প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বেগম খালেদা জিয়াৰ আশু আৰোগ্য কামনা কৰে
পোষ্ট কৰা হৈছে:
01 DEC 2025 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বছৰ ধৰি বাংলাদেশৰ জনজীৱনলৈ বৰঙণি আগবঢ়াই অহা বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ আৰু তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াবলৈ সাজু আছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"বহু বছৰ ধৰি বাংলাদেশৰ জনজীৱনলৈ বৰঙণি আগবঢ়াই অহা বেগম খালেদা জিয়াৰ স্বাস্থ্য সম্পৰ্কে জানিব পাৰি গভীৰভাৱে উদ্বিগ্ন হৈছো। আমি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। ভাৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াবলৈ সাজু আছে।"
***
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2198698)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam