উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে পুঁজি

प्रविष्टि तिथि: 03 DEC 2025 2:53PM by PIB Guwahati

সকলো ৰেহাই নোপোৱা মন্ত্ৰালয়/বিভাগে ১০% জিবিএছ ব্যৱস্থাপনাৰ অধীনত উত্তৰ-পূব অঞ্চলত নিজৰ বাজেট আবণ্টনৰ কমেও ১০% ব্যয় কৰাটো বাধ্যতামূলক। যোৱা পাঁচ বছৰত ৩,৭১,৭৮৯ কোটি টকা আবণ্টনৰ বিপৰীতে ৩,৯৪,৬১২ কোটি টকা (১০৬.১%) ব্যয় কৰা হৈছিল।

কেন্দ্ৰীয় বাজেট ২০২২-২৩ত ১০০% কেন্দ্ৰীয় পুঁজিৰে নতুন কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ঘোষণা কৰা উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (পিএম-ডিভাইন)ক কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২২ চনৰ ১২ অক্টোবৰত মুঠ ৬,৬০০ কোটি টকা ব্যয়ৰে ২০২২-২৩ চনৰ পৰা ২০২৫-২৬ চনলৈকে ৪ বছৰৰ বাবে অনুমোদন জনায়। আৰম্ভণিৰ পৰা আৰু ৩১.১০.২০২৫ তাৰিখলৈকে এই আঁচনিৰ অধীনত মুঠ ৫৭২৮.৭৬ কোটি টকা মূল্যৰ ৪৪টা প্ৰকল্প অনুমোদন কৰা হৈছে, যাৰ বিপৰীতে মুঠ ২১৭২.৬৪ কোটি টকাৰ পুঁজি মুকলি কৰা হৈছে।

এই তথ্য আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে দিয়ে।

 

 

******

Prashant Sharma/AA


(रिलीज़ आईडी: 2198513) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR