৎপাদন কৰিব আৰু ২৭,০০০ চাকৰিৰ সৃষ্টি কৰিব। ইয়াৰ ফলশ্ৰুতিত উত্তৰ-পূবে বিশ্ব প্ৰযুক্তি মানচিত্ৰত স্থান লাভ কৰিব। কৃষি আৰু জৈৱিক পদাৰ্থ হৈছে অঞ্চলটোৰ উন্নয়নৰ আধাৰ। উত্তৰ-পূবে এতিয়া ভাৰতৰ জৈৱিক মূল্য শৃংখলৰ নেতৃত্ব প্ৰদান কৰিছে। কৃষক-উৎপাদক সংস্থা, বাঁহ উদ্যোগ ডিৰেগুলেচন আৰু সমৰ্পিত অভিযানে ইয়াত বৰঙণি আগবঢ়াইছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বড়ো, কাৰ্বি, ব্ৰু আদি গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলত এতিয়া সুস্থিৰতাই বিৰাজ কৰিছে। একেদৰে ২০১৪-ৰ পৰা আফছপা (AFSPA) ৭৫ শতাংশ হ্ৰাস পাইছে। ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰীয় স্বীকৃতি, লাচিত বৰফুকনৰ স্মৃতিসৌধ, অসমৰ মৈদামসমূহৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্তিৰ কথা উল্লেখেৰে সৰ্বানন্দ সোণোৱালে কয়, “অঞ্চলটোত এটি সাংস্কৃতিক নৱজাগৰণ অব্যাহত আছে।“

"নুমলীগড়ৰ বাঁহ-ভিত্তিক বাঅ’-শোধনাগাৰৰ পৰা আৰম্ভ কৰি জাগীৰোডত প্ৰথমটো অৰ্ধপৰিবাহী প্ৰকল্পলৈকে মোদী দশকে উত্তৰ-পূবৰ বাবে অভূতপূৰ্ব অৰ্থনৈতিক সম্ভাৱনাৰ উন্মেষ ঘটাইছে। এয়া বিচ্ছিন্ন প্ৰকল্প নহয়; বৰঞ্চ এইসমূহে আমাৰ অঞ্চলটোৰ প্ৰতি নৱীকৃত ৰাষ্ট্ৰীয় আস্থাৰ মনোভাৱকে প্ৰতিফলিত কৰিছে। ইয়াৰ সমান্তৰালভাৱে শান্তি চুক্তি, সাংস্কৃতিক পুনৰুজ্জীৱন আৰু লাচিত বৰফুকন তথা ভূপেন হাজৰিকাৰ দৰে ব্যক্তিত্বলৈ বিশ্বব্যাপী স্বীকৃতিৰে আমি আমাৰ ভূমিত পৰিচয়, গৌৰৱ, সুযোগ আৰু বিনিয়োগৰ নৱজাগৰণ প্ৰত্যক্ষ কৰিছো”, সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই অঞ্চললৈ ৭০ ৰো অধিক বাৰ ভ্ৰমণ আৰু ধাৰাবাহিক মন্ত্ৰী পৰ্য্যায়ৰ পৰ্য্যালোচনাই “জনমুখী শাসন ব্যৱস্থা”কে প্ৰতিফলিত কৰে।

দক্ষিণ-পূব এছিয়াৰ গেটৱে

সোণোৱালে কয় যে এক্ট ইষ্ট পলিচিৰ অধীনত সংহত চেক প’ষ্ট, সীমান্ত আন্তঃগাঁথনি আৰু জলপথ, ঘাইপথ তথা ৰেল সংযোগী মাল্টিমডেল সংযোগে উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ লজিষ্টিক আৰু সাংস্কৃতিক দুৱাৰমুখত পৰিণত কৰিছে।

সোণোৱালে কয়, “আজি উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী এখনি পুনৰ উত্থানশীল ভাৰতৰ কাহিনী হৈ পৰিছে। এই ৰূপান্তৰে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ সাক্ষ্য বহন কৰিছে — তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ ওপৰত বিশ্বাস, মনোযোগ আৰু ভৱিষ্যৎ প্ৰোথিত কৰিছিল।”

https://static.pib.gov.in/WriteReadData/userfiles/image/image002W0ZT.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/image003BZ56.jpg

***

GDH/PN/SB
 


(रिलीज़ आईडी: 2198808) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Khasi , Urdu