উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
পৰামৰ্শমূলক সমিতিৰ উত্তৰ-পূব অঞ্চলৰ বাবে পিএম-ডিভাইন আঁচনিৰ ব্যাপক অগ্ৰগতিৰ পৰ্যালোচনা
উন্নয়নমূলক প্ৰকল্পসমূহৰ বৰ্ধিত নিৰীক্ষণ আৰু সময়মতে ৰূপায়ণৰ ওপৰত সৱল গুৰুত্ব আৰোপ কৰা হৈছে
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত সংহত পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ পৰিকল্পনাই লাভ কৰিছে সমিতিৰ সমৰ্থন
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ অধ্যক্ষতাত সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠক
प्रविष्टि तिथि:
04 DEC 2025 11:17AM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ অধ্যক্ষতাত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক ০৩ ডিচেম্বৰ ২০২৫ত সংসদ ভৱন পৰিশিষ্টত অনুষ্ঠিত হয়। শিক্ষা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী সুকান্ত মজুমদাৰেও এই বৈঠকত অংশগ্ৰহণ কৰে।
শ্ৰী সিন্ধিয়াই লোকসভা আৰু ৰাজ্যসভাৰ পৰা সমিতিৰ সদস্যসকলক আদৰণি জনাই কয় যে সমিতিৰ বৈঠকসমূহ উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহত বিনিয়োগ আৰু উন্নয়নৰ অগ্ৰগতিৰ অবিৰত আলোচনাৰ এক অবিচ্ছেদ্য অংগ। তেওঁ লগতে পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ সময়ত সদস্যসকলক সক্ৰিয় অংশগ্ৰহণ আৰু মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে ধন্যবাদ জনায়।

পিএম-ডিভাইন (উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপ)ক মন্ত্ৰালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি হিচাপে অভিহিত কৰি শ্ৰী সিন্দিয়াই জনাইছে যে এই আঁচনিখন কেন্দ্ৰীয় বাজেট ২০২২-২০২৩ত ধাৰণা কৰা হৈছে। ২০২২-২০২৩ চনৰ পৰা ২০২৫-২০২৬ চনলৈকে এই আঁচনিখনৰ মুঠ ব্যয় হৈছে ৬৬০০ কোটি টকা। ২০২৫ চনৰ ৩১ অক্টোবৰলৈকে প্ৰায় ৫,৭০০ কোটি টকাৰ ৪৪টা প্ৰকল্প অনুমোদিত হৈছে। অনুমোদিত প্ৰায় ১৭৬ কোটি টকাৰ তিনিটা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু বৰ্তমান প্ৰায় ৫৫০০ কোটি টকাৰ ৪১টা প্ৰকল্প চলি আছে। ইয়াৰ উপৰিও ১১১ কোটি টকাৰ প্ৰকল্প নীতিগতভাৱে অনুমোদন জনোৱা হৈছে, ৬২৫ কোটি টকাৰ অধিক প্ৰকল্পৰ পাইপলাইনত আছে। সেয়েহে মন্ত্ৰালয়ে আঁচনিৰ ব্যয় সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ পথত আগবাঢ়িছে।

সমিতিৰ সদস্যসকলে উত্থাপন কৰা বিষয়সমূহৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাত ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰ নিৰ্দিষ্ট বিৱৰণ প্ৰদান কৰে। ত্ৰিপুৰাত পৰ্যটন খণ্ডৰ প্ৰকল্পৰ বাবে দিয়া এটা পৰামৰ্শৰ ওপৰত মন্ত্ৰীগৰাকীয়ে জনাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ প্ৰতিখনতে, ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি চিনাক্ত কৰা নিৰ্বাচিত স্থানত বিশ্বমানৰ সুবিধা থকা পৰ্যটন চাৰ্কিট গঢ়ি তোলা হ’ব। আৰম্ভণিতে মেঘালয়ৰ চোহৰা চাৰ্কিট আৰু ত্ৰিপুৰাৰ মাতাবাৰী চাৰ্কিট পাইলট ভিত্তিত লোৱা হৈছে। ইতিমধ্যে মেঘালয়-চোহৰা চাৰ্কিটৰ আধাৰশিলা স্থাপন কৰা হৈছে, আনহাতে ত্ৰিপুৰা–মাতাবাৰী চাৰ্কিটৰ অনুমোদনৰ আগতীয়া পৰ্যায়ত আছে। আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰিও পৰ্যটন চাৰ্কিট প্ৰকল্পই পৰ্যটনৰ বৃদ্ধিত সহায় কৰিবলৈ আৰু উন্নত পৰ্যটন অভিজ্ঞতাৰ বাবে উন্নতমানৰ দক্ষ জনশক্তিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ সামৰ্থ্য বিকাশৰ ওপৰত সৱল গুৰুত্ব দিব।

শ্ৰী সিন্দিয়াই আলোকপাত কৰে যে পিএম-ডিভাইন প্ৰকল্পসমূহ কঠোৰ আৰু বহুস্তৰীয় ব্যৱস্থাৰ জৰিয়তে নিৰীক্ষণ কৰা হয়। সাপ্তাহিক পৰ্যালোচনা কৰা হয় আৰু প্ৰতিটো প্ৰকল্পক আশা কৰা বনাম প্ৰকৃত সময়সীমাৰ বিপৰীতে অনুসৰণ কৰা হয়। এই পৰ্যালোচনাৰ সময়ত সময়ৰ ষ্টাম্পযুক্ত ফটোগ্ৰাফৰ জৰিয়তে ভৌতিক অগ্ৰগতিৰ মূল্যায়ন কৰা হয়। এমড’নাৰ আৰু নৰ্থ ইষ্টাৰ্ন কাউন্সিলৰ (এনইচি) বিষয়াসকলেও জবাবদিহিতা নিশ্চিত কৰিবলৈ তৃতীয় পক্ষৰ মূল্যায়ন ব্যৱস্থাৰ দ্বাৰা পৰিপূৰক হিচাপে স্থল পৰিদৰ্শন কৰে।
মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব অঞ্চলত দ্ৰুত, স্বচ্ছ, আৰু ফলাফলমুখী উন্নয়ন নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে, য’ত পিএম-ডিভাইনে আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে এক মূল অনুঘটক হিচাপে কাম কৰে।
******
PS/AA
(रिलीज़ आईडी: 2198785)
आगंतुक पटल : 6